গেছ টাৰ্বাইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
4 নং শাৰী:
== বিদ্যুৎ উৎপাদন ==
গেছ টাৰ্বাইনে যিকোনো পৰিস্থিতিতে বিদ্যুৎ উৎপাদন কৰিব পাৰে। বিদ্যুৎ উৎপাদনত সচৰাচৰ ব্যৱহৃত জলবিদ্যুতৰ উৎপাদন বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ কম হলে বা পৰ্যাপ্ত নহ'লে জলবিদ্যুৰ উৎপাদন নহয়। সেইদৰে বন্ধ অবস্থাৰ পৰা তাপবিদ্যুৰ উৎপাদন আৰম্ভ কৰি বিদ্যুতৰ যোগান পাবলৈও কেইবা ঘন্টা লাগে। গেছ টাৰ্বাইনৰ এইবোৰ অসুবিধা নাই। আজিকালি বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত যিবোৰ জেনেৰেটৰ ছেট ব্যৱহাৰ হয়,গেছ টাৰ্বাইনো বহু পৰিমানে এনেধৰণৰ। প্ৰয়োজন হোৱা মাত্ৰকে ইয়াক চলাব পাৰি আৰু লগে লগে বিদ্যুতো পোৱা যায়; মাত্ৰ কেইছেকেণ্ড মানতে ইয়াক বন্ধ কৰাৰো সুবিধা আছে। গেছ টাৰ্বাইনৰ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ খৰচৰ কম। যিকোনো স্থানত এই বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিব পাৰি। যান্ত্ৰিক জটিলতাও কম। গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ ভালেখিনি সুবিধা আছে যদিও আমোদজনক কথাটো হ'ল ইয়াক প্ৰথমতে বিদ্যুৎ উৎপাদনৰ বাবে তৈয়াৰ কৰা হোৱা নাছিল। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে ইয়াক নিৰ্মাণ কৰিছিল উৰাজাহাজৰ ইঞ্জিনৰ বাবেহে।
১৯৩৯ চনত ছুইজাৰলেণ্ডত পৰীক্ষামূলকভাবে বিদ্যুৎ উৎপাদন
বিদ্যুৎ উৎপাদনৰ কামত ব্যৱহৃত গেছ টাৰ্বাইন দুই ধৰণৰ; 'অপেন চাইকল' আৰু 'ক্লোজড চাইকল'। প্ৰথম ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছে পোনে পোনে বায়ুমণ্ডলত মিহলি হৈ যায়। আনহাতে দ্বিতীয় ধৰণৰ টাৰ্বাইনৰ পৰা ৰ্নিগত গেছ পুনৰ ব্যৱহাৰ বাবে কামত লগোৱা হয়। যিকোনো গেছ টাৰ্বাইন বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰিচালন ব্যৱস্থা স্বয়ংক্ৰিয়। আজিকালি অধিকাংশ গেছ টাৰ্বাইন কেন্দ্ৰ সক্ৰিয় আৰু নিস্ক্ৰিয় কৰা হয় হাই স্পিড ডিজেলৰ সহায়ত। সেয়েহে প্ৰতি ইউনিট বিদ্যুৎ উৎপাদনৰ খৰচ তাপবিদ্যুত বা জলবিদ্যুত কেন্দ্ৰতকৈ অনেক বেছি হয়গৈ। তথাপি গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ সুবিধা বহুত বেছি। হঠাৎ বিদ্যুৎ বিতৰণ ব্যৱস্থাত কম্পনাংক কমি গ'লে বা কোনো কাৰণত সকলো তাপবিদ্যুত কেন্দ্ৰ বন্ধ হৈ গ'লে সেইবোৰ কাৰ্যক্ষম কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক বিদ্যুৎ তৎক্ষণাত যোগাৰ কৰিব পাৰে একমাত্ৰ গেছ টাৰ্বাইন।
|