নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
70 নং শাৰী:
১৯৮৮ আৰু ১৯৯৫ চনৰ ভিতৰত গুজৰাটৰ বিজেপি গোটক ৰাজ্যৰ শাসনাধিষ্ঠ দল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ নেপথ্যৰ কৌশল সফলভাৱে পৰিচালনা কৰা নৰেন্দ্ৰ মোদীক এজন শ্ৰেষ্ঠ ৰণকৌশলবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল{{Cn}}। এই সময়চোৱাত, [[এল কে আদৱানী]]ৰ সোমনাথৰ পৰা অযোধ্যাৰ ৰথ যাত্ৰা (এটা অতি দীৰ্ঘ পদযাত্ৰা) আৰু ভাৰতৰ দক্ষিণ প্ৰান্ত [[কন্যাকুমাৰী]]ৰ পৰা উত্তৰৰ কাশ্মীৰলৈ তেনেকুৱা আন এটা পদযাত্ৰাৰ দৰে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান সংগঠিত কৰিবলৈ মোদীক দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৯৮ চনত [[নতুন দিল্লী]]ত বিজেপিয়ে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰি ধৰা এই দুটা অতি সফল ঘটনাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছিল{{Cn}}। ১৯৯৫ চনত, তেওঁ দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয় আৰু ভাৰতৰ পাঁচখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ দায়িত্ব দিয়া হয় - যিটো এজন যুৱ নেতাৰ বাবে বিৰল সম্মান। ১৯৯৮ চনত, তেওঁ সাধাৰণ সম্পাদক (সাংগঠনিক) পদলৈ উন্নীত হয় আৰু অক্টোবৰ ২০০১লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পাছত ভাৰতৰ এখন অন্যতম সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা এই সীমিত সময়ত নৰেন্দ্ৰ মোদীক [[জম্মু আৰু কাশ্মীৰ]] আৰু [[উত্তৰ-পূৱ ভাৰত]]ৰ ৰাজ্যবোৰৰ দৰে সংবেদনশীল আৰু জটিল ৰাজ্যসহ কেবাখনো ৰাজ্যিক গোটৰ কাম-কাজ চোৱাচিতা কৰা দায়িত্ব দিয়া হৈছিল। কেবাখনো ৰাজ্যত দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্বত আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত, নৰেন্দ্ৰ মোদী দলৰ গুৰুত্বপূৰ্ণ মুখপাত্ৰ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ উপলক্ষ্যত মুখ্য ভূমিকা গ্ৰহণ কৰে। এই সময়ত, তেওঁ গোটেই বিশ্বজুৰি ব্যাপক ভ্ৰমণ কৰে আৰু কেবাখনো দেশৰ বিশিষ্ট নেতৃবৰ্গৰ সৈতে ভাৱ-বিনিময় কৰে। এই অভিজ্ঞতাই তেওঁক কেৱল আন্তৰ্জাতিক প্ৰেক্ষাপট বিকাশ কৰাতেই সহায় কৰা নাছিল, কিন্তু ভাৰতবৰ্ষক সেৱা আগবঢ়াবলৈ আৰু বন্ধুসুলভ ৰাষ্ট্ৰসমূহৰ ভিতৰত আৰ্থ-সামাজিক দিশত ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত নেতৃত্ব দিবলৈ তেওঁৰ আবেগ সুদৃঢ় কৰিছিল{{Cn}}।
 
==গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপেমুখ্যমন্ত্ৰীৰূপে==
অক্টোবৰ<ref>https://www.narendramodi.in/</ref> ২০০১ ত দলে তেওঁক গুজৰাট চৰকাৰক নেতৃত্ব দিবলৈ আমন্ত্ৰণ কৰে। মোদীৰ চৰকাৰে যেতিয়া ২০০১ চনৰ ৭ অক্টোবৰত শপত গ্ৰহণ কৰে, গুজৰাটৰ অৰ্থনীতিক জানুৱাৰী ২০০১ ৰ বিধ্বংসী [[ভূমিকম্প]]কে ধৰি কেবাটাও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিকূল প্ৰভাৱে দুৰ্বল কৰি তুলিছিল। অৱশ্যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট শ্ৰেষ্ঠ ৰণকৌশলবিদ নৰেন্দ্ৰ মোদীয়ে ইয়াৰ সঠিক মোকাবিলা কৰা সিদ্ধান্ত লয়। তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল ২০০১ চনৰ জানুৱাৰীত সংঘটিত বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপন কৰা। ভুজ এখন ধ্বংসস্তুপৰ নগৰ হৈ পৰিছিল আৰু হেজাৰ হেজাৰ মানুহ কোনো মৌলিক সা-সুবিধা অবিহনে অস্থায়ী শিবিৰত জীৱনযাপন কৰি আছিল। আজিৰ ভুজ নগৰেই হ'ল নৰেন্দ্ৰ মোদীয়ে কেনেকৈ যুগান্তকাৰী বিকাশৰ বাবে প্ৰতিকূলতাক সুযোগলৈ ৰূপান্তৰ কৰিছিল তাৰ প্ৰমাণ{{Cn}}। আনকি পুনৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ কাম চলি থকা অৱস্থাতো নৰেন্দ্ৰ মোদীৰ দৃষ্টি বৃহৎ কাম সমূহৰ প্ৰতি আঁতৰ হোৱা নাছিল। গুজৰাটে সদায় উদ্যোগিক বিকাশৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি আহিছে। নৰেন্দ্ৰ মোদীয়ে সামাজিক ক্ষেত্ৰৰ প্ৰতি সঠিকভাৱে দৃষ্টি নিৱদ্ধ কৰি সংহত আৰ্থ-সামাজিক বিকাশৰ দ্বাৰা ভাৰসাম্যহীনতা দূৰ কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ ৰাজ্যখনৰ সংহত উন্নয়নৰ বাবে পাঁচ-দফীয়া পঞ্চম্ৰুত আঁচনিৰ পোষণ কৰে। তেখেতৰ নেতৃত্বত, গুজৰাটে শিক্ষা, কৃষি, স্বাস্থ্যসেৱা, আৰু অন্য কেবাটাও খণ্ডসহ ভালেমান খণ্ডত বিস্তৃত ৰূপান্তৰ প্ৰত্যক্ষ কৰি আছে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে তেখেতে এটা নিজস্ব স্পষ্ট দৃষ্টিভংগী বিকাশ কৰিছে, নীতি পৰিচালিত সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, চৰকাৰী প্ৰশাসনিক গাঁঠনি পুনৰ্গঠন কৰিছে আৰু গুজৰাটক সফলভাৱে সমৃদ্ধিৰ পথেৰে আগুৱাই নিছে{{Cn}}। ক্ষমতা দখলৰ প্ৰথম ১০০ দিনৰ ভিতৰতেই তেওঁৰ অভিপ্ৰায় আৰু সক্ষমতা দৃষ্টিগোচৰ হৈছিল। তেওঁৰ এই দক্ষতা আৰু প্ৰশাসনিক সূক্ষ্মদৰ্শিতা, স্পষ্ট দূৰদৃষ্টি আৰু চাৰিত্ৰিক সততাই ডিচেম্বৰ ২০০২ চনৰ সাধাৰণ নিৰ্বাচনত বিপুলভাৱে তেওঁক জয়লাভ কৰাত সহায় কৰিছিল আৰু সদনৰ ১৮২খন আসনৰ ভিতৰত ১২৪খন আসনতেই বিপুলভাৱে জয়লাভ কৰি মোদী চৰকাৰ পুনৰ শাসনাধিষ্ঠ হৈছিল{{Cn}}। এই চমৎকাৰ পাৰদৰ্শিতা ২০০৭ লৈ অব্যাহত আছিল আৰু মোদীয়ে নিৰ্বাচনত পুনৰ অভিলেখ সৃষ্টি কৰি বিজেপিক জয়লাভ কৰাইছিল। নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ ২০১২ ত গুজৰাটত ৰাইজৰ সেৱাত অভিলেখ সংখ্যক ৪০০০ দিন অতিক্ৰম কৰিলে। তেখেতে একাদিক্ৰমে তিনিটা নিৰ্বাচনত জয় লাভ কৰিলে। ২০০২ আৰু ২০০৭ চনৰ (১১৭খন আসন) নিৰ্বাচনত দলক বিজয়ী কৰিবলৈ নেতৃত্ব দি মোদীয়ে গুজৰাটৰ বিধান সভা নিৰ্বাচনত ২০১২ চনত পুনৰ বিজেপিক বিজয়ী কৰে। বিজেপিয়ে ১১৫খন আসনত জয়লাভ কৰে আৰু ২০১২ চনৰ ২৬ ডিচেম্বৰৰ দিনা শ্ৰীমোদীয়ে একাদিক্ৰমে চতুৰ্থবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে{{Cn}}।