চুৰেম্‌ফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

101 নং শাৰী:
===কছাৰী ৰাজ্যলৈ কটকী===
১৭৬৫ চনৰ নৱেম্বৰত ৰাজেশ্বৰ সিংহই কছাৰী ৰজা সন্ধিকাৰীক মাতি পঠিয়াই এজন কটকী প্ৰেৰণ কৰে। সন্ধিকাৰীয়ে কটকীক দেখা কৰিবলৈ অমান্তি হয়। এই কথা শুনি ৰজাই বৰবৰুৱাৰ অধীনত এদল সৈন্য ৰহালৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত কছাৰী ৰজা ৰাজেশ্বৰ সিংহৰ ওচৰলৈ আহিবলৈ মান্তি হ'বলগাত পৰে। তেওঁৰ লগতে মানৰ আক্ৰমণৰ বাবে কছাৰী ৰাজ্যত আশ্ৰয় লৈ থকা মণিপুৰৰ ৰজা জয় সিঙো আহে।
 
===মণিপুৰ অভিযান===
মণিপুৰৰ ৰজা জয় সিঙ ওৰফে চিং-থাং খ'ম্বাই ৰাজেশ্বৰ সিংহক মানসকলক মণিপুৰৰ পৰা বিতাৰণ কৰাত সহায় কৰিবলৈ ব্যক্তিগতভাৱে অনুৰোধ কৰে। ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে আলোচনা কৰি জয় সিঙৰ সহায়ৰ বাবে ১৭৬৫ চনত হৰনাথ সেনাপতি ফুকনৰ অধীনত 'মূল' আৰু 'দেৱাল' পাইকেৰে গঠিত এদল সৈন্য [[চৰাইদেউ]]ৰ দক্ষিণে পাহাৰেদি মনিপুৰলৈ পঠিয়ায়। কিন্তু হাবিৰ গভীৰতাৰ বাবে সৈন্যসকল কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। খাদ্যৰ অভাৱ, সৰ্পদংশন আৰু নগাৰ আক্ৰমণত বহুকেইজন সৈন্যৰ মৃত্যু হোৱাত ৰজাই তেওঁলোকক উলটি আহিবলৈ নিৰেশ দিয়ে। এই বিফল মণিপুৰ অভিযানক লতা-কটা ৰণ নামেৰে জনা যায়।
<ref>Gogoi 1968, p518</ref>
 
১৭৬৮ চনৰ নৱেম্বৰত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত ১০ হাজাৰ সৈন্য ৰহাইদি জয় সিঙৰ লগত প্ৰেৰণ কৰা হয়। মিৰাপ নদীৰ পাৰত আহোম সৈন্যই শিবিৰ স্থাপন কৰে আৰু জয়সিঙে মানসকলে ৰাজপাটত বহুওৱা ৰাজবিদ্ৰোহী চিটচাইক (কেলেম্বা) উৎখাত কৰিবলৈ সৈন্যবাহিনী একগোট কৰে। ৰজা হোৱাৰ পিছত ১৭৭৩ চনত জয়সিঙে ৰাজেশ্বৰ সিংহক বহু উপহাৰ-পাতিৰ লগতে নিজৰ জীয়ৰী [[কুৰংগনয়নী]]ক ৰজালৈ কুঁ‌ৱৰী হিচাপে পঠিয়ায়। ৰাজকুঁ‌ৱৰীৰ লগত অহা ভালেকেইটা মণিপুৰী পৰিয়ালে যোৰহাটৰ পশ্চিমৰ দিচৈ নৈৰ পাৰৰ মগলৌ-খাটত থিতাপি লয়। কুৰংগনয়নীক বৰকুঁ‌ৱৰী পতাৰ পিছত ৰজাই এই লোকসকলক মনাইমাজি গাঁ‌ৱত স্থাপন কৰে।
 
==মৃত্যু==
"https://as.wikipedia.org/wiki/চুৰেম্‌ফা"ৰ পৰা অনা হৈছে