কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
বানান শুধৰণি কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
232 নং শাৰী:
 
==অন্তিম বছৰকেইটা==
ইণ্টাৰনেছনেলৰ পতনৰ পাছত প্ৰত্যক্ষ্যপ্ৰত্যক্ষ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা মাৰ্ক্স পুনৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মাৰ্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি কবক’ব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আৰ্মেনছক তেওঁৰ ফালৰ স্বত্বখিনি বিক্ৰী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মাৰ্ক্স দম্পত্তীৰ খৰচৰ বাবে যথেষ্ট আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পাৰ্ক ৰোডত এটা বৃহৎ ঘৰ ক্ৰয় কৰিলে। এই ঘৰটোৰ পৰা মাৰ্ক্সৰ ঘৰলৈ মাত্ৰ ১০ মিনিটৰ পথ আছিল। মাৰ্ক্সৰ মৃত্যৰ পাছত প্ৰায় তিনিটা দশক ধৰি এইটো ঘৰেই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আন্দোলনৰ কেন্দ্ৰস্থলী হৈ পৰিছিল।
 
প্ৰত্যক্ষ্যপ্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডৰ কামত মাৰ্ক্স ব্যস্ত হৈ পৰিব লাগিছিল। পিছে এয়া সম্ভৱ নহল।নহ’ল। অৱশ্যে সেইবুলি এইখিনি সময় তেওঁ নিষ্কৰ্মা হৈ বহি থকাও নাছিল। মাৰ্ক্সৰ দৰে ব্যক্তি এজনৰ বাবে সেয়া আছিল অসম্ভৱ। অতি সোনকালেই ডাছ কেপিটেলখন অন্যান্য ভাষাত প্ৰকাশিত হল।হ’ল। মাৰ্ক্সে নিজেই ফৰাচী অনুবাদটো ছপাখানালৈ যোৱাৰ আগতে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে (বহুতো পণ্ডিতৰ মতে, ডাছ কেপিটেলৰ ফৰাচী সংস্কৰণটোৱেই হৈছে সবাটোকৈ শ্ৰেষ্ঠ সংস্কৰণ) । ১৮৭৩ চনত জাৰ্মান ভাষাৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশিত হ’ল। ইয়াৰ বাবেও মাৰ্ক্সে প্ৰথম সংস্কৰণটোৰ কিছু সালসলনি ঘটালে। সিবিলাকৰ উপৰি - ডাছ কেপিটেলৰ তৃতীয় খণ্ডটোৰ ‘কৰ’(rent) শীৰ্ষক অধ্যায়টো লিখিবৰ বাবে মাৰ্ক্সে ৰাছিয়াৰ কৃষি প্ৰশ্ন সম্পৰ্কে বিভিন্ন গ্ৰন্থাদি পঢ়িবলৈ ললে।ল’লে। (ডাছ কেপিটেলৰ প্ৰথমটো ৰুছ সংস্কৰণ ১৮৭২ প্ৰকাশিত হল। আমোদজনকহ’ল। ভাৱেআমোদজনকভাৱে ৰাছিয়ান চেঞ্চৰ বৰ্ডে কিতাপখনৰ প্ৰকাশনত বিশেষ হকা বাধা নকৰিলে কিয়নো তেওঁলোকে ভাবিলে ‘অতি কম সংখ্যক লোকেহে কিতাপখন পঢ়িব আৰু তাতোকৈও কম সংখ্যক লোকে সেইখন বুজি পাব!’ পিছে আমূল পৰিবৰ্তন বাদীপৰিৱৰ্তনবাদী বুদ্ধিজীৱীসকলৰ মাজত কিতাপখন অতি সোনকালেই ভীষণ ভাৱেভীষণভাৱে জনপ্ৰিয় হৈ পৰিল। )
 
এংগেলছৰ মতে, ১৮৭০ চনৰ পাছত মাৰ্ক্সে অধ্যয়ন কৰা বিষয়সমূহ আছিল এনেধৰণৰ: ‘এগ্ৰ-ইকনমিক্স, কৃষি খণ্ডৰ উৎপাদন সম্বন্ধ (বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ), মুদ্ৰা বজাৰ, বেংকিং, বিভিন্ন প্ৰাকৃতিক বিজ্ঞান – বিশেষকৈ ভূতত্ত্ব আৰু প্ৰাণীতত্ত্ব। গণিত সম্পৰ্কীয় কেতবোৰ স্বাধীনচেতীয়া অধ্যয়নো এই সময়ছোৱাৰ টোকাবহীসমূহত দেখিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ বিপৰীতে ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডকেইটা প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কোনো প্ৰগতি সম্ভৱপৰ নহল।নহ’ল। দশকযোৰা কঠোৰ পৰিশ্ৰম আৰু নৰক সদৃশ জীৱন পৰিক্ৰমাই ইতিমধ্যেই শাৰীৰিকভাৱে মাৰ্ক্সক ভাঙি পেলাইছিল। বাৰম্বাৰ মূৰৰ বিষ, টোপনি নহা ইত্যাদি বিভিন্ন সৰু বৰ ৰোগে মাৰ্ক্সক একেবাৰেই নিশকতীয়া কৰি পেলালে। মাৰ্ক্সৰ জীৱনীকাৰ ডেভিদ মেকলেনানৰ ভাষাত ‘তেওঁ'তেওঁ এতিয়া মানসিক আৰু শাৰীৰিকভাৱে ভগ্নপ্ৰায়। তেওঁৰ ৰাজহুৱা জীৱনৰ ইতিমধ্যেই যৱনিকা পৰিছে।'
 
শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিলেও মাৰ্ক্সৰ মানসিক দৃঢ়তাৰ পিছে কোনো হীন-দেঢ়ি ঘটা নাছিল। আচলতে ১৮৪০ৰ দশকৰ পৰাই তেওঁৰ এই মানসিক দৃঢ়তা তথা নীতিৰ প্ৰশ্নত বজ্ৰ-কাঠিন্যতাৰ বাবে সমগ্ৰ ইউৰোপৰে বিপ্লৱী সকলেবিপ্লৱীসকলে তেওঁক সমীহ কৰি চলিছিল। ১৮৭৫ চনত জাৰ্মানীৰ কমিউনিষ্ট নেতাসকলে মাৰ্ক্সৰ এই কঠোৰতাৰ সোৱাদ পুনৰ লাভ কৰিলে যেতিয়া লাছাল আৰু লেবনেষ্ট নেতৃত্বাধীন দুয়োটা বাওঁপন্থী দলে নীতি সম্পৰ্কীয় কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একত্ৰিত হোৱাৰ সিদ্ধান্ত ললে আৰু নিজকে ‘জাৰ্মান সামাজিক গণতন্ত্ৰবাদী দল’ (German Social Democratic Party- SPD) নামেৰে নামকৰণ কৰিলে। নতুন দলটিৰ বাবে খৰখেদাকৈ এখনি কাৰ্যসূচীও তৈয়াৰ কৰা হল।হ’ল। গ’থা চহৰত গৃহীত হোৱাৰ বাবে কাৰ্যসূচী খনৰ নাম দিয়া হল- গ’থা কাৰ্যসূচী। মাৰ্ক্স এংগেলছে একেমুখে কাৰ্যসূচী খনৰ নিৰ্মম সমালোচনা কৰিলে। তেওঁলোকৰ মতে, বাস্তৱ প্ৰয়োজনত বিভিন্ন দলে একেলগে কাম কৰাটো বাঞ্ছনীয় হলেওহ’লেও একত্ৰীকৰণৰ প্ৰশ্নত কাৰ্যসূচী সম্পৰ্কীয় বিষয়বোৰ লৈ স্পষ্টতা ৰখাটো প্ৰয়োজনীয় আছিল। তদুপৰি লাছালেৰ সমাজবাদ সম্পৰ্কীয় অস্পষ্ট তত্ত্বসমূহে বিপ্লৱীসকলৰ মনত খেলিমেলি লগাব বুলিও মাৰ্ক্সে আশংকা কৰিছিল।
 
পাছলৈ The Critique of the Gotha Programme নামেৰে প্ৰকাশিত হোৱা এইখনি ৰচনাতেই মাৰ্ক্সে পুঁজিবাদৰ পৰা কমিউনিজিমলৈ কেনেদৰে সংক্ৰমণ সম্ভৱ হবহ’ব –এই সম্পৰ্কে কেতবোৰ চিন্তাকৰ্ষক আলোচনাৰো সূচনা কৰিলে। (উল্লেখনীয় যে ১৮৯১ চন পৰ্যন্ত SPDৰ দুয়োজন কমিউনিষ্ট নেতা – বেবেল আৰু লেবনেষ্টে – এই ৰচনাখনিৰ প্ৰকাশন গাপ দি ৰাখিছিল। )
বিভিন্ন প্ৰশ্ন সম্পৰ্কে জাৰ্মান সমাজবাদীসকলৰ সৈতে প্ৰায়েই মাৰ্ক্স–এংগেলছৰ মনোমালিন্য ঘটিছিল। ১৮৭৭ চনৰ আশে পাশে জাৰ্মান সমাজবাদীসকলৰ মাজত হঠাতে ইউজিন ড্যুৰিং নামৰ প্ৰফেচৰ এজনৰ কেতবোৰ তত্ত্ব জনপ্ৰিয় হৈ পৰিল। ড্যুৰিঙে ঘোষণা কৰিলে – তেওঁ সমাজবাদৰ এক শ্ৰেষ্ঠ সংস্কৰণ আৱিষ্কাৰ কৰি পেলাইছে! মহাশয়ৰ এই জাতীয় দৌৰাত্মত মাৰ্ক্স এংগেলছ অতিষ্ঠ হৈ পৰিল। ড্যুৰিঙক যোগ্য প্ৰত্যুত্তৰ দিবৰ মানসেৰে এংগেলছে লিখি উলিয়ালে Anti-Duhring শীৰ্ষক এখনি বৃহৎ গ্ৰন্থ। ১৮৭৯ চনত পুনৰ ড্যুৰিঙৰ তত্ত্বসমূহ নভবা নিচিন্তাকৈ গ্ৰহণ কৰি লোৱাৰ বাবে মাৰ্ক্স এংগেলছে বাৰ্নষ্টিনকে আদি ধৰি কেইবাজনো জাৰ্মান কমিউনিষ্ট নেতাক কঠোৰভাৱে সমালোচনা কৰিলে। এইছোৱা সময়তে অনুগামীসকলৰ এই জাতীয় নিৰ্বুদ্ধিতাত বিৰক্ত হৈ মাৰ্ক্সে ঘোষণা কৰিছিল ‘All I know is that I am no Marxist.’
 
পিছে এই জাতীয় দুই এটা ব্যতিক্ৰম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মাৰ্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি কবক’ব পাৰি। এই সময়খিনিত মাৰ্ক্সৰ চিনাকি ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে:
 
"…[মাৰ্ক্স] এংলো-জাৰ্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰচনাৰ] সৈতে পৰিচয়ে তেওঁক প্ৰদান কৰিছে এক প্ৰফুল্ল চিত্ত আৰু ৰসাল ব্যংগ ৰচনাৰ অসীম ক্ষমতা। অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে। আজি তেওঁ এজন সুখী মানুহ। "
 
১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্ৰস্তুত কৰা প্ৰশ্নাৱলী এখনৰ ‘প্ৰিয় কাম’ শীৰ্ষক প্ৰশ্ন এটাৰ উত্তৰত মাৰ্ক্সে লিখিছিল – "তেওঁ সদায়েই গ্ৰন্থকীট হবলৈহ’বলৈ ভাল পাব। " কথাষাৰ আছিল সম্পূৰ্ণ সঁচা। মাৰ্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্চৰ্যকৰ। অক্সফৰ্ড ইউনিভাৰ্চিটিৰ জাৰ্মান সাহিত্যৰ অধ্যাপক এছ এছ প্ৰয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মাৰ্ক্সৰ পৰিচয়’ সম্পৰ্কীয় এটি অধ্যয়নত অলপতে এনেদৰে লিখিছে:
 
"ধ্ৰুপদী সাহিত্য, মধ্যকালীন জাৰ্মান সাহিত্য, গ্যেটে, ডাণ্টে, বয়াৰ্ড, টাছ’, চাৰ্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মাৰ্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল। যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰচনাসমূহ- যি পৰম্পৰাগত কৰ্তৃত্বৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি এক ন্যায়সংগত ভবিষ্যতৰভৱিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মাৰ্ক্সৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সামগ্ৰিকভাৱে চাবলৈ গলেগ’লে অৱশ্যে বৰ্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্ৰতিহে তেওঁৰ চকু আছিল যেন লাগেঃলাগে৷ সমকালীন লেখকসকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰচনাসমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকৰ্ষণ কৰিছিল। "
 
গ্ৰীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্ৰিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্ৰীক ভাষাত পঢ়িছিল। মাৰ্ক্সৰ ভাষাত ‘স্পাৰ্টাকাছেই হয়তো সমগ্ৰ প্ৰাচীন ইতিহাসৰ সবাটোকৈ শ্ৰেষ্ঠ চৰিত্ৰ ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সৰ্বহাৰাৰ প্ৰকৃত প্ৰতিনিধি... তেওঁৰ তুলনাত পম্পী আবৰ্জনাসদৃশ মাথো।মাথোঁ। Grundrisseত মাৰ্ক্সে লিখিছে ‘যদিও গ্ৰীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পৰ্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্ৰদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্ৰত] সিবিলাক আজিও আমাৰ আদৰ্শ। ’(Grundrisse, পৃষ্ঠা ১১১) । বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্ৰেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মাৰ্ক্সক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। মাৰ্ক্সৰ অন্যান্য অসম্পূৰ্ণ প্ৰকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পৰ্কীয় এটি অধ্যয়ন।
 
১৮৭২ চনত সপ্ৰতিভ ডেকা সাংবাদিক চাৰ্লচ লংগেৰ সৈতে মাৰ্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হল।হ’ল। ইয়াৰ পূৰ্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হলহ’ল কমিউনিষ্ট নেতা পল লাফাৰ্গৰ সৈতে। প্ৰবাদ আছে যে, শহুৰেক হিচাপে মাৰ্ক্স যথেষ্ট কাঢ়া আছিল। বিশেষকৈ লাফাৰ্গে বিয়াৰ আগেয়ে মাৰ্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হবহ’ব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হলহ’ল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মাৰ্ক্সৰ সবাটোকৈ প্ৰিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। (‘টুছি'টুছি সাইলাখ মোৰ দৰে’দৰে' মাৰ্ক্সে এসময়ত কৈছিল। ) এলেনৰ লিচাগৈৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্ৰেমত পৰিল। ইফালে সম্পৰ্কটো লৈ মাৰ্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিচাগৈৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হল।হ’ল।
 
এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্ৰভাৱত মাৰ্ক্সেও লণ্ডনৰ প্ৰেক্ষাগৃহবোৰ ঘুৰ্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মাৰ্ক্সৰ বৰ্ণনা দিছে এনেদৰে,
 
"দৰ্শক হিচাপে মাৰ্ক্স এজন অতিশয় ফুৰ্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুৰ্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ। "
 
১৮৮১ চন:চনত স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গল।গ’ল। জীয়েক কেইজনীৰ অবিহনে মাৰ্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিলঃআহিল, পত্নী জেনী মাৰ্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মাৰ্ক্সৰ নিজৰেই ব্ৰংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,
 
''সেইছোৱা বৰ দুৰ্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মাৰ্ক্সৰ ঘৰত মতা নাম]। সমগ্ৰ জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুনৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা -ছোৱালী। কোনেও কবক’ব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্ৰসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনতযৌৱনত ভৰিহে দিছে। ..."
 
১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মাৰ্ক্সৰ মৃত্যু হল।হ’ল। এংগেলছে এলেনৰলৈ লিখিলে –‘Moor–'Moor is dead too’।too' । পৰিবেশ সলনি কৰিবৰ বাবে মাৰ্ক্সক ফুৰাবলৈ নিয়া হলহ’ল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মাৰ্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মাৰ্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গল।গ’ল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মাৰ্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুনৰ এটা দুঃসংবাদ - মাৰ্ক্সৰ মৰমৰ জীয়েক জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মাৰ্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - ‘সমগ্ৰ'সমগ্ৰ ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই।' ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গলগ’ল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মাৰ্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’
 
==তথ্য সংগ্ৰহ==