অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
90 নং শাৰী:
# অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়। সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়। যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ। একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি।
# মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়। যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো। ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়। এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে।
# কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া। এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়।{{citation needed}}
# আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়। " এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে।
# আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে। ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়।