ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
'ভাষা' শব্দটি [[সংস্কৃত]]ৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'<ref name="upendra">{{cite book|title=ভাষা-বিজ্ঞান|author=ড॰ উপেন্দ্ৰনাথ গোস্বামী|authorlink=উপেন্দ্ৰনাথ গোস্বামী|year=২০১৫|pages=১৩, ১৫}}</ref><ref name="upk">{{cite book|title=ভাষাবিজ্ঞান উপক্ৰমণিকা|author=ড॰ অপৰ্ণা কোঁৱৰ |year=২০১৫|pages=৩, ৭, ১১}}</ref> আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।<ref name="upk"/> মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।
 
==ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান ==
জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্তঃজগত আৰু বহিঃজগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। [[ধ্বনিতত্ত্ব]] আৰু [[ভাষাবিজ্ঞান]]ত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়।
 
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে