কুটিল লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: কুটিল লিপি : ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰলৈকে উত্তৰ ভাৰতত প্... টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
1 নং শাৰী:
কুটিল লিপি :
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰলৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰপৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা
ৰাখাল দাস বন্দোপাধ্যায়ৰ মতে সিদ্ধমাতৃকা বা কুটিল লিপিৰপৰাই পূৱ ভাৰতৰ সকলো লিপিৰ উদ্ভৱ হৈছে । সেইদৰে কুটিল লিপিৰপৰাই কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিৰ উৎপত্তি
অসমীয়া লিপিত কুটিল লিপিৰ প্ৰভাৱ স্পষ্ট। অসমীয়া ভাষাৰ "গ,জ,ড,ঢ,ণ,থ,দ,ব,ৰ,ল, ৱ,শ, ষ, স, হ, অ, ই, উ" আদি আখৰসমূহৰ সৈতে কুটিল লিপিৰ সাদৃশ্য দেখা যায় । তদুপৰি সংযুক্ত বৰ্ণৰ বিচাৰ কৰিলেও কুটিল লিপিৰ লগত অসমীয়া লিপিৰ এটা সু-সম্পৰ্ক ধৰা পৰে।
খ্ৰীষ্টাব্দ সপ্তম শতিকাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালৰ কামৰূপী লিপিত কুটিল লিপিৰ প্ৰভাৱ পৰিছিল । দৃষ্টান্তস্বৰূপে, নগাজৰী খনিকৰ গাঁৱত উদ্ধাৰ হোৱা শিলালিপি, [[উমাচল শিলালিপি]], ডুবি তাম্ৰশাসন, নালন্দাৰ মৃণ্ময় মোহৰ আদিৰ আখৰত কুটিল লিপিৰ প্ৰভাৱ আছে ।
|