অসীমত যাৰ হেৰাল সীমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎কাহিনীৰ সাৰাংশ: বানান, ব্যাকৰণ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
37 নং শাৰী:
 
==কাহিনীৰ সাৰাংশ==
এটা সপোনক আধাৰ কৰি “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে।( বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ধাপলিঢাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই আয়োজন। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীৰ। কৌতুহলৰকৌতূহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল। সেই আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই মানুহজাক সুখী হ’ল। গোটেইবোৰে লগ হৈ ভোজ-ভাত খালে। নিশাটো তাতে কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে। তেওঁলোক আৰু আগলৈ নাযায়। তাৰপৰা আগলৈ আৰু উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে কোনো গ’লেও সি আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই-গোঁসানীগোসাঁনী আছে। গ’লেই নিশ্চিত মৰণ। প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে নাও মেলি দিলে। প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োতেইআগবাঢ়োঁতেই নিশাৰ আন্ধাৰত কোবাল বতাহ-বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলায়গৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ’ব খোজোতেইখোজোঁতেই বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক উভতাইওভতাই লৈ যায় তেৰশ বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা।
 
তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল “কমলনগৰ” আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল “কাঞ্চনমতী”। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি এই কমলনগৰৰ আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমল-নগৰক পূবৰপৰা পশ্চিমলৈ এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ দুগুণ বসতি আছিল। কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল “বগা-দলং”। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ ভাল-বেয়া, আয়-ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমল নগৰৰ একছত্ৰী অধিপতি।
 
”ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আবাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি-আৰতি। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ মাঘবিহু উপলক্ষে খেলমাটিত হোৱা ম’হযুঁজ চাবলৈ যায়। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। শুকুলা চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ঈৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। চন্দনৰ আজন্ম লগৰী চম্পা। কমলনগৰৰ আটাইতকৈ ৰূপৱতী-গুণৱতী ছোৱালীজনী হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী চম্পা। চন্দনৰ প্ৰতি চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কে নাপায়। দিনবোৰ সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি লওঁতেই কমলনগৰক দুৰ্য্যোগে বেঢ়ি ধৰে। ৰাজধানীৰপৰা বাতৰি আহে দেশখন মহা-পৰাক্ৰমী শত্ৰুৰ কবলত পৰাৰ। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে। তাতোকৈ মৰ্মান্তিক খৰবটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰ ফালে। ৰাজধানীৰপৰা ন্যূনতমো সাহায্য পোৱাৰ আশা নাই। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলোৱে মিলি শক্তিয়ে আঁটেমানে শত্ৰুৰ স’তে যুঁজ দিয়ে। যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁজৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী কোনো বাদ নগ’ল। হাজাৰ হাজাৰ মানুহ মৰি ভুতভূত হ’ল। তথাপি ৰণত শত্ৰুৰ পৰাজয় হ’ল। কিন্তু এই ৰণে কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘূণীয়াঘুণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম। জীয়াই থাকোঁতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব।
 
==চৰিত্ৰসমূহ==