ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ডিম্বেশ্বৰ নেওগ

ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চ...

1 নং শাৰী:
ডিম্বেশ্বৰ নেওগ

ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰৰ জিলাৰ কমাৰদফীয়া গাৱঁত | তেখেত অসমীয়া সাহিত্যৰ ইতিহাসত প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ অন্যতম | তেওঁ এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল | বিচক্ষণ সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল | সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল | অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:-

Line 27 ⟶ 23:

সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় | অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন ?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল | ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল “দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে | স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ |” ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে |

{ বিষ্ণু শইকীয়া (সহায় লৈ)}