সমাজতত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন তথ্য
 
শিৰোনাম
1 নং শাৰী:
= '''সমাজতত্ত্ব''' হ'ল মানুহৰ সামাজিক আচৰণ,সমাজ,সামাজিক সমন্ধ,সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয় । ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে । সমাজতত্ত্বৰ গৱেষকসকলে প্ৰায়োগিক অৰ্থাৎ সামাজিক আঁচনি প্ৰস্তুত আৰু সামাজিক কল্যাণৰ বাবে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে তাত্বিক অধ্যয়ন কৰে । সমাজতত্ত্বৰ অধ্য়য়নৰ বিষয়বস্তু সমাজৰ সূক্ষ্ম পৰ্যায়ৰ পৰা(কৰ্তা আৰু ব্যক্তিৰ আন্তঃক্ৰিয়া) বৃহৎ পৰ্যায়লৈ(সামাজিক পদ্ধতি আৰু সামাজিক সংৰচনা) অন্তৰ্ভূক্ত । =
 
পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল সামাজিক স্তৰীকৰণ,সামাজিক শ্ৰেণী,সামাজিক গতিশীলতা, সামাজিক আন্তঃক্ৰিয়া,সামাজিক সংস্থা,সামাজিক সমূহ,সামাজিক পদ্ধতি,সামাজিক শৃংখলা,বিচ্যুতি,প্ৰতিমান,লিঙ্গ ইত্যাদি । মানুহৰ সকলো কাৰ্যকলাপেই সামাজিক সংৰচনা আৰু ব্যক্তিৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াত সংঘটিত হয় । সেয়ে সমাজতত্ত্বই ক্ৰমাগতভাৱে সমাজৰ অন্য বিষয় আৰু সংস্থাক ইয়াৰ অধ্যয়নৰ বিষয় কৰি লৈছে । উদাহৰণস্বৰূপে স্বাস্থ্য,চিকিৎসা ব্যৱস্থা,প্ৰতিৰক্ষা ব্যৱস্থা,ন্যায়ালয়,সংগীত,ইণ্টাৰনেট ইত্যাদি ।