মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
== মনোবিজ্ঞানৰ বিভিন্ন মতবাদ ==
# [[আচৰণবাদ]] (Behaviorism) : আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল [[জন বি.ৱাটচন]] আৰু [[বি. এফ. স্কীনাৰ]]। ইয়াৰোপৰি ৰাছিয়াৰ [[আইভান পাভলভ]], বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে। আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে। তেওঁ মানুহ আৰু জন্তুৰ আচৰণক এক জড়বাদী আহিলা হিচাপে মনোবিজ্ঞানৰ জগতলৈ আগবঢ়ালে৷
# [[মনোবিশ্লেষণ]] বা মনঃসমীক্ষণ: কুৰি শতিকাৰ আৰম্ভণিতেই সমগ্ৰ বিশ্বকেই জোকাৰি যোৱা এটা তত্ত্ব হ'ল মনোবিশ্লষণমনোবিশ্লেষণ বা মনঃসমীক্ষণ। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী ডাঃ [[চিগমাণ্ড ফ্ৰয়ড]]। ফ্ৰয়ডৰ উপৰিও মনোবিশ্লষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰত [[কাৰ্ল গুষ্টাভ য়ুং]], [[আলফ্ৰেড এডলাৰ]], [[এৰিক এৰিকছন]] উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতেই প্ৰভাৱ কৰি ক্ষান্ত থকা নাছিল, ই মানুহৰ মন,সমাজ,সাহিত্য,জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীতোৰ সম্পৰ্কে এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়, আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাবি থকাৰ দৰে মানুহ যুক্তিবাদী প্ৰাণীও নহয়। মানুহক প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আবেগৰ দ্বাৰাহে পৰিচালিত হয়। আৰু আটাতকৈ ডাঙৰ কথাটো হ'ল মানুহ দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ চাব জানিলেও মানুহ কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে। মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল। মানুহৰ মন সম্পৰ্কে আৱিষ্কৃত এই অপ্ৰিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি লবলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পৰ্কে উৎসুক নৱপ্ৰজন্মক উল্লসিতও কৰিছিল। যদিও মনোবিশ্লেষণবাদ প্ৰয়োগিক ক্ষেত্ৰত সফল আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক সীমাবদ্ধতা আহিমনোবিশ্লেষণ পৰে। এক কথাত কবলৈক'বলৈ গ'লে গলে
# মনোবিশ্লেষণ বা ফ্ৰৰেডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দাৰ্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়,মনৰ অস্বাভাৱিক ভাব-অনুভূতিৰ বিশ্লষণ,সপোন বিশ্লষণ,নাৰী আৰু শিশু মনৰ বিশ্লষণৰ ক্ষেত্ৰত ফ্ৰয়ডীয় মনোবিশ্লষণ আজিও প্ৰভাবশালী আৰু অপ্ৰতিদ্বন্দ্বী।
 
== মনোবিজ্ঞানৰ সাম্প্ৰতিক ধাৰা ==