চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
37 নং শাৰী:
১৯৫০-ৰ দশকৰ প্ৰথম ভাগত আমেৰিকাত প্ৰথম ক'লা-বগা দূৰদৰ্শনৰ প্ৰচলন ঘটে। দূৰদৰ্শনে চলচ্চিত্ৰৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰৈ। তেতিয়াই ক'লা-বগা দূৰদৰ্শনৰ বিপৰীতে ৰঙীন ছবি নিৰ্মাণ কৰি চলচ্চিত্ৰক আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰা হয়। সেই সময়ৰেপৰা ৰঙীন ছবিৰ নিৰ্মাণ বৃদ্ধি পায়। ১৯৬০-ৰ দশকত ৰঙীন টিভিৰ প্ৰসাৰ ঘটে। তেতিয়াৰে পৰা ক'লা-বগা ছবিৰ নিৰ্মাণ আমেৰিকাত বন্ধ হোৱাৰ নিচিনাই হৈ পৰে। ভাৰতীয় আৰু বিশেষকৈ অসমীয়া ভাষাৰ ছবি ১৯৭০-ৰ দশকলৈ ক'লা-বগা আছিল। ইয়াৰ বাবে অৱশ্যে খৰচৰ কথাটোহে মুখ্য আছিল।
 
প্ৰথম সময়ৰ (১৯৬০ চনলৈ) চলচ্চিত্ৰ নিৰ্মাণৰ মূল কেন্দ্ৰ আছিল ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'বিলাকে মাহিলী দৰমহা দি শিল্পী, কলা-কুশলী ৰাখিছিল, আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ৬০-ৰ দশকৰপৰা এই ব্যৱস্থা উঠি গৈ এখন ছবিৰ বাবে মাননি ভিত্তিত শিল্পী, কলা-কুশলী সংগঠিত কৰা আৰম্ভ কৰা হয়। এই প্ৰচেষ্টাত পৰিচালকে নিজা খেয়াল-খুচী মতে ছবি নিৰ্মাণৰ সুবিধা পায়। সেয়ে এই কালতে পাৰম্পৰিক ধাৰাৰ ছবিৰ বাহিৰে 'নতুন ধাৰা' (New Wave), '[[সমান্তৰাল চলচ্চিত্ৰ]]' (Parallel Cinema) আদি বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰে।
 
১৯৯০-ৰ দশকত চলচ্চিত্ৰ নিৰ্মাণত ডিজিটেল প্ৰযুক্তিৰ প্ৰবেশ ঘটে। এই সময়চোৱাৰপৰা চলচ্চিত্ৰ নিৰ্মাণ কাৰীকৰি কলা-কৌশল বিশেষ ভাৱে সলনি হয়।
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে