সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
59 নং শাৰী:
 
২৭. জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ? (নিমখ)
 
২৮. পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ)
 
২৯. তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা)
 
৩০. ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন (বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি)
 
৩১. এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে? (ওকণি)
 
৩২. গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ)
 
৩৩. আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ? (দুৱাৰডলি)
 
৩৪. ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা)
 
৩৫. ২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ? (তামোল-পান)
 
৩৬. ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)
 
৩৭. কৈ মৰিল কোন নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক))
 
৩৮. উপি উপি বাটত আছে চুপি (জোক)
 
৩৯. ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি (চোতাল)
 
৪০. পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ/টেকেলী )
 
৪১. কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে (দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত))
 
৪২. খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল (নাৰিকল)
 
৪৩. য'লৈ যোৱা মোক লগত লৈ যোৱা (ছাঁ/ছাঁয়া)
 
৪৪. নদী আছে পানী নাই, চহৰ আছে মানুহ নাই (মানচিত্ৰ)
 
৪৫. ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ (আঁঠুৱা)
 
৪৬. ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
 
৪৭. লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)
 
৪৮. গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি)
 
৪৯. আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)
 
৫০. ইলিলিত্‍ চৰাইটোৱে বিলিলিত্‍ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল)
 
৫১. জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী
ৰাম অৱতাৰে ৰাৱণ বধে , সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে