==ইতিহাস==
কৃষকসভা আন্দোলনৰ প্ৰথম আৰম্ভণি হয় বিহাৰত, সহজানন্দ সৰস্বতীৰ নেতৃত্বত। তেওঁ কৃষকসকলৰ ভূ-সম্পত্তিৰ অধিকাৰত জমিদাৰসকলৰ হস্তক্ষেপৰ বিৰূদ্ধে কৃষকসকলৰ অভিযোগ তুলি ধৰাৰ লক্ষ্যৰে ১৯২৯ চনত বিহাৰ প্ৰাদেশিক কৃষক সভা (বি পি কে এচ) গঠন কৰিছিল। এনেকৈয়ে ভাৰতত কৃষক আন্দোলনৰ সূত্ৰপাত ঘটিছিল।<ref>{{cite book|author=Bandyopādhyāya, Śekhara|year=২০০৪|title=Plassey to Partition: A History of Modern India। Orient Longman|page=523 at p 406|isbn=978-81-250-2596-2}}</ref>[২]<ref name=pea>''Peasant Struggles in India'', by Akshayakumar Ramanlal Desai. Published by Oxford University Press, 1979. ''Page 349''.</ref>
লাহে লাহে কৃষক আন্দোলন তীব্ৰ হৈ উঠে আৰু সমগ্ৰ ভাৰততে বিয়পি পৰে। তেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টি নিষিদ্ধ থকাত; ১৯৩৪ চনত কংগ্ৰেছ চ’চিয়েলিষ্ট পাৰ্টি (চি এচ পি) গঠনে কমিউনিষ্টসকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত একলগ হৈ কাম কৰাত সহায় কৰিছিল।<ref>''Peasants in India's Non-violent Revolution: Practice and Theory'', by [৩[Mridula Mukherjee]]. Published by SAGE, 2004. {{ISBN|0-7619-9686-9}}. ''Page 136''.</ref> তাৰবাবে ১৯৩৩ চনৰ এপ্ৰিল মাহত দক্ষিণ ভাৰতীয় কৃষক আৰু কৃষিশ্ৰমিক ফেডাৰেচনৰ যথাক্ৰমে সম্পাদক আৰু যুগ্ম-সম্পাদক এন.জি. ৰাঙ্গা আৰু ই.এম.এচ. নাম্বুদিৰিপাদ প্ৰমুখে কৃষক নেতৃবৃন্দই এক সৰ্বভাৰতীয় কৃষক সংস্থা গঠনৰ পৰামৰ্শ দিছিল।<ref [৪]name=ma/> এই পৰামৰ্শ অনুসৰিয়েই ১৯৩৬ চনৰ ১১ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিবেশনত সৰ্বভাৰতীয় কৃষক সভা (এ আই কে এচ) গঠনৰ ঘোষণা কৰা হয়। সৰস্বতী সংস্থাটোৰ প্ৰথম প্ৰেচিডেণ্ট হিচাবে নিৰ্বাচিত হয়। <ref>{{cite book | first = Śekhara | last = Bandyopādhyāya | title = From Plassey to Partition: A History of Modern India | publisher = [৫[Orient Longman]] | year = 2004 | isbn = 978-81-250-2596-2 | pages = 523 (at p 407) }}</ref> ইয়াৰ উপৰিও দলটোত ৰাঙ্গা, নাম্বুদিৰিপাদ, কাৰ্যনন্দ শৰ্মা, যমুনা কাৰ্যে, যদুনন্দন শৰ্মা,ৰাহুল সাংকৃত্যায়ন, পি সুন্দৰায্য, ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ণ, আচাৰ্য নৰেন্দ্ৰ দেব আৰু বঙ্কিম মুখাৰ্জীৰ দৰে নেতাসকলেও যোগদান কৰিছিল। ১৯৩৬ চনৰ আগষ্টত প্ৰকাশিত কৃষক সভাৰ ইস্তেহাৰত জমিদাৰী ব্যৱস্থা বিলুপ্তকৰণ আৰু গ্ৰামীণ ঋণ বাতিলৰ দাবী তোলা হয়। ১৯৩৭ চনৰ অক্তোবৰত দলটোৱে ৰঙা পতাকাক তেওঁলোকৰ দলীয় পতাকা হিচাবে গ্ৰহণ কৰে।<ref [৪]name=ma/> তথাপিও কিছু দিনৰ পাছতেই দলৰ নেতাসকলৰ লগত কংগ্ৰেছৰ দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে আৰু বিহাৰ তথা যুক্ত প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ লগত তেওঁলোকে বাৰে বাৰে দ্বন্দ্বৰ সম্মুখীন হয়।<ref [৪][৬]name=ma/><ref name=sta/>
১৯৩৬ চনতে বাংলাত বঙ্গীয় প্ৰাদেশিক কৃষক সভা গঠন কৰা হয়। মূলতঃ এ.কে ফজলুল হকে ইয়াৰ কৃষক প্ৰজা পাৰ্টিৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই সংগঠনটো গঢ়ি তোলা হয়। কৃষক সভাৰ প্ৰথম বঙ্গীয় প্ৰাদেশিক কৃষক সম্মিলন ১৯৩৬ চনৰ ১৬-১৭ আগষ্টত অনুষ্ঠিত হয়। এই দলৰ মূল কৰ্মীসকল আছিল আইন অমান্য, আন্দোলন তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে গ্ৰেপ্তাৰবৰণ কৰা প্ৰাক্তন দণ্ডিত অপৰাধী তথা আটকাধীন ব্যক্তিবৰ্গ। তথাপিও তেওঁলোকে সাধাৰণ কৃষকসকলৰ মাজত অধিকাৰবোধ জাগ্ৰত কৰি তোলাত সক্ষম হয়। ইয়াৰোপৰি, ১৯৪০ চনত বাংলাত আলোড়ন সৃষ্টিকাৰী নানকাৰ, টঙ্ক, তেভাগা প্ৰভৃতি স্থানীয় আন্দোলনসমূহো এই সংস্থাৰ কৰ্মীসকলৰ দ্বাৰাই পৰিকল্পিত আৰু পৰিচালিত হৈছিল।<ref>{{cite [৭]web|url=http://bn.banglapedia.org/index.php?title=%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%BF%E0%A6%95_%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%95_%E0%A6%B8%E0%A6%AD%E0%A6%BE|title=বঙ্গীয় প্রাদেশিক কৃষক সভা - বাংলাপিডিয়া|website=bn.banglapedia.org}}</ref>
পৰবৰ্তী বছৰসমূহত, সংগঠনটোত ক্ৰমবৰ্ধমানভাবে সমাজতান্ত্ৰিক আৰু কমিউনিষ্টৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰে। ১৯৩৮ চনৰ ফালে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সভাপতিত্বত কংগ্ৰেছৰ হৰিপুৰা অধিবেশনতত এই দ্বন্দ্বই বিৰাত আকাৰ ধাৰণ কৰিছিল।<ref [৪]name=ma/> ইয়াৰ পাছত ১৯৪২ চনৰ মে মাহত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (যিয়ে পৰবৰ্তী সময়ত ১৯৪২ চনৰ জুলাই মাহত চৰকাৰী অনুমোদন লাভ কৰে[৮]) সৰ্বভাৰতীয় কৃষক সভা অধিগ্ৰহণ কৰিছিল। এই অধিগ্ৰহণত বঙ্গীয় প্ৰাদেশিক কৃষক সভাও অন্তৰ্ভুক্ত আছিল যাৰ ফলত তাত দলৰ সদস্যসংখ্যাও যথেষ্ট বৃদ্ধি পাইছিল। [৬] এই দলে কমিউনিষ্ট পাৰ্টিৰ গণযুদ্ধৰ সিদ্ধান্ত লৈছিল আৰু ১৯৪২ চনৰ আগষ্টত আৰম্ভ হোৱা ভাৰত এৰা আন্দোলনৰপৰা দূৰত্ব বজাই ৰাখিছিল। ইয়াৰ ফলত, দলটোৱে জনপ্ৰিয়তা হেৰুৱায়। আনকি, দলৰ অনেক সদস্যও দলীয় আদেশ অমান্য কৰি এই আন্দোলনত যোগদান কৰে। ৰাঙ্গা, ইন্দুলাল ইয়াজনিক তথা সৰস্বতীৰ দৰে বিশিষ্ট সদস্যসকলেও খুব সোনকালেই সংগঠন ত্যাগ কৰে। যাৰ ফলত ব্ৰিটিছপন্থী আৰু যুদ্ধ সমৰ্থকৰ অবিহনে কৃষকসকলৰ কাষ পোৱাত অথবা তেওঁলোকৰ জাতীয়তাবাদী এজেণ্ডা তুলি ধৰাত অসুবিধা হৈছিল। ব্ৰিটিছ ৰাজেও সকলোসময়ত ভাবিছিল যে কমিউনিষ্টসকলে তেওঁলোকক জাতীয়তাবাদী আন্দোলনৰ বিৰুদ্ধে হোৱা যুঁজত সহায় কৰিব। [৯]
১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি দুই ভাগত বিভক্ত হৈ পৰে। ফলত, সৰ্বভাৰতীয় কৃষক সভাও দুটা অংশত বিভাজিত হৈ যায় আৰু এই দুই অংশই কমিউনিষ্ট পাৰ্টিৰ দুই অংশৰ লগত যোগ দিয়ে।
==তথ্য সংগ্ৰহ==
{{Reflist}}
2. ↑ ঝাঁপ দাও:ক খ Peasant Struggles in India, by Akshayakumar Ramanlal Desai. Published by Oxford University Press, 1979. Page 349.
3. ↑ Peasants in India's Non-violent Revolution: Practice and Theory, by Mridula Mukherjee. Published by SAGE, 2004. আই এচ বি এন ০-৭৬১৯-৯৬৮৬-৯. Page 136.
4. ↑ ঝাঁপ দাও:ক খ গ ঘ Mahatma Gandhi, by Sankar Ghose. Published by Allied Publishers, 1991. আই এচ বি এন ৮১-৭০২৩-২০৫-৮. Page 262.
5. ↑ Bandyopādhyāya, Śekhara (২০০৪)। From Plassey to Partition: A History of Modern India। Orient Longman। পৃষ্ঠা 523 (at p 407)। আই এচ বি এন 978-81-250-2596-2।
6. ↑ ঝাঁপ দাও:ক খ States, Parties, and Social Movements, by Jack A. Goldstone. Cambridge University Press, 2003. আই এচ বি এন ০-৫২১-০১৬৯৯-১. Page 192.
7.
8. ↑ "বঙ্গীয় প্ৰাদেশিক কৃষক সভা - বাংলাপিডিয়া।" bn.banglapedia.org। সংগ্ৰহৰ তাৰিখ ২০২০-০৪-১২।
9. ↑ Caste, Protest and Identity in Colonial India: The Namasudras of Bengal, 1872-1947, by Shekhar Bandyopadhyaya. Routledge, 1997. আই এচ বি এন ০-৭০০৭-০৬২৬-৭. Page 233.
10. ↑ Peasants in India's Non-violent Revolution: Practice and Theory, by Mridula Mukherjee. Published by SAGE, 2004. আই এচ বি এন ০-৭৬১৯-৯৬৮৬-৯. Page 347.
|