আহোম ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
→‎ফী-দাম (পূৰ্বপুৰুষ পূজা): উক্ত সম্পাদিত অংশটো একত্ৰিকৰণৰ অনুৰোধমৰ্মে “ত্তাই আহোমসকলৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা” নামৰ মূল প্ৰবন্ধটোৰ পৰা তুলি অনা হৈছে৷ (বানান শুধৰণি কৰা হ’ল৷) “ফী-দাম (পূৰ্বপুৰুষ পূজা)” অংশটো বঙালী ভাষাত লিখাৰ বাবে <!-- --> কমেণ্ট বক্সৰ ভিতৰত ৰখা হ’ল৷
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
6 নং শাৰী:
আহোম ধৰ্ম প্ৰাথমিকভাবে ফি আৰু দাম(পূৰ্বপুৰুষ আত্মা) নামৰ দেবতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভবত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও ,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও)প্ৰসাদ ৰূপে দিয়া অন্যান্য টাই সকলৰ ধৰ্মটো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেউশাল হ'-ফী বা চেং ৰৌন নামে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যঠেষ্ট হ'-ফী নিৰ্মিত হৈছে।
 
== ফী-দাম (পূৰ্বপুৰুষ পূজা) ==
<!-- ফী-দাম (দাম:পূৰ্বপুৰুষ ফী: দেবতা) পূৰ্বপুৰুষৰ উপাসনা কৰা হয়।এটাহয়। এটা পৰিয়ালৰ মাজত ইয়াক ফি দাম বা পি মে দাম বোলে আৰু ৰাজহুৱা ভাৱেৰাজহুৱাভাৱে ইয়াক মে দাম মে ফি বোলে ।বোলে। আহম সমাজে মৃতৰা একটি বাঁধ হয়ে যায় (আক্ষৰিক, 'মৃতদেৰ আত্মা') । তাৰা ভয় (ভয়, আশ্চৰ্য, আৰু শ্ৰদ্ধা) অনুষ্ঠিত হয়; উপাসনা আৰু সুৰক্ষা জন্য propitiated। চতুৰ্দশ প্ৰজন্মেৰ পৰ একটি বাঁধ একটি দেবতা (ফী) হয়ে ওঠে আৰু সমগ্ৰ সম্প্ৰদায়েৰ দ্বাৰা উপাসনা কৰা হয়। প্ৰজন্মেৰ (তিনটি সৰ্বোচ্চ জীবিত প্ৰজন্মেৰ সংখ্যাৰ সাথে) আৰু মৃত্যুৰ পৰিস্থিতি অনুসাৰে তিনটি ড্যাম গ্ৰেড হয় আৰু তাৰা এক গ্ৰেড থেকে পৰবৰ্তী পৰ্যন্ত অগ্ৰগতি লাভ কৰে।
 
===ঘৰ বাঁধ===
17 নং শাৰী:
 
===চাও ফী বাঁধ===
এটি ডামসেৰ জন্য চূড়ান্ত পৰ্যায়ে আৰু এই পৰ্যায়ে, (14 তম ও ঊৰ্ধ্ব) ডামস (ফী) হয়ে ওঠে আৰু সমগ্ৰ সম্প্ৰদায়েৰ মূল পূৰ্বপুৰুষদেৰ সঙ্গে একত্ৰিত হয় বলে মনে হয় চও ফী বাঁধ। দাশেৰ এই শ্ৰেণিতে দুজন মন্দ দেবতা ৰায় খিন আৰু বা খ খিন খুব অন্তৰ্গত, কিন্তু তাদেৰ নিম্ন স্তৰেৰ সাথে আলাদাভাবে পূজা কৰা হয়। চতুৰ্দশ প্ৰজন্মেৰ জোকোৰুয়া ড্যাম খিন হন আৰু এই দুই দেবদেবীৰ সাথে যোগ দেন। -->
 
== ত্তাই আহোমসকলৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা ==
আহোমসকলে নিজৰ পালনীয় নীতি-নিয়মসমূহক কোন ধৰ্মৰ নামৰ অন্তৰ্ভুক্ত কৰিব ইয়াৰ উত্তৰ পোনপটীয়াকৈ দিয়াটো সহজ নহয়। মূলতঃ আহোমসকল বাস্তৱবাদী মানুহ। বৰ্তমানৰ মনুষ্য জনমৰ আগতে কিবা জীৱ হৈ জন্ম লৈছিল বা মৃত্যুৰ পাছতো কিবা জীৱ-জন্তুৰ ৰূপ লৈ জন্ম লোৱা কথাটো আহোমসকলে বিশ্বাস নকৰে। সেয়ে এজন ব্যক্তিৰ মৃত্যুৰ পাছত “মৈডাম দিয়া বা শৱদাহ কৰা” যি পদ্ধতিৰে সৎকাৰ নকৰক কিয় তিলনী-দহা-কাজকৰ্ম কৰাৰ পাছত ছমহীয়া-বছেৰেকীয়া আদি অনুষ্ঠান অনুষ্ঠিত কৰে। যদিহে মৃতজনৰ আত্মাই পুনৰ ক’ৰবাত আন জীৱৰ জন্ম ল’লেই তেন্তে এই ছমহীয়া-বছেৰেকীয়াৰ লগতে বছৰে বছৰে “মৃতকক দিয়া” অনুষ্ঠান পতাৰ একো অৰ্থই নাই। বহুতে ভাবে কেৱল মৈডাম সমাধিষ্ঠ কৰি “ডাম-ফি” কৰাসকলহে আহোমৰ মূলসূঁতিত আছে। আঁচলতে সেইয়া সঁচা নহয়। ধৰ্মান্তৰিত হৈ আহোমৰ নীতি-নিয়ম এৰিলোঁ বুলি কোৱা সকলেও কোনোজনে নিজৰ মৃত পিতৃ-মাতৃৰ মৃত্যুক সোঁৱৰণ কৰি নিয়মবিহীনভাৱেই যদি  একাপ চাহ খোৱা অনুষ্ঠানো পাতে তাৰপৰাই তেওঁ যে সম্পূৰ্ণভাৱে আহোমত্ব ত্যাগ কৰা নাই সেইয়া বুজিব পাৰি।
 
আহোমসকলে বছেৰেকৰ উৎসৱ-পাৰ্বনসমূহত নিজৰ মৃত পিতৃ-মাতৃ তথা দৌতিয়েকৰ পৰা ঢুকি পোৱা পৰ্যন্ত ওপৰলৈকে মৃতকসকলৰ উদ্দেশ্যে নিজৰ মূল ৰান্ধনীঘৰত ঘৰুৱা উৎপাদিত নিৰ্দিষ্ট উপাচাৰসহ উৎসৰ্গা আগবঢ়ায়। কাৰণ, তেওঁলোকে মনুষ্য শৰীৰ ত্যাগ কৰিলে যদিও শৰীৰবিহীনভাৱেই ঘাই-ৰান্ধনীঘৰৰ নিৰ্দিষ্ট স্থানত বা ডামখুটাত ৰৈ থাকি ঘৰখনৰ জীৱিতসকলে দেখা নোপোৱা অপায়-অমঙ্গলবোৰৰ পৰা ৰক্ষা কৰি থাকে বুলি বিশ্বাস কৰে। যদি তেওঁলোকে তেনেদৰে ঘৰখনৰ ৰক্ষাকৰ্তাৰ ভূমিকা লৈয়েই থাকে তেন্তে আন জীৱৰ জন্ম লোৱা কথাটোত ভিত্তি নাথাকে, ৰহস্য ভেদ কৰিব নোৱাৰা  সত্যটো যিয়েই নহওক, মৃতকসকলৰ অস্তিত্ব আহোমসকলৰ বাবে সদায় গুৰুত্বপূৰ্ণ আৰু দেৱতা বুলিও জ্ঞান কৰা হয়। এইক্ষেত্ৰত  বহুজনে কেতিয়াবা এনে মন্তব্যও আগবঢ়ায়  যে মৰি দেও-ভূত হোৱা মানুহৰ নামত বৰ্তমান সময়ত এইবোৰ অন্ধবিশ্বাস মানি থকাৰ অৰ্থ নাই। আহোমসকলৰ সমাজৰ বাবে অৱদান আগবঢ়োৱা নিৰ্দিষ্ট ব্যক্তিসকলৰ তিৰোভাৱ তিথি বুলি একো একোটা দিন কেলেণ্ডাৰত থাকে, বহুতে সেই তিথিসমূহ পালনো কৰে। আহোম বুলি পৰিচয় দিবলৈ তাতে এটা ধনাত্মক কথা আহি পৰে যে সমাজখনলৈ অৱদান আগবঢ়োৱাজন গোটেই সমাজৰ বাবেই পূজ্য। সেয়ে তেওঁৰ জন্মতিথি-মৃত্যুতিথি সমাজখনে লগলাগি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে। তাত অন্ধবিশ্বাসৰ কথা আহি নপৰে। কিন্তু প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃয়ে সমাজৰ বাবে অৱদান  আগবঢ়াব নোৱাৰিবও পাৰে, সেয়ে প্ৰতিজন মৃত ব্যক্তি সমাজৰ পূজ্য নহ’বও পাৰে। কিন্তু  প্ৰতিজন ব্যক্তিৰে পিতৃ-মাতৃ জীৱিত অৱস্থাতে হওক বা মৃত্যুৰ পাছতে হওক সন্তানৰ বাবে সদায় পূজ্য। সমাজখনৰ বাবে অৱদান আগবঢ়াব নোৱাৰিলেও তেওঁলোকে সন্তানক সমাজখনৰ লগত পৰিচয় কৰি দিয়াৰ বাবেই সন্তানসকল তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ নিৰ্দিষ্ট দিন-বাৰ, উৎসৱ-অনুষ্ঠানত তেওঁলোকক সোঁৱৰণ কৰে। এই সোঁৱৰণী অনুষ্ঠানটোক 'ডাম-ফি' পতা বুলি কোৱা হয় আৰু ইয়াত কুকুৰাকে ধৰি ঘৰুৱা উৎপাদিত নিৰ্দিষ্ট উৎসৰ্গিত দ্ৰব্য থাকে। ধৰা-বন্ধা এই দ্ৰব্যসমূহৰ ভিতৰত জীৱ হত্যা কৰি মৃতকক সোঁৱৰণ কৰা নিয়ম আছে। অৱশ্যে, যিদৰে মন যায় সেইদৰেই সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। ফুল এপাহ দি নাইবা ধূপ-চাকি জ্বলাই নাইবা চাহ-মিঠাই নহ'লে বুট-মগু-নাৰিকল-কুহিয়াঁৰেৰে নাম-গুণ গাই পিতৃ-মাতৃৰ সোঁৱৰণত এখন গহীন আলোচনাচক্ৰ অনুষ্ঠিত কৰিও  'ডাম-ফি' পালন কৰিব পাৰে। সকলোৰে যে  যে 'ডাম-ফি' পালন পদ্ধতি একে হ'ব তাত কোনো বাধ্যবাধকতা নাই।
 
আহোমসকলে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক  শক্তিক বিশ্বাস কৰে যিটোক “আল্লা, গড্, ঈশ্বৰ” যি বুলিয়েই কোৱা নহওক কিয়  তেওঁলোকে কেতিয়াবা সেই শক্তিক বিশ্বাস কৰে আৰু কেতিয়াবা নকৰিবলৈয়ো বিচাৰে। মানুহৰ আয়ত্বৰ বাহিৰত থকা সেই নেদেখা মহান প্ৰাকৃতিক শক্তিকে আহোমসকলে 'ফুৰা' বুলি কয়। গছ-লতা, পাহাৰ-সমতল, সূৰ্য-চন্দ্ৰ, গ্ৰহ-উপগ্ৰহ, পৃথিৱীকে আদি কৰি জীৱ-জড় আদি সকলো ফুৰাৰে সৃষ্টি বুলি আহোমসকলে বিশ্বাস কৰে। সেয়ে কেতিয়াবা নিৰ্দিষ্ট  দিনত  অনুষ্ঠান পাতি  মহান 'ফুৰা'জনক উদ্দেশ্যি  অৰ্চনা-বন্দনা কৰা হয়। অৱশ্যে আহোমৰ মাজত মূৰ্ত্তি পূজা-উপাসনাৰ প্ৰচলন দেখা নাযায়।জীৱিতজনৰ পৰা মৃতজনলৈকে আৰু সমাজ-প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱা বা কৰ্তব্য পালন কৰা যি নিয়ম সেই নিয়মসমূহক পূৰ্বতে এটা নিৰ্দিষ্ট নামেৰে নামকৰণ কৰা হোৱা নাছিল। কিন্তু ৰজাঘৰীয়াৰ আদৰ্শৰে প্ৰজায়ো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ওপৰিও বৈষ্ণৱ আদৰ্শ গ্ৰহণ কৰাৰ ফলত সমাজখনত যি ধৰ্মীয় বিশৃংখলতাই দেখা দিলে সেইয়া লক্ষ্য কৰি ১৯৭৩চনত “সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন” আৰু আহোম সমাজৰ শুভচিন্তক বুদ্ধিজীৱীৰ আলোচনামৰ্মে আহোম মানুহে পালন কৰা পৰম্পৰাসমূহক 'ফুৰালুঙ' বুলি নামকৰণ কৰা হ’ল। যদিও ফুৰাৰ অস্তিত্বক মানি লৈ এই 'ফুৰালুঙ' নামকৰণ কৰা হ’ল, শেহতীয়াকৈ  অধ্যয়ণশীল বহুজনে মত প্ৰকাশ কৰা দেখা গৈছে যে ফুৰাৰ অস্তিত্বৰ বাহিৰে আহোমৰ বাকী পৰম্পৰাসমূহ 'তাও' দৰ্শনৰ অন্তৰ্গত হোৱা বাবে কিছুমানে এইধৰ্মটোৰ নাম 'তাও' বুলি ক'ব বিচাৰে। ইয়াৰ উপৰিও বৰ্তমান সময়ত বহুতে বিশ্বৰ অন্য ত্তাইসকলৰ সৈতে একত্ৰিত হোৱাৰ স্বাৰ্থত আহোমৰ ধৰ্মটো 'বৌদ্ধ' বুলিও ক’ব খোজে। অৱশ্য এইক্ষেত্ৰত এতিয়ালৈকে কোনো সুদোত্তৰ নাই৷<ref>সম্পাদনা: প্ৰজ্ঞা গগৈ.মে-ডাম-মে-ফী ৰ স্মৃতিগ্ৰন্থ-লেখা ধৰিত্ৰী গগৈ</ref>
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/আহোম_ধৰ্ম"ৰ পৰা অনা হৈছে