ৰামচৰণ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
27 নং শাৰী:
}}
ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল।
 
পুত্ৰ : দৈতাৰী ঠাকুৰ
== জীৱন কথা ==
মাজুলীৰ হোকোৰাকুছিৰ গয়পাণি কায়স্থই মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি ৰামদাস নাম পায়। এওঁ মাধৱদেৱৰ ভনীয়েক উৰ্বশীক বিয়া কৰাইছিল। কথা-গুৰু-চৰিতৰ তথ্য মতে উৰ্বশীৰ নটা সন্তান উপজি নষ্ট হোৱাৰ পিছত ৰামচৰণৰ জন্ম হয়। ৰামচৰণৰ এমাহ হোৱাৰ পিছতে ভগ্নী উৰ্বশীয়ে ৰামচৰণক মাধবদেৱৰ আগত আনি দিয়ে। ইয়াৰ কাৰণ ৰামদাসৰ উপৰিপুৰুষ হেকোৰাকুছিৰ ব্ৰাহ্মণৰ বৰুৱা বাবত আছিল। তেতিয়াই কিবা কথাত লাগি কোনো বাহ্মণে গোত্ৰসহ সাতপুৰুষলৈ বংশচ্ছেদ হওক বুলি শপিছিল। আগতে যি হ'ল তাক পাহৰি বৰ্তমানত ওপজা শিশুটিৰ মংগল চিন্তি মাধৱৰ আগত দিয়ে। মাধৱপুৰুষে নিজৰ গোত্ৰ ভাগিনিয়েকক দি ভনীয়েকক সুন্দৰীদিয়াত বাস কৰিবলৈ দিয়ে আৰু ৰামদাস তেতিয়াৰেপৰা পাটবাউসীত বাস কৰিবলৈ লয়। এওঁক মাধৱদেৱে লালন-পালন কৰা দেখি সকলোৱে “ঠাকুৰ' বুলি সম্বোধন কৰিবলৈ ধৰে।<ref name="2">{{cite book | date=ডিচেম্বৰ ২০১৬ | first1=মুকুল | last1=চক্ৰৱৰ্তী, | title=গুৰু চৰিত আৰু শ্ৰী শ্ৰীচৈতন্যচৰিতামৃত তুলনামূলক অধ্যয়ন | publisher=নৰ-বীণা প্ৰকাশ | edition=প্ৰথম সংস্কৰণ | location=গুৱাহাটী | pages=২৬ | isbn=৯৭৮-৮১-৯১০৮১৫-৭-২}}</ref> ৰামচৰণে সৰুৰে পৰা মোমায়েক মাধৱদেৱৰ সৈতে একেলগে থাকি কাব্য, ব্যাকৰণ আৰু কায়স্থিকা-বৃত্তি পঢ়া-শুনা কৰি কৰিছিল। মাধৱদেৱ সুন্দৰীদিয়াত থাকোঁতে ভাগিনীয়েকক সংস্কৃত ভক্তি-ৰত্নাকৰ আৰু ভক্তি-ৰত্নাৱলী নিয়মীয়াকৈ পাঠ কৰিবলৈ দিয়াৰ লগতে পুথি নকল কৰা কামতো লগায়। কথা-গুৰুচৰিতৰ সাক্ষ্য মতে শংকৰ-মাধৱ তীৰ্থভ্ৰমণলৈ যোৱা কালত ৰামচৰণ আছিল চেঙেলীয়া ডেকা। ৰামচৰণে জীৱনৰ সৰহখিনি কাল কটাইছিল সুন্দৰৰীদিয়াত। এবাৰ কামৰূপেশ্বৰ ৰঘুনাৰায়ণ ৰজাৰ পৰা বিশেষ পীড়া পাই মহাপুৰুষ মাধৱদেৱে ভাগিনীয়েকক সুন্দৰীতে এৰি থৈ লক্ষ্মীনাৰায়ণৰ ৰাজ্য কোচবিহাৰৰ ভেলাডোৱাত থাকিবলৈ লয়। ৰামচৰণ সৰহদিন অকলে নাথাকি তেৱো গৈ মোমায়েকৰ ওচৰ পালেগৈ। মোমায়েকে তেতিয়া তেওঁক হাজো, দখিণকূল, বৰনগৰ, বৰপেটা আৰু অসম ৰাজ্যত সিঁচৰতি হৈ থকা কীৰ্তনখনি সংগ্ৰহ কৰিবলৈ আদেশ দিয়ে। মোমায়েকৰ আদেশ মতে তেওঁ এবছৰৰ ভিতৰতে কীৰ্তন খনি সংকলিত কৰে।