ৰামচৰণ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সামান্য শুধৰণি
No edit summary
29 নং শাৰী:
== জীৱন কথা ==
মাজুলীৰ হোকোৰাকুছিৰ গয়পাণি কায়স্থই মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি ৰামদাস নাম পায়। এওঁ মাধৱদেৱৰ ভনীয়েক উৰ্বশীক বিয়া কৰাইছিল। কথা-গুৰু-চৰিতৰ তথ্য মতে উৰ্বশীৰ নটা সন্তান উপজি নষ্ট হোৱাৰ পিছত ৰামচৰণৰ জন্ম হয়। ৰামচৰণৰ এমাহ হোৱাৰ পিছতে ভগ্নী উৰ্বশীয়ে ৰামচৰণক মাধৱদেৱৰ আগত আনি দিয়ে। ইয়াৰ কাৰণ ৰামদাসৰ উপৰিপুৰুষ হেকোৰাকুছিৰ ব্ৰাহ্মণৰ বৰুৱা বাবত আছিল। তেতিয়াই কিবা কথাত লাগি কোনো বাহ্মণে গোত্ৰসহ সাতপুৰুষলৈ বংশচ্ছেদ হওক বুলি শপিছিল। আগতে যি হ'ল তাক পাহৰি বৰ্তমানত ওপজা শিশুটিৰ মংগল চিন্তি মাধৱৰ আগত দিয়ে। মাধৱপুৰুষে নিজৰ গোত্ৰ ভাগিনিয়েকক দি ভনীয়েকক সুন্দৰীদিয়াত বাস কৰিবলৈ দিয়ে আৰু ৰামদাস তেতিয়াৰেপৰা পাটবাউসীত বাস কৰিবলৈ লয়। এওঁক মাধৱদেৱে লালন-পালন কৰা দেখি সকলোৱে “ঠাকুৰ' বুলি সম্বোধন কৰিবলৈ ধৰে।<ref name="B">{{cite book|title=গুৰু চৰিত আৰু শ্ৰী শ্ৰীচৈতন্যচৰিতামৃত তুলনামূলক অধ্যয়ন |first1=মুকুল |last1=চক্ৰৱৰ্তী, |publisher=নৰ-বীণা প্ৰকাশ |edition=প্ৰথম সংস্কৰণ | location=গুৱাহাটী |pages=২৬ |isbn=৯৭৮-৮১-৯১০৮১৫-৭-২ |year=ডিচেম্বৰ ২০১৬ |accessdate=8 oct 2010}}</ref> ৰামচৰণে সৰুৰে পৰা মোমায়েক মাধৱদেৱৰ সৈতে একেলগে থাকি কাব্য, ব্যাকৰণ আৰু কায়স্থিকা-বৃত্তি পঢ়া-শুনা কৰি কৰিছিল। মাধৱদেৱ [[সুন্দৰীদিয়া]]ত থাকোঁতে ভাগিনীয়েকক সংস্কৃত [[ভক্তি ৰত্নাকৰ]] আৰু [[ভক্তি ৰত্নাৱলী]] নিয়মীয়াকৈ পাঠ কৰিবলৈ দিয়াৰ লগতে পুথি নকল কৰা কামতো লগায়। কথা-গুৰুচৰিতৰ সাক্ষ্য মতে শংকৰ-মাধৱ তীৰ্থভ্ৰমণলৈ যোৱা কালত ৰামচৰণ আছিল চেঙেলীয়া ডেকা। ৰামচৰণে জীৱনৰ সৰহখিনি কাল কটাইছিল সুন্দৰৰীদিয়াত। এবাৰ কামৰূপেশ্বৰ ৰঘুনাৰায়ণ ৰজাৰ পৰা বিশেষ পীড়া পাই মহাপুৰুষ মাধৱদেৱে ভাগিনীয়েকক সুন্দৰীতে এৰি থৈ লক্ষ্মীনাৰায়ণৰ ৰাজ্য [[কোচবিহাৰ]]ৰ ভেলাডোৱাত থাকিবলৈ লয়। ৰামচৰণ সৰহদিন অকলে নাথাকি তেৱোঁ গৈ মোমায়েকৰ ওচৰ পালেগৈ। মোমায়েকে তেতিয়া তেওঁক [[হাজো]], দখিণকূল, [[বৰনগৰ]], [[বৰপেটা]] আৰু অসম ৰাজ্যত সিঁচৰতি হৈ থকা কীৰ্তনখনি সংগ্ৰহ কৰিবলৈ আদেশ দিয়ে। মোমায়েকৰ আদেশ মতে তেওঁ এবছৰৰ ভিতৰতে কীৰ্তন খনি সংকলিত কৰে।
কালিৰাম মেধিয়ে ঠাকুৰৰ জন্ম-মৃত্যু কাল সাব্যস্ত কৰিছে ১৫২১-১৬০০ খ্ৰীষ্টাব্দৰূপে।<ref name="C">{{cite book |date=জুন ১৯৯৭ | first1=শিৱনাথ | last1=বৰ্মন, | title=অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) |publisher=আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা |location=গুৱাহাটী |pages=৪৮৫-৪৮৬}}</ref>
 
44 নং শাৰী:
 
‘গুৰু-চৰিত’ পুথিখন সাতটা খণ্ডত বিভক্ত। চৰিতখনিত প্ৰথম খণ্ডত ৩০৫, দ্বিতীয় খণ্ডত ১০০৯, তৃতীয় খণ্ডত ৮৪৬, চতুৰ্থ খণ্ডত ৫০৮, পঞ্চম খণ্ডত ৭৮০, ৬ষ্ঠ খণ্ডত ৩০৪ আৰু সপ্তম খণ্ডত ৩৪৬টা পদ, মুঠতে চৰিতখনিত ৪০৯৮টা পদ আছে। ইয়াৰে অধিকসংখ্যক পদেই দ্বিপদী ছন্দ; কম সংখ্যকহে ত্ৰিপদী দুলড়ী, ছবি আৰু লেছাৰী ছন্দৰ। চৰিতখনে শংকৰদেৱৰ উপৰিপুৰুষসকলৰ বেহাৰ, কামৰূপ ৰাজ্য হৈ প্ৰবেশৰ পৰা আৰম্ভ কৰি, শ্ৰীমাধৱদেৱৰ সুন্দৰীদিয়া গমন, শংকৰদেৱৰ পৰিয়ালক বনগাগিৰিৰ উৎপীড়নলৈ সমস্ত ঘটনা প্ৰবাহ
সামৰি লৈছে। চৰিতখনিৰ ভাষা সহজ, সৰল।<ref name="B">{{cite book |last1=চক্ৰৱৰ্তী, |first1=মুকুল |title=গুৰু চৰিত আৰু শ্ৰী শ্ৰীচৈতন্যচৰিতামৃত তুলনামূলক অধ্যয়ন |date=ডিচেম্বৰ ২০১৬ |publisher=নৰ-বীণা প্ৰকাশ |location=গুৱাহাটী |isbn=৯৭৮-৮১-৯১০৮১৫-৭-২ |pages=২৬-২৯ |edition=প্ৰথম সংস্কৰণ}}</ref>
 
==তথ্যসূত্ৰ ==