ৰামচৰণ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
38 নং শাৰী:
ৰামচৰণ ঠাকুৰৰ নামত বহুলভাবে প্ৰচলিত আন এখনি পুথি হ’ল – গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত। অৱেশ্যে এইখনৰ লেখক ৰামচৰণ ঠাকুৰ মাধৱৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ একেজন হয় নে নহয় তাকো লৈ ভিন্নমত আছে।
 
সমালোচকসকলৰ বহুতে চৰিতখনিক প্ৰথম লিখিত চৰিত পুথিৰ বুলি স্বীকাৰ কৰিছে। আনহাতে বহু সমালোচকে কেতবোৰ কাৰণত ইয়াক বেলেগ ৰামচৰণৰ ৰচনা বুলি প্ৰতিপ্ৰন্ন কৰিব খোজে। কিয়নো ৰামচৰণৰ পুত্ৰ [[দৈত্যাৰি ঠাকুৰ|দৈত্যাৰি ঠাকুৰে]] পিতাকৰ এখনি গুৰু চৰিত থকা সত্ত্বেও ‘ৰামচৰণত শুনিছো যিমত সবাকো আমি লিখিলোঁ’ (দৈত্যাৰি, পদ ১৭০৩) বুলি আন এখন শংকৰ-মাধৱৰ চৰিত পুথি ৰচনা কৰা কথাটোৱে বিমোৰত পেলাইছে। তাতকৈ ডাঙৰ কথা, ৰামচৰণ ঠাকুৰ যে প্ৰথম চৰিত পুথিকাৰ, এই কথাৰ কোনো ইঙ্গিতেই পুতেকে দিয়া নাই; বৰঞ্চ ‘নাহিকে আৰিহি’ (পদ ১৭০৫) বুলিহে স্পষ্ট ভাৱে ঘোষণা কৰিছে। চৰিত-পুথিখনৰ সন্দৰ্ভত বিদ্বৎ সকলৰ মাজত দুটা বিপৰীতধৰ্মী মত পোৱা যায়। প্ৰথম মত অনুসৰি– শংকৰ-চৰিত ৰামচৰণৰ লেখা নহয়। আই কনকলতাৰ আজ্ঞাপৰ কণ্টৰীৰ ৰামচৰণেহে ইয়াক কুঁহিয়াৰণিত বহি লুকাই লুকাই পুথিখনি ৰচনা কৰিছিল।”<ref name="DC">{{cite book | date=জুন ১৯৯৭ | first1=শিৱনাথ | last1=বৰ্মন, | title=অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) | publisher=আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা | location=গুৱাহাটী | pages=৪৮৬}}</ref><br>
 
দ্বিতীয় মত ৰামচৰণ আৰু দৈত্যাৰি দুয়োজনেই দুখন চৰিত পুথি লিখিছিল। ৰামচৰণে লিখা চৰিত পুথিখনি [[কালিন্দী আই|কালিন্দী আয়ে]] এবাৰ চাবলৈ নিছিল। আই গোসানীৰ পৰা কোনোবা ভকতে সেইখনি চাবলৈ নি হেৰুৱালে অথবা লুকুৱাই থলে। ফলত দৈত্যাৰিয়ে চাব খোজা সময়ত তেওঁ সেইখনি বিচাৰি পোৱা নাছিল। তদুপৰি নাহিকে আৰিহি’ অকল দৈত্যাৰিয়ে লিখা নাই; দৈত্যাৰিৰ পৰৱৰ্তী চৰিতকাৰ ভূষণ দ্বিজেও তেওঁৰ চৰিত পুথিত ‘নাহিকে আৰিহি বুলিছে। গতিকে দ্বিতীয় মতৰ প্ৰবক্তাসকলে দৃঢ়ভাৱে ক’বলৈ বিচাৰে যে শংকৰ-চৰিতখন ৰামচৰণ ঠাকুৰৰে ৰচনা।<ref name="DC"/>
 
পুথিখনিৰ সম্পাদক [[হৰিনাৰায়ণ দত্তবৰুৱা]]ই এই গুৰুচৰিতখনি সম্পূৰ্ণভাৱে পাবলৈ নাই বুলি এনেদৰে উল্লেখ কৰিছে- "ৰামচৰণ ঠাকুৰৰ বিৰচিত ‘গুৰু-চৰিত’ সম্পূৰ্ণভাৱে পাবলৈ নাই। আজি প্ৰায় পঞ্চল্লিশ বছৰ আগত নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ এখন সত্ৰত ‘ৰচৰিত’ এখন পোৱা হৈছিল, এতিয়া তাৰ নাম শুনা নাযায়। আমি অনুসন্ধান কৰি কেৱল ১ম-৫ম খণ্ডহে গুৰু-চৰিত’ পাইছে। ৬ষ্ঠ আৰু ৭ম খণ্ড ঠাকুৰ হলিৰাম মহন্তদেৱেহে সংগ্ৰহ কৰিছিল। সুন্দৰীদিয়া সত্ৰৰ দীননাথ অধিকাৰীদেৱৰ ঘৰত এখন ৰামচৰণ ঠাকুৰ বিৰচিত ‘গুৰু-চৰিত’ পোৱা হৈছে তাত কেৱল বেলগুৰিলৈকেহে লিখা আছে। আমি দুখন পুথি মিলাই এই ‘গুৰু-চৰিত’সম্পাদন কৰিলোঁ।"<ref>{{cite book |last1=দত্ত বৰুৱা (সম্পাদিত) |first1=হৰিনাৰায়ণ |title=ৰামচৰণ ঠাকুৰ বিৰচিত গুৰু চৰিত |publisher=দত্তবৰুৱা পাব্লিচিং কোং |location=গুৱাহাটী |pages=.০৪ |edition=১৩শ প্ৰকাশ, ১৯৮৭}}</ref>