এলান ট্যুৰিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
46 নং শাৰী:
}}</ref>
 
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ কালত ট্যুৰিঙে ব্ৰিটিছ চৰকাৰৰ হৈ 'চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়'লৈ (Government Code and Cypher School (GCCS)) নিজৰ অৱদান আগবঢ়ায়। এই কালত জাৰ্মান বাহিনীৰ সংকেত পাঠোদ্ধাৰৰ বাবে ট্যুৰিঙে কেবাটাও উল্লেখযোগ্য সমাধান সূত্ৰ নিৰ্ণয় কৰে। জাৰ্মান '[[এনিগ্‌মা যন্ত্ৰ]]' যন্ত্ৰৰ সংকেত বাৰ্তাৰ পাঠোদ্ধাৰ তেখেতৰ উল্লেখনীয় সফলতা।
 
যুদ্ধৰ পাছত ট্যুৰিঙে 'ৰাষ্ট্ৰীয় ফিজিকেল গৱেষণাগাৰ'ৰ (National Physical Laboratory, UK) অধীনত 'স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ' (Automatic Computing Machine, ACE)ৰ নিৰ্মাণ কাৰ্যত জড়িত হয়। ১৯৪৮ চনত ট্যুৰিঙে 'মানচেষ্টাৰ বিশ্ববিদ্যালয়'ৰ 'গাণনিক গৱেষণাগাৰ'ত যোগ দিয়ে। তাতেই তেখেত গণিতীয় জীৱবিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় আৰু 'morphogenesis'ৰ ৰাসায়নিক ভিত্তিৰ ওপৰত এখন গৱেষণা পত্ৰ প্ৰকাশ কৰে।
64 নং শাৰী:
 
==উচ্চ শিক্ষা আৰু গাণিতিক বিজ্ঞানৰ প্ৰতি অৱদান==
[[File:Alan Turing Memorial Closer.jpg|thumb|left|upright|এলান ট্যুৰিঙৰ স্মৃতিত মানচেষ্টাৰত স্থাপিত মূৰ্তি]]<ref>See Section 3 of John Aldrich, "England and Continental Probability in the Inter-War Years", Journal Electronique d'Histoire des Probabilités et de la Statistique, vol. 5/2 [http://www.jehps.net/decembre2009.html Decembre 2009] Journal Electronique d'Histoire des Probabilités et de la Statistique</ref>]]
১৯৩১ চনত ট্যুৰিঙে কেমব্ৰিজৰ কিংছ কলেজত গণিত অধ্যয়ন কৰিবলৈ লয়। ১৯৩৪ চনত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ তেখেত উত্তীৰ্ণ হয়। গৱেষণা পত্ৰ হিচাপে তেখেতে সমাধান কৰা limit therorem-ৰ উচ্চ মানৰ কৰ্মৰাজীৰ বাবে তেখেতক কিংছ কলেজৰ ফেলো হিচাপে নিৰ্বাচিত কৰা হয়। অৱশ্যে ট্যুৰিঙে সমাধান কৰা সমস্যাকেইটা কিছু আগেয়েই আন এজন গণিতজ্ঞই সমাধান কৰিছিল, যদিও ট্যুৰিঙে সেইটো জনা নাছিল।<ref>{{Harvnb|Hodges|1992|pp=88,94}}</ref>
 
কিংছ কলেজৰ ফেলো হিচাপে কৰ্মৰত অৱস্থাতে ট্যুৰিঙে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ বাবে এটা চমকপ্ৰদ সিদ্ধান্ত আগবঢ়ায়। ১৯২৮ চনত গণিতজ্ঞ [[ডেভিদ হিলবাৰ্ট]]-এ Entscheidungsproblem (decision problem, সিদ্ধান্ত সমস্যা) আগবঢ়ায়। এই সমস্যটো কম্পিউটাৰ বিজ্ঞানৰ বাবে অতি প্ৰয়োজনীয় এটা গাণিতিক চৰ্তৰ প্ৰশ্ন আছিল। এই সমস্যাৰ ওপৰত ট্যুৰিঙে তেখেতৰ যুগান্তকাৰী গৱেষণা পত্ৰ "On Computable Numbers, with an Application to the ''Entscheidungsproblem''" (২৮ মে, ১৯৩৬ চনত দাখিল কৰা হৈছিল)<ref>{{Harvnb|Turing|1937}}</ref> এই পত্ৰতে ট্যুৰিঙে সমস্যা সমাধানৰ বাবে এক প্ৰাকল্পিক যন্ত্ৰৰ ধাৰণা প্ৰৱৰ্তন কৰে। এই যন্ত্ৰক নাম দিয়া হৈছিল '[[ট্যুৰিং মেচিন]]'। ট্যুৰিঙে গাণিতিক ভাৱে দেখুৱাবলৈ সক্ষম হৈছিল, যে কিছুমান পৰিস্থিতিত যন্ত্ৰটোৱে বন্ধ কৰাৰ নিৰ্দেশ কেতিয়াও নাপাব পাৰে, আৰু তেনে অৱস্থাত সেই সমস্যা সমাধান কৰাৰ কোনো 'সমাধান সূত্ৰ' উলিয়াব নোৱাৰি। অৰ্থাৎ ''Entscheidungsproblem'' সকলো সময়তে সমাধানযোগ্য নহয়।
 
 
হিলবাৰ্টৰ মূল সমস্যাটোৰ সমাধান উলিওৱাৰ উপৰিও ট্যুৰিঙৰ এই প্ৰমাণে দেখুৱাইছিল যে কিছুমান সমস্যা সমাধান যোগ্য নহ'লেও বহুত সমস্যা 'সমাধান সূত্ৰ'ৰ মাধ্যমেৰে সমাধান কৰা সম্ভৱ। যিবোৰ সমস্যাৰ এটা সাধাৰণ 'সমাধান সূত্ৰ' নিৰ্ণয় কৰিব পাৰি, তেনে সমস্যাবোৰ যন্ত্ৰৰ দ্বাৰাও সমাধান কৰিব পৰা যাব। লগে লগেই কম্পিউটাৰৰ ব্যৱহাৰৰ তাত্বিক গুৰুত্ব বাঢ়ি যায়। কম্পিউটিং গৱেষণাৰ বাবে বৰ্তমানেও ট্যুৰিং মেছিন এটা গৱেষণাৰ বিষয় বস্তু।
Line 75 ⟶ 74:
 
==সংকেত বিশ্লেষণ==
[[File:Turing flat.jpg|thumb|ব্লেচ্‌লে পাৰ্কৰ দুটা গৃহ। ইয়াতেই ট্যুৰিঙে ১৯৩৯ আৰু ১৯৪০ চনত কাম কৰিছিল। ]]
কিন্তু এনে সময়তে দ্বিতীয় বিশ্বযু্দ্ধৰ ৰণদামামা বাজি উঠে, আৰু আহি government code and cipher school-ত (GCCS) যোগ দিয়ে।<ref name=Copeland2006p378>Copeland, 2006 p. 378</ref> জাৰ্মান গুপ্ত সংকেত বাৰ্তা (code)-ৰ পাঠোদ্ধাৰৰ কেবাটাও কামত ট্যুৰিঙে GCCS-ক সহায় কৰিছিল। কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ অৱদান আছিল এনিগ্‌মা বাৰ্তাৰ পাঠোদ্ধাৰ পদ্ধতিৰ আৱিষ্কাৰ।<ref>[[Jack Copeland]], "Colossus and the Dawning of the Computer Age", p. 352 in ''Action This Day'', 2001</ref> ট্যুৰিঙে এনে পাঠোদ্ধাৰৰ বাবে সম্ভাৱনীয়তা আৰু পৰিসংখ্যাৰ ধাৰণা ব্যৱহাৰ কৰিছিল।<ref>{{Harvnb|Copeland|2004a|p=217}}</ref> এই কামৰ বাবে bombe নামে এক ইলেক্ট্ৰ'-মেকানিকেল যন্ত্ৰ সাজি উলিওৱা হৈছিল। অৱশ্যে ইমানৰ পাছতো এনিগ্‌মাৰ পাঠোদ্ধাৰ সহজ কাম নাছিল। কাৰণ জাৰ্মানসকলে প্ৰায়েই [[এনিগ্‌মা যন্ত্ৰতযন্ত্ৰ]]ত সাল-সলনি কৰাৰ উপৰিও প্ৰায় প্ৰতিটো বাৰ্তাৰ বাবে নতুন নতুন পাছৱৰ্ড (সঠিক শব্দ নহয়) ব্যৱহাৰ কৰিছিল।
 
ট্যুৰিঙৰ এই অৱদানৰ বাবে ১৯৪৫ চনত Order of British Empire সন্মানেৰে ভূষিত কৰা হৈছিল।<ref>{{cite news | title = Alan Turing: Colleagues share their memories | url = http://www.bbc.co.uk/news/technology-18541715 | date = 23 June 2012 |work=BBC News }}</ref> অৱশ্যে সংকেত পাঠোদ্ধাৰৰ কাৰ্যত ট্যুৰিং জড়িত থকাৰ কথা এই ঘটনাৰ ৩০ বছৰ পাছতহে ৰাজহুৱা কৰা হৈছিল। অইন বহু বিজ্ঞানীৰ দৰেই ট্যুৰিং আছিল অদ্ভুত খাম-খেয়ালী। এই সময়ত ট্যুৰিঙে প্ৰায়ে চাইকেলেৰে অহা-যোৱা কৰিছিল। চাইকেলখনৰ কিবা বিজুতিৰ বাবে প্ৰায়েই চেইন পৰি থাকিছিল। ট্যুৰিঙে পিছে কেতিয়াও চাইকেলখন ভাল নকৰালে। বৰং বাৰে বাৰে হিচাপ কৰি তেওঁ গণনা কৰি উলিয়াইছিল পেডেল কেইপাক মৰাৰ পাছত চেইন পৰে। তেখেতে পেডেলৰ পাকবিলাক গন্তি কৰি গৈছিল, আৰু চেইন পৰাৰ আগে আগেই চাইকেল ৰখাই নামি আকৌ চাইকেলত উঠিছিল! ট্যুৰিঙে দৈৰ্ঘ্য দুৰত্বৰ দৌৰৰো অভ্যাস কৰিছিল। এখন সভাত অংশগ্ৰহণ কৰিবলৈ ব্লেচলি পাৰ্কৰ পৰা তেওঁ দৌৰি লণ্ডনলৈ আহিছিল।<ref>{{Citation | last = Brown | first = Anthony Cave | author-link = Anthony Cave Brown | title = Bodyguard of Lies: The Extraordinary True Story Behind D-Day | publisher=The Lyons Press | year = 1975 | isbn = 978-1-59921-383-5}}</ref>
Line 126 ⟶ 125:
 
==ব্ৰিটিছ চৰকাৰৰ মৰণোত্তৰ দুখপ্ৰকাশ আৰু ৰাজকীয় ক্ষমাদান==
[[File:Turing Plaque.jpg|thumb|upright|চেছায়াৰত থাক ট্যুৰিঙৰ ঘৰৰ সম্মুখত এখন স্মাৰক]]
২০০৯ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে হাজাৰৰ সংখ্যাত স্বাক্ষৰ কৰা এখন আপীলৰ<ref>{{Cite book|title=Thousands call for Turing apology |url=http://news.bbc.co.uk/2/hi/technology/8226509.stm |publisher=BBC News |date=31 August 2009 |accessdate=31 August 2009}}</ref><ref>{{Cite book | title = Petition seeks apology for Enigma code-breaker Turing | url = http://www.cnn.com/2009/WORLD/europe/09/01/alan.turing.petition/index.html | publisher=CNN | date = 1 September 2009 | accessdate =1 September 2009| archiveurl= http://web.archive.org/web/20091005081407/http://www.cnn.com/2009/WORLD/europe/09/01/alan.turing.petition/index.html?| archivedate= 5 October 2009 <!--DASHBot-->| deadurl= no}}</ref> উত্তৰত ব্ৰিটিছ চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰত ট্যুৰিঙৰ প্ৰতি কৰা ভুল স্বীকাৰ কৰি দুঃখ প্ৰকাশ কৰা হয়।<ref name="PM-apology">{{Cite news | url = http://news.bbc.co.uk/2/hi/technology/8249792.stm | title = PM apology after Turing petition | date = 11 September 2009 |work=BBC News}}</ref><ref name="PMapology">{{cite news | title = PM's apology to codebreaker Alan Turing: we were inhumane | url = http://www.guardian.co.uk/world/2009/sep/11/pm-apology-to-alan-turing |work=The Guardian |location=UK| date = 11 September 2009 | first=Caroline | last=Davies}}</ref>
 
ব্ৰিটিছ চৰকাৰৰ প্ৰতি এলান ট্যুৰিঙক নিৰ্দোষ বুলি স্বীকৃতি দিবলৈ আন এখন আপীল কৰা হয়।<ref name="BBBCPardon">{{cite news | title = Petition to pardon computer pioneer Alan Turing started | url = http://www.bbc.co.uk/news/uk-england-manchester-16061279 | date = 6 December 2011 |work=BBC News }}</ref> কিন্তু এই পত্ৰৰ উত্তৰত ব্ৰিটিছ চৰকাৰে মন্তব্য কৰে, "সেই সময়ৰ আইন ব্যৱস্থা অনুযায়ী যি ৰায় দিয়া হৈছিল, তাক ঘূৰাই লোৱাৰ আধিকাৰ নাই। .. সেই সময়ত কৰা ভুলৰ পৰিতাপো এতিয়া কৰা সম্ভৱ নহয়, সেয়ে ইতিহাসক সলনি কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি অনাগত দিনত যাতে তেনে ভুল নকৰোঁ তাৰ বাবেহে প্ৰতিশ্ৰতিবদ্ধ হোৱা উচিত। "<ref name="PardonPetitionDenied">{{cite web | title = Widespread Celebrations But No Pardon For Turing | url = http://www.i-programmer.info/news/82-heritage/3735-widespread-celebrations-but-no-pardon-for-turing.html | date = 6 February 2012}}</ref>
 
২০১৩ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ব্ৰিটেইনৰ ৰাণীয়ে এলান ট্যুৰিঙক মৰণোত্তৰ ভাৱে ক্ষমাদান কৰে। দ্বিতীয় মহাযুদ্ধৰবিশ্বযুদ্ধৰ পাছত ৰাণীয়ে ক্ষমাদান কৰা ব্যক্তিৰ সংখ্যা মাত্ৰ চাৰিগৰাকী।<ref>[http://www.dailymail.co.uk/news/article-2528697/Queen-pardons-wartime-codebreaking-hero-Alan-Turing.html Tim Shipman, Queen gives royal pardon to Alan Turing, the WWII codebreaking hero who was convicted for being gay then sterilised by the state, The Daily Mail, ২৪ ডিচেম্বৰ, ২০১৩, আহৰণ কৰা তাৰিখ: ১৫ জানুৱাৰী, ২০১৫]</ref><ref>[http://www.ft.com/cms/s/0/85a90ddc-6bfa-11e3-a216-00144feabdc0.html#axzz3OsQRbDZm শাম ঝোনেস, Alan Turing granted posthumous pardon by Queen, www.ft.com, ২৪ ডিচেম্বৰ, ২০১৩, আহৰণ কৰা তাৰিখ: ১৫ জানুৱাৰী, ২০১৫ ]</ref>
{{-}}
 
==তথ্যউৎস==
{{reflist|30em}}
 
==তথ্য সমল==