ৰাম গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

মৃত্যু
78 নং শাৰী:
==বঁটা আৰু সন্মান==
১৯৭৩ চনত ৰাজনীতিজ্ঞ [[হেমচন্দ্ৰ বৰুৱা (ত্যাগবীৰ)|হেমচন্দ্ৰ বৰুৱা]]ই তেখেতক “সেউজীয়া দেশ” উপাধি প্ৰদান কৰে।<ref name="দৈনিক অসম" /> ১৯৭৫ চনত ধ্বনিকবি [[বিনন্দ চন্দ্ৰ বৰুৱা]]ই ৰাম গোস্বামীক “কাব্যকুমাৰ” উপাধি প্ৰদান কৰে। আকৌ অসম কবি সন্মিলনে তেখেতক “কাব্য বিভূতি” উপাধি প্ৰদান কৰে।<ref name="দৈনিক অসম" /> এগৰাকী কৃতি শিক্ষক ৰূপে সেৱা আগবঢ়োৱা বাবে অসমৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক সন্মিলনে তেখেতক “আচাৰ্য মহীয়ান” উপাধি প্ৰদান কৰে।<ref name="দৈনিক অসম" /> তদুপৰি অসমৰ ৰাইজে তেওঁক “কাব্যশ্ৰী” উপাধি প্ৰদান কৰে। পাঁচবাৰকৈ [[অসম সাহিত্য সভা]]ৰ কাৰ্যনিৰ্বাহক সদস্য পদত কাৰ্যনিৰ্বাহ কৰা ৰাম গোস্বামীয়ে ১৯৮৮ চনৰ [[অসম সাহিত্য সভা]]ৰ কবি সন্মিলনত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে। তদুপৰি তেখেতে ১৯৯৪ চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ কবি সন্মিলনত সভাপতিৰ আসন গ্ৰহণ কৰে আৰু ১৯৯৬ চনত অসম সাহিত্য সভাৰ উপ-সভাপতি আসনত অধিষ্ঠিত হয়। ১৯৯৬ চনত ৰাম গোস্বামীক ৰাজ্যিক সাহিত্যিক পেন্সনপ্ৰদান কৰা হয়। তদুপৰি অসম ক্ৰীড়া-সাংস্কৃতিক উৎসৱত তেখেতক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।<ref name="দৈনিক অসম" /><ref name="sentinelassam143405">{{cite journal | url=http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=143405&dtP=2013-01-19&ppr=1 | title=Assam Sports and Cultural Festival Awards announced | journal=The Sentinel | year=2013}}</ref>
 
==মৃত্যু==
২০১৮ চনৰ ২৩ নৱেম্বৰত [[গুৱাহাটী]]ত ৰাম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।<ref name="tribune">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2618/state052 | title=Ram Goswami’s death condoled | publisher=The Assam Tribune | date=25 November 2018 | accessdate=22 October 2020}}</ref>
 
==তথ্য সংগ্ৰহ==