উইলিয়াম জেম্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
 
ছাৰ্লছ ছেণ্ডাৰ্ছ পিয়েৰ্ছৰ সৈতে জেমছে এখন ''দাৰ্শনিক বিদ্যালয়'' স্থাপন কৰিছিল, যাক কোৱা হৈছিল ''প্ৰৱণতা'' আৰু যাক ''কাৰ্যকৰী মনোবিজ্ঞান''ৰ এক প্ৰতিষ্ঠাপক বুলিও আখ্যা দিয়া হয়৷ ২০০২ চনত প্ৰকাশিত হোৱা ''Review of General Psychology''ৰ বিশ্লেষণত জেমছক বিংশ শতিকাৰ চতুৰ্দশ সৰ্বাধিক প্ৰখ্যাত মনোবিজ্ঞানী হিচাপে বিবেচিত কৰা হৈছে৷ <ref>{{cite journal |title=The 100 most eminent psychologists of the 20th century |journal=Review of General Psychology |volume=6 |issue=2 |year=2002 |pages=139–152 |doi=10.1037/1089-2680.6.2.139 |url=http://www.apa.org/monitor/julaug02/eminent.aspx |last1=Haggbloom |first1=Steven J. |last2=Warnick |first2=Renee |last3=Warnick |first3=Jason E. |last4=Jones |first4=Vinessa K. |last5=Yarbrough |first5=Gary L. |last6=Russell |first6=Tenea M. |last7=Borecky |first7=Chris M. |last8=McGahhey |first8=Reagan |last9=Powell III |first9=John L. |last10=Beavers |first10=Jamie |last11=Monte |first11=Emmanuelle|s2cid=145668721 }}</ref> ১৯৯১ চনত ''American Psychologist''ত প্ৰকাশিত এক জৰীপৰ মতে, জেমছৰ জনপ্ৰিয়তাক দ্বিতীয় স্থানত মানাংকিত কৰা হয়৷<ref>J. H. Korn, R. Davis, S. F. Davis: "Historians' and chairpersons' judgements of eminence among psychologists". ''American Psychologist'', 1991, Volume 46, pp. 789–792.</ref> তেওঁৰ স্থান আছিল উইলহেম ওয়ান্দটৰ পাছতেই (Wilhelm Wundt), যাক ''পৰীক্ষামূলক মনোবিজ্ঞান''ৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায়৷ <ref name="plato.stanford.edu">[http://plato.stanford.edu/entries/wilhelm-wundt/ "Wilhelm Maximilian Wundt"] in ''Stanford Encyclopedia of Philosophy''.</ref><ref>Tom Butler-Bowdon: [https://books.google.com/books?id=wfjB9Blnk8kC&printsec=frontcover#PPA20,M1 ''50 Psychology Classics'']. Nicholas Brealey Publishing 2007. {{ISBN|1857884736}}. p. 2.</ref> জেমছে একধৰণৰ দাৰ্শনিক দৃষ্টিভংগীও প্ৰৱৰ্তন কৰিছিল, যাক কোৱা হয়-''radical empiricism.(৷) <ref name=SEP>{{cite encyclopedia|url=http://plato.stanford.edu/entries/james/ |title=William James |encyclopedia=[[Stanford Encyclopedia of Philosophy]] |publisher=[[Center for the Study of Language and Information]] (CSLI), [[Stanford University]] |accessdate=2013-09-21}}</ref>
 
এটা প্ৰতিপত্তিশালী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম জেমছৰ পিতৃ আছিল হেনৰি জেমছ জ্যেষ্ঠ৷ তেখেত এজন ছুইডেনবৰ্গীয় ধৰ্মতত্ত্ববিদ আছিল৷ আনহাতে উইলিয়াম জেমছ ভ্ৰাতৃ আছিল বিখ্যাত ঔপন্যাসিক হেনৰি জেমছ আৰু দিনলিপি-লিখোঁতা এলিচ জেমছ৷ জেমছে এগৰাকী শৈল-চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু হাৰ্ভাৰ্ডত দেহবিদ্যা পঢ়াইছিল৷ কিন্তু তেখেতে নিজে কেতিয়াও চিকিৎসা-বিদ্যাৰ অনুশীলন কৰা নাছিল৷ তাৰ পৰিৱৰ্তে তেখেতে মনোবিজ্ঞান আৰু দৰ্শনতহে ৰাপ দেখুৱাইছিল৷ জেমছে বহুতো বিষয়ত চৰ্চা কৰিছিল, লেখা-মেলা কৰিছিল৷ তাৰে ভিতৰত শিক্ষা, মনোবিজ্ঞান, ধৰ্ম, মেটা-পদাৰ্থবিজ্ঞান, জ্ঞানতত্ত্ব, ৰহস্যবাদ আছিল প্ৰধান৷ তেখেতৰ কেইখনমান প্ৰভাৱশালী গ্ৰন্থ হৈছে ''The Principles of Psychology'' (মনোবিজ্ঞানৰ নীতি)৷ এইখন গ্ৰন্থ মনোবিজ্ঞানৰ ক্ষেত্ৰত এখন যুগান্তকাৰী গ্ৰন্থ হিচাপে বিবেচিত৷ তাৰ উপৰি তেখেতে লিখা ''Essays in Radical Empiricism'' গ্ৰন্থখন দৰ্শনৰ বাবে অতি প্ৰয়োজনীয় সমল হিচাপে পৰিচিত৷ বিভিন্ন ধৰ্মৰ ধৰ্মীয় অভিজ্ঞতাৰ অনুসন্ধানেৰে সমৃদ্ধ তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে-''The Varieties of Religious Experience''৷ এইখন গ্ৰন্থই মন-পৰিচৰ্যা বা mind-cureৰ বিষয়ে আলোচনা কৰে৷ <ref name=James>{{cite book|last1=James|first1=William|title=The Varieties of Religious Experience|date=2009|publisher=The Library of America|isbn=978-1598530629|pages=74–120}}</ref>
 
==তথ্য উৎস==