ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
মোৰ ৱিকিপিডিয়া লিখাৰ প্ৰচেষ্টা-->
 
ইম'জিৰ ইম'চন
______________________________
 
ৰুবী ফুকন,ডিব্ৰুগড়
 
ভাৰ্ছুৱেল পৃথিৱীৰ কথাই সুকীয়া । এইখন জগতত অাছে ভাৱ প্ৰকাশৰ অনন্য মাধ্যম। মৰম-চেনেহ, ভালপোৱা, খং -অভিমান অাদি মানৱীয় অনুভূতি প্ৰকাশ কৰিবলৈ কত যে চিহ্ন অাছে ! প্ৰকাশভংগী যদিও ভাৰ্ছুৱেল,অাপোনজনৰ পৰা প্ৰেৰিত প্ৰেমৰ চিহ্ন এটাই কৰি তুলিব পাৰে অাপোনাৰ মন- প্ৰাণ অালোড়িত। শব্দবিহীনভাবে মনৰ অাৱেগ-অনুভূতি প্ৰকাশ কৰিব পৰা এইবিধ চিহ্নই হৈছে ইম'জি। ইলেক্ট্ৰনিক মেছেজ অাৰু ৱেবপেজসমূহত উপলব্ধ, ভাৰ্ছুৱেল পৃথিৱীখনৰ অতি জনপ্ৰিয় এই ইম'জি (emoji) শব্দটো অাহিছে জাপানী শব্দ emodzi-ৰ পৰা। জাপানী ভাষাত 'ই' মানে ছবি অাৰু 'মজি' মানে হৈছে অাখৰ। ইংৰাজী emotion শব্দটো ইয়াৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, অাৰু অসমীয়াত ইয়াৰ অাক্ষৰিক অৰ্থ হৈছে 'চিত্ৰলিপি'।
 
বৰ্তমান বিশ্বত দৈনিক কোটি কোটি ইম'জিৰ অাদান-প্ৰদান হয়। অাপোনজনৰ অাগত শব্দৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান অভিব্যক্তি ইম'জিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি।অাপোনাৰ বিষন্ন মনকো অাপোনজনৰ এটা মৰমৰ ইম'জিয়ে সলনি কৰি দিব পাৰে, হাঁহিৰ খোৰাক যোগাব পাৰে, নতুন চিন্তাৰ উদ্ৰেক ঘটাব পাৰে। বৰ্তমান ৩ হাজাৰৰো অধিক ইম'জি ইউনিক'ডত উপলব্ধ। তাৰে কিছুমান ইম'জি অামি সঘনাই ব্যৱহাৰ কৰোঁ। তাৰে এটা উল্লেখযোগ্য ইম'জি হৈছে স্মাইলি😊। স্মাইলিৰো অাকৌ অাছে বহুতো ভাগ। গাল ৰঙা পৰা, লাজকুৰীয়া, মৰমসনা,ৰগৰ, সন্তুষ্টি, হাঁহিৰ সৈতে চকুপানী, অতিশয় অানন্দিত, চিন্তিত, খং, অভিমান ইত্যাদি ইত্যাদি।
 
অামি প্ৰতিদিনে একাধিকবাৰ ব্যৱহাৰ কৰি থকা এই ইম'জিৰ প্ৰথমে অাবিৰ্ভাৱ হৈছিল জাপানী ম'বাইল ফোনত। অাপেল কোম্পানীৰ ম'বাইল ফোনত উপলব্ধ হোৱাৰ পিছতে ইম'জি অতি জনপ্ৰিয় হৈ পৰে অাৰু লাহে লাহে অান অান মবাইল ফোনসমূহতো অন্তৰ্ভুক্ত হয়। বহুলভাৱে প্ৰচলিত জনপ্ৰিয় ইম'জিৰ সৃষ্টি কৰি মানুহৰ মাজত অানন্দ বিলোৱা ব্যক্তিজন হ'ল জাপানৰ চিগেটাকা কুৰিটা। তেখেতে বতৰৰ চিহ্ন, ৰাস্তাৰ চিহ্ন অাৰু চীনা ভাষাৰ অাখৰবোৰক ইম'জিলৈ ৰূপান্তৰ কৰিছিল। তেওঁ অাছিল NTT DoCoMo-ৰ অাই মোড ম'বাইল ইণ্টাৰনেট প্লেটফৰ্ম দলৰ সদস্য।
 
২০১৭ চনত ইম'জি বিষয়ক এক গৱেষণাত ১২০ কোটি মেছেজ অধ্যয়ন কৰি 'অানন্দৰ চকুপানীসহ মুখ'😂 ইম'জিটো অাটাইতকৈ জনপ্ৰিয় বুলি মিশ্বিগান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ সমীক্ষাত প্ৰকাশ কৰে। 'ৰেড হাৰ্ট'❤ ইম'জিটোও বহুলভাৱে প্ৰচলিত।
বৰ্তমান সময়ৰ যান্ত্ৰিকতা অাৰু ব্যস্ততাময় জীৱনৰ অৱসাদ গুছোৱাৰ কাৰক হৈ পৰিছে এই ইম'জি। দুখ-অানন্দৰ অভিব্যক্তি প্ৰকাশক ইম'জিৰ উপৰি দৈনন্দিন ব্যৱহৃত বস্তু, বতৰ বা ঋতু, জীৱ-জন্তু, খাদ্যবস্তু অাদি বুজোৱা ইম'জিও অাছে। ২০১৮ চনত মহ অাৰু অান পতংগৰ পৰা বিয়পা ডেংগু অাৰু মেলেৰিয়া ৰোগৰ সজাগতা সৃষ্টিৰ বাবে এটা মহৰ ইম'জিও সৃষ্টি কৰা হয়।
 
এই ইম'জিবোৰ হৈ পৰিছে মনৰ অভিব্যক্তি প্ৰকাশৰ অনন্য মাধ্যম, যাৰ অবিহনে অাজিৰ ভাৰ্ছুৱেল পৃথিৱীখন সম্পূৰ্ণ নহয়।
 
 
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন
-----------------------