জৰুৰী নহয় যে আমি সকলো কবিতা লিখা মানুহৰ পৰা ভাল কবিতা আশা কৰিব লাগে । Art for Ars Shake কথাষাৰত মই দ্বিমত । কলাই সমাজৰ ভালৰ বাবে কাম কৰে । কবিতা এটা লিখি বিশেষ একো নাপালেও সৃষ্টিৰ প্রেৰণা পায় । বেয়া কাম কৰা, বেয়া কথা ভৱাৰ পৰা কিছু হ'লেও আঁতৰত ৰাখে কবিতা তথা আন কলাই । মোৰ আহবান সকলোৱে কবিতা লিখক , প্রথমতে কবিতা লিখিব নোৱাৰিলে অ-কবিতাই লিখক ......কিন্ত চেষ্টাৰ ক্রটী নেৰিব............শব্দৰে প্রকাশ কৰি যাওক আপোনাৰ অনুভৱক.........
কবিতাক জনমুখী কৰিবলৈ হ'লে ৰুচি-অভিৰুচিৰ প্রতি চকু দিব লাগিব । কবিতাৰ কোনো আকাৰ নাই । ব্যক্তি-স্থান-পৰিৱেশ ভেদে কবিতাৰ আকাৰ-প্রকাৰ সলনি হয় । কিছুমানৰ মতে কবিতা স্বত:সফুর্ত আবেদন আৰু এচামৰ মতে কবিতা বৌদ্ধিক প্রকাশ হে । এটা চামে ভাৱ-বিন্যাসৰ ওপৰত আৰু অন্য এটা চামে উপস্থাপনৰ ওপৰত গুৰুত্ব দিয়ে । মানদণ্ডৰ কথা দোহাই দি অকল "কলাৰ বাবেই কলা"( Art for Arts Shake)ৰ সৃষ্টি নিমগ্ন হলে কবিতা কেতিয়াও বাস্তবমুখী নহ'ব, সমাজ মুখী নহ'ব । আধুনিক অসমীয়া কবি-সাহিত্যিক সকল সাৰস্বত সাধনা, পাশ্চাত্য ভাবধাৰা আৰু অভিজাত চেতনাৰে ভূষিত হ'লেও আৰু দেশ-বিদেশৰ নানান উপকৰণ আহৰণ কৰি সৃষ্টিকর্মত আত্মনিয়োজন কৰি্লেও তেওলোকেও অসমীয়াসুলভ সাহিত্যিক প্রাণতা বাদ দিয়া নাই । এতিয়াও বিভিন্ন জনৰ কবিতাত সমাজ জীৱনৰ বিভিন্ন উপাদানৰ লগতে লোক-সাংস্কৃতিক উপাদান সমূহৰো প্রতিফলন লক্ষ্য কৰিব পাৰি ।গতিকে এতিয়া অলপ এৰা-ধৰা কৰাৰ সময়, আদান-প্রদান কৰাৰ সময় । মানদণ্ডৰ কথা দোহাই দি অকল শিক্ষিত এচামৰ গণ্ডীৰ মাজত কবিতা ৰাখি দিলে ই লুপ্ত হোৱাৰ বাবে বেচি দিন নালাগিব । কিন্ত এতিয়া শুভ লক্ষণ যে কবিতা ভাল পোৱা মানুহৰ সংখ্যা বাঢ়িছে । কবিতা লিখা বহুতে কবিতা নপঢ়ে বুলি অনা অভিযোগটো আংশিক ভাবেহে সত্য । গোলকীকৰণৰ বতাহে উৰুৱাই নিব নোৱাৰাকৈ ধৰি ৰাখিব পৰা্টোহে চিন্তনীয় কথা ।..