ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

60 নং শাৰী:
===মন্তব্য===
সমৰ্থন জনাইছোঁ৷ প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগে আগে কমন্সত ফটো যোগ দিয়াৰ বিষয়ে প্ৰাথমিক কৰ্মশালা এখনো কৰিলে ভাল হ’ব৷--[[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 23:00, 20 November 2020 (ইউ.টি.চি.)
 
: ২০১২ চনৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ পৰা কেইটামান পইণ্ট দিছোঁ।
# আলোকচিত্ৰসমূহ '''অসম সংক্ৰান্তীয়''' তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। (ওপৰত বুজাই দিয়া আছেই)
# আলোকচিত্ৰসমূহ '''নিজে তোলা''' হ'ব লাগিব।
# '''ছবিসমূহৰ নাম ইংৰাজী লিপিত''' দিলে গোলকীয় ব্যৱহাৰ কৰিবৰ বাবে সুবিধা হয়। নগাঁৱৰ ধাননি পথাৰৰ ফটো দিলে নামটো কেমেৰাত থকাৰ নিচিনাকৈ DSC002.jpg ৰ সলনি "View of a paddy field in Nagaon" জাতীয় দিব লাগে।
# ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা '''সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব'''। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব।
# '''চিত্ৰসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল''' (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও {{Strikethrough|কমেও ৭২ পিক্সেল/ইঞ্চি}} '''(এইটো ২০০ মান কৰা ভাল)''' হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল।
# চিত্ৰৰ আপলোডৰ বাবে png, gif, jpg, jpeg, xcf, pdf, svg, djvu, tiff, tif এইকেইটাৰ ভিতৰত যিকোনো এটা '''এক্সটেনছনৰ ফাইল''' ব্যৱহাৰ কৰিব পাৰিব।
# ছবি '''ৰঙীন অথবা ক'লা-বগা''' হ'ব লাগিব।
# চকুত পৰা ধৰণে '''ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব'''।
# ছবিসমূহৰ দৃশ্যমান অংশত কোনো '''ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব'''। ছবিত থকা তাৰিখ আৰু সময়টোও আতৰাই দিব লাগিব। চিত্ৰখন কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।
# প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি ('''creative commons attribution share alike''') অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। চিত্ৰসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব।
 
মোৰ বোধেৰে ৫ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ মানলৈকে পাতিব পাৰি। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 15:21, 22 November 2020 (ইউ.টি.চি.)