কালী-পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
16 নং শাৰী:
}}
'''কালী পূজা''' বা '''শ্যামা পূজা'''<ref>http://www.diwalifestival.org/regional-names-diwali.html</ref> হিন্দু দেৱী [[কালী]]ৰ প্ৰতি উৎসৰ্গিত [[ভাৰতীয় উপমহাদেশ]]ত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ [[ভাৰত]]ৰ [[পশ্চিম বংগ]], [[অসম]], [[ত্ৰিপুৰা]], [[ওড়িশা]], [[বিহাৰ]]ৰ মিথিলা অঞ্চল আৰু [[মহাৰাষ্ট্ৰ]]ৰ তিতৱালা চহৰ আৰু [[বাংলাদেশ]]ত পালন কৰা হয়।<ref name = MK72>McDermott and Kripal p.72</ref> এইদিনা ভাৰতৰ আন অঞ্চলত [[লক্ষ্মী পূজা]] আৰু [[দেৱালী]] অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদযাপন হোৱা দেখা যায়।
 
==কিংবদন্তি==
শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ মতে সৰ্বোচ্চ মহাজাগতিক দেৱী মহাকালী পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে ১০টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত। প্ৰত্যেক মহাবিদ্যা ১২ মাহৰ হিন্দু দিনপঞ্জী মতে অৱতাৰৰ তিথি আছে। এই দশ মহাবিদ্যাৰ ভিতৰত শেষ দেৱী হৈছে কমলতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিন কমলাতমিকা জয়ন্তী হিচাপে [[দেৱালী]]ৰ দিনা পালন কৰা হয়। তেওঁক 'তান্ত্ৰিক লক্ষ্মী' হিচাপেও জনা যায়। ভাৰতীয় উপমহাদেশৰ বাকী অংশত এই দিন দেৱতা শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ সৈতে যুক্ত। যিহেতু উভয়ে বৈষ্ণৱধৰ্মৰ কেন্দ্ৰীয় দেৱতা অধিকাংশ ভাৰতীয়য়ে দেৱালীক বৈষ্ণৱ উৎসৱ হিচাপে উদযাপন কৰে আৰু ভগৱান মহাবিষ্ণুৰ সংগী দেৱী লক্ষ্মীৰ পূজা কৰে।
 
পূব আৰু উত্তৰ-পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশালী। সেয়ে এই অঞ্চলত কমলতমিকাৰ মূল দেৱী মহাকালী পূজা কৰা হয়। পিছলৈ এই দিন কালীপূজাৰ ৰূপ লাভ কৰে।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/কালী-পূজা"ৰ পৰা অনা হৈছে