তৰুণ চন্দ্ৰ পামেগাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
== চমূ জীৱনী ==
তৰুণ চন্দ্ৰ পামেগামৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৬ আগষ্টত [[মাজুলী]]ৰ ২ নং বৰগঞা গাঁৱত<ref name=":0" />৷ তেওঁ কমলাবাৰীৰ [[হেমচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়|হেমচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়]] আৰু [[যোৰহাট চৰকাৰী হাইস্কুল]]ত স্কুলীয়া শিক্ষা লাভ কৰে৷ সেই সময়তে তেওঁ সাদিনীয়া ’তৰুণ অসম’ কাকতত ’উঠা এটি ক্ষণ, মিৰি ছাত্ৰগণ, আহা কৰোঁ পণ, নহ’বা বিমন’ নামৰ কবিতা এটি প্ৰকাশেৰে সাহিত্য চৰ্চা আৰম্ভ কৰে৷ স্কুলত পঢ়ি থকা কালতে তেওঁ আৱাহন আৰু জয়ন্তী কাকতত মিচিং সামাজিক ৰীতি-নীতি সম্পৰ্কীয় ভালেমান প্ৰবন্ধ প্ৰকাশ কৰে৷ <ref name=":0" /> সেইসময়তে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ পিতৃ বুধবৰ পামেগামৰ মৃত্যু হোৱাত তেওঁ শিক্ষা আধাতে সামৰি মাজুলীলৈ উভতি আহে৷
 
পৰৱৰ্ত্তীকালত তেওঁ শ্বিলঙলৈ গৈ বায়ুসেনা বাহিনীত যোগ দিয়ে৷ প্ৰায় ডেৰবছৰ কাল তেওঁ মু্ম্বাই, লাহোৰ, আম্বালা আদিত কৰ্মৰত হৈ থাকি পুনৰ মাজুলীলৈ উভতি যায়৷ ১৯৪৪ চনত তেওঁ মাজুলীত জেংৰাইমুখ এম ই স্কুল প্ৰতিষ্ঠা কৰি শিক্ষকতা আৰম্ভ কৰে৷ এই সময়ছোৱাতে তেওঁ ১৯৪৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷<ref name=":0" />
 
১৯৪৫ চনৰ পতা প্ৰায় তিনিবছৰ ধৰি পামেগামে ’আৰোহণ নামৰ এখন তিনিমহীয়া আলোচনী সম্পাদনা কৰিবলৈ লয়৷<ref name=":0" />
 
তেওঁৰ মৃত্যু হৈছিল ১৯৮৩ চনত।<ref name="/assam.org">{{cite web|url=https://assam.org/pages/some-great-assamese-last-1000-years|title=Some great Assamese in the last 1000 years|publisher=Assam Portal Online since 1997|accessdate=11 April 2020}}</ref>