গাঁঠিয়ন খুন্দা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{অসমৰ বিবাহ পৰম্পৰা}}
'''গাঁঠিয়ন খুন্দা''' অসমীয়াউজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক সামাজিক আচাৰ। বিবাহৰ সতে জড়িত বহু আচাৰ অনুষ্ঠানৰ দৰে গাঁঠিয়ন খুন্দা পৰ্বটোৰো বিশেষ বৈশিষ্ট আছে।
 
গাঁঠিয়ন হৈছে সুগন্ধি কাণ্ডৰে সৈতে এবিধ উদ্ভিদ প্ৰজাতি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ''Kaempferia galanga'' L. উদ্ভিদবিধ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত। অসমীয়া বিবাহ অনুষ্ঠানত নিয়ম-নীতিৰ মাজেৰে এইবিধ উদ্ভিদৰ মূঢ়া খুন্দা হয়। এই খুন্দা পৰ্বটোকে 'গাঁঠিয়ন খুন্দা' বুলি কোৱা হয়।
6 নং শাৰী:
গাঁঠিয়ন খুন্দা পৰ্বটো বিয়াৰ অধিবাসৰ দিনা পালন কৰা হয়। অধিবাস পূজা সম্পাদন কৰাৰ অন্তত কইনাক মড়লৰ কাষত বহুওৱা হয়। তেওঁৰ সন্মুখত এখন শিলৰ পটা ৰখাৰ লগতে গাঁঠিয়ন মুঠা, গন্ধ-বিৰিণা আদি ৰখাৰ নিয়ম। কইনাক পটাখনৰ ওপৰত থকা পটাগুটিটো ধৰিবলৈ দিয়া হয়। সেই সময়ত তেওঁক বেৰি ধৰি থকা আন চাৰিগৰাকী অকুমাৰী ছোৱালীয়ে কইনাৰ লগতে পটাগুটিত ধৰি গাঁঠিয়ন খুন্দিব লাগে। অৱশ্যে কিছু কিছু অঞ্চলত চাৰিগৰাকী অকুমাৰী ছোৱালীৰ পৰিৱৰ্তে কইনাকে ধৰি সাতগৰাকী আয়তীয়ে গাঁঠিয়ন খুন্দাৰ নিয়ম ৷ এনেদৰে গাঁঠিয়ন খুন্দি থকাৰ সময়ত তাত উপস্থিত থকা আয়তীসকলে নাম গায় আৰু উৰুলি দিয়ে। এই সময়ত গোৱা নাম এনেধৰণৰ—
 
<poem>"উজনিশদিয়া ৰাজ্যৰৰাজৰে এ গন্ধখুন্দে গাঁঠিয়ন,
নামনি ৰাজ্যৰৰাজৰে পটা ৰাম হৰি হৰি ৷
কন্যাৰ মাক অতি সুলক্ষণী,
আপুনি ধৰিলে পটা ৰাম হৰি হৰি ৷