বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
33 নং শাৰী:
পূৰ্বতে সত্ৰৰ ভূমি (য'ত এইখন মূলতে অৱস্থিত আছিল) ১৩৯২ খ্ৰীষ্টাব্দত সদধাপুৰ/শদিয়া ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক দান কৰিছিল আৰু লগতে মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু, বানপানীৰ কাৰণে মন্দিৰভাগৰ স্থান পৰিত্যক্ত হয় আৰু ১৪০১ খ্ৰীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়ণে (সত্যনাৰায়ণৰ পুত্ৰ) এভাগ নতুন মন্দিৰৰ প্ৰতিষ্ঠিত কৰে। মন্দিৰভাগৰ ভূমি ৰবিদাস বনসপতি নামৰ এজন পুৰোহিতক দান কৰা হৈছিল। পাচৰ পৰ্য্যায়ত ৰবিদাসৰ বংশৰ বাহুদ নামৰ এজন ব্ৰাহ্মণে বৈষ্ণৱ সন্ত দামোদৰদেৱ আতাক সত্ৰ প্ৰতিষ্ঠাৰ বাবে মন্দিৰটো দি দিছিল।
 
চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ(শদিয়া) পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামৰ ঠাইৰ বাসুদেৱ মন্দিৰৰ ভূমিত পত্ৰসত্ৰ স্থাপন কৰে। এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে<ref>www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref> প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়<ref>* শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)</ref>
 
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ। ” এতিয়াৰ সত্ৰখনৰ নামকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মণে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকাণ্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম”ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।