চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
| pseudonym =
| birth_name =
| birth_date = ৮ জুলাই, ১৯২৭<!-- {{Birth date and age|Year1927|Month7|Day8}} -->
| birth_place = জালুকগাঁও, আমগুৰি, [[শিৱসাগৰ জিলা]]
| death_date = ৮ আগষ্ট, ২০০৬ <!-- {{Death date and age|Year2006|Month8|Day8|Year1927|Month7|Day8}} -->
| death_place =
| resting_place =
19 নং শাৰী:
| subject =
| movement =
| notableworks = [[মহাৰথী (উপন্যাস)|মহাৰথী]]
| spouse = প্ৰভা দাসৰ
| partner =
30 নং শাৰী:
| website =
}}
'''চন্দ্ৰপ্ৰসাদ শইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল। [[কলিকতা বিশ্ববিদ্যালয়]]ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "[[মহাৰথী (উপন্যাস)|মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়সী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায়। তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিলকৰিছিল।<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>
 
==সময়ৰেখা==
#* ১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম। পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া। মাতৃ — দুৰ্গেশ্বৰী শইকীয়া।
#* ১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ।
#* ১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ।
#* ১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি।
#* ১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি।
#* ১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ।
#* ১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ। গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস।
#* ১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ। ন-মাহ কাৰাদণ্ড।
#* ১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা। কটন কলেজত আই. এ.ত নাম ভৰ্তি।
#* ১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি।
#* ১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা।
#* ১৯৫১ — কলিকতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি।
#* ১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন।
#* ১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান।
#* ১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ।
#* ১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম।
#* ১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান। প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম।
#* ১৯৬৪ — চুটি গল্প সংকলন 'মায়ামৃগ' প্ৰকাশ।
#* ১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ 'ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ'ত যোগদান; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ।
#* ১৯৬৬ — সম্পাদক ৰূপে 'মণিদ্বীপ' (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান।
#* ১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ষ
#* ১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী 'অসমীয়া'ৰ সম্পাদক।
#* ১৯৬৯ — উপন্যাস 'এদিন' প্ৰকাশ।
#* ১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম।
#* ১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ।
#* ১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ।
#* ১৯৭৫ — অসমীয়া আলোচনী 'প্ৰকাশ'ৰ সম্পাদক।
#* ১৯৭৬ — উপন্যাস 'জন্মান্তৰ' প্ৰকাশ। মাতৃৰ বিয়োগ।
#* ১৯৮৩ — জাৰ্মানীৰ বিখ্যাত 'ফ্ৰাংকফুৰ্ট' গ্ৰন্থমেলাত অংশগ্ৰহণ।
#* ১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন।
#* ১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ।
#* ১৯৮৭ — চুটি গল্পৰ সংকলন 'চক্ৰৱত' প্ৰকাশ।
#* ১৯৮৮ — দৈনিক কাকত 'নতুন দৈনিক'ৰ সম্পাদক।
#* ১৯৮৯ — চুটি গল্পৰ সংকলন 'অংগীকাৰ' প্ৰকাশ।
#* ১৯৯১ — 'মহাৰথী' আৰু 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ প্ৰথম খণ্ড প্ৰকাশ।
#* ১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী 'গৰিয়সী'ৰ সম্পাদক পদ গ্ৰহণ। 'মহাৰথী'ৰ দ্বিতীয় খণ্ড প্ৰকাশ।
#* ১৯৯৫ — 'মহাৰথী'ৰ বাবে সাহিত্য একাডেমীঅকাডেমি বঁটা। সম্পাদকীয় সংকলন 'দৃষ্টিকোণ' আৰু 'নিৰ্বাচিত সম্পাদকীয়' প্ৰকাশ।
#* ১৯৯৬-৯৮ — গৰিয়সীৰ বাবে 'কথা' বঁটা লাভ।
#* ১৯৯৮ — 'অসম বাণী'ৰ সম্পাদক। অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি। ' অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস' সম্পাদনা।
#* ১৯৯৯ — 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ ২য় খণ্ড প্ৰকাশ।
#* ২০০৬ — অন্তিম শয়ন।
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
{{Navbox assam biography}}
{{পদ্ম বঁটা বিজয়ী অসমৰ ব্যক্তি}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল}}
{{অসম উপত্যকা সাহিত্য বঁটা}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]