ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
মোৰ ৱিকিপিডিয়া লিখাৰ প্ৰচেষ্টা-->
 
দণ্ডীধৰ ফাটোৱালীৰ জীৱন আৰু সাহিত্য- কৃতিৰ ঐতিহাসিক তাৎপৰ্য
ইম'জিৰ ইম'চন
- বীৰ্কে বি. থাপা
অম্বিকাগিৰি যুগৰ জাতীয় পুনৰোত্থানৰ এগৰাকী সৰৱ কৰ্মী তথা অবিভক্ত লক্ষীমপুৰ জিলাৰ প্ৰথমগৰাকী জনজাতীয় সাহিত্যিক প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ সৃষ্টিৰাজিৰ সবিশেষ আলোচনা প্ৰকৃততে যেনেদৰে হ'ব লাগিছিল তেনেদৰে আজিও হোৱা নাই। আশ্বৰ্যজনকভাৱে বহুতৰ বাবে তেখেত আজিও তেনেই অখ্যাত। অথচ প্ৰয়াত ফাটোৱালীদেৱ এনে এগৰাকী লেখক আছিল যি গৰাকী লেখকে বিংশ শতিকাৰ দ্বিতীয় দশকত গা-কৰি উঠা জনজাতীয় জাগৰণৰ অন্যতম এগৰাকী প্ৰধান হোতা স্বৰূপে জনজাতীয়-স্বকীয়তা ৰক্ষাৰ বাবে অহৰ্নিশে কাম কৰি যোৱা সত্বেও এক উদাৰ মানসিকতাৰে বৃহত্তৰ অসমীয়া জাতিসত্বাতো আকুণ্ঠ বিশ্বাস ৰাখিছিল আৰু অসমীয়া সমাজ-জীৱনৰ নানা সমস্যা আৰু কেৰোণসমূহক নিজৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰি গৈছিল।
প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱে যি সময়ত লিখিবৰ বাবে হাতত কলম তুলি লৈছিল সেই সময়ত ডাঙৰীৰ দৰে তেনেই আওহতীয়া অঞ্চলৰ কথা বাদেই, সমগ্ৰ অসমতে সাহিত্য সৃষ্টিৰ অনুকুল পৰিৱেশ নাছিল।কুৰি শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে তেখেতে শত্ৰুদমন, নীলাম্বৰ,গেলাত টেঙা,সৰস্বতী আদি কেইবাখনো পূৰ্ণাংগ নাট আৰু প্ৰহসন,কবিতা তথা উপন্যাস ৰচনা কৰি সাহিত্য-চিন্তা আৰু চৰ্চাৰ বাট মুকলি কৰিছিল।তেখেতৰ প্ৰচেষ্টাতে বৃহত্তৰ ডাঙৰী আৰু ছৈখোৱা অঞ্চলত নাট্যচৰ্চাৰো এক পৰিৱেশ গঢ় লৈ উঠিছিল।
প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ জন্ম হৈছিল 1896 চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ বদলাভেটা চাহ বাগিচাত।এটি সাক্ষাৎকাৰত তেখেতে কোৱা মতে,সপ্তাহৰ তেল-নিমখৰ বাবে ছয় অনাৰ খোৰাকীৰে তেখেতে প্ৰথমে শদিয়াৰ মাইনৰ স্কুলত পঢ়া আৰম্ভ কৰিছিল আৰু পঢ়া-শুনাত মেধাৱী ছাত্ৰ হিচাপে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম হৈ মাইনৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেখেতে সিমানতে পঢ়া-শুনা সমাপ্ত কৰি মাহে তিনি টকা দৰমহাত বদলাভেটা চাহ-বাগিচাতে কৰ্মজীৱন আৰম্ভ কৰিবলগীয়া হৈছিল। কিন্তু তেখেতৰ ওপৰত জাপি দিয়া এটা মিছা অপবাদৰ বাবে প্ৰবল আত্মসন্মানবোধসম্পন্ন ফাটোৱালীদেৱে হাতৰ চাবিকোচা বগা চাহাবৰ টেবুললৈ দলিয়াই দি চাহ বাগিচাৰ চাকৰি এৰি গাঁৱৰ ঘৰলৈ গুচি আহিছিল আৰু ডাঙৰী গাঁৱৰ পৈত্ৰিক ভূমিত স্বাধীনভাৱে খেতি-খোলাৰ কামত নিজক নিমগ্ন কৰিছিল।
কৃষিকৰ্মৰ লগে লগে তেখেতে সাহিত্যচৰ্চাও কৰি গৈছিল।উল্লেখযোগ্য যে ফাটোৱালীদেৱৰ সাহিত্য সৃষ্টিৰ অন্তৰালত নিশ্চিতভাৱে সেই সময়ত ডাঙৰীত গঢ় লৈ উঠা জনজাতীয় জাগৰণৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল।বিশিষ্ট শিক্ষাবিদ প্ৰয়াত গকুল সোনোৱাল দেৱে লিখা 'অসমৰ জনজাতি জাগৰণ আৰু জনজাতি জাগৰণত সোনোৱাল কছাৰীৰ ভূমিকা' শীৰ্ষক লেখাৰ পৰা জানিব পৰা যায় যে 1921চনত গঠিত ''ডাঙৰী কছাৰী যুৱক সন্মিলনী'খনেই আছিল প্ৰকৃততে সমগ্র অসমৰে জনজাতীয় জাগৰণৰ প্ৰথম সূত্ৰপাত ।অনুষ্ঠানটিৰ জন্ম লগ্নৰ সৈতে জড়িত ব্যক্তিসকলৰ ভিতৰত আছিল প্ৰয়াত ভৰত চন্দ্ৰ খাখলাৰী,যাদৱ চন্দ্ৰ খাখলাৰী, সোনাৰাম বাগলাৰী,কীৰ্তিনাথ খাখলাৰী আৰু দণ্ডীধৰ ফাটোৱালী।সন্মিলনীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল-সোণোৱালসকলৰ স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি যোৱা।সোনোৱাল কছাৰীসকলৰ মাজত জাতীয় চেতনা গঢ়ি তোলাৰ উদ্দেশ্যে এই 'ডাঙৰী কছাৰী সন্মিলনী'ৰ উদ্যোগতে ১৯২৫ চনত 'প্ৰভাতী' আৰু১৯৩৩ চনত 'ৰাইজ' নামৰ দুখনকৈ আলোচনীও প্ৰকাশ কৰা হৈছিল।দুৰ্ভাগ্যব:শত আৰ্থিক সমস্যাৰ বাবেই দুয়োখন আলোচনীৰে প্ৰকাশ কম দিনতে বন্ধ হৈ গৈছিল।সেয়ে হ'লেও কিছু সংখ্যক শিক্ষিত লোকৰ মাজত সাহিত্য-চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আলোচনী দুখনৰ প্ৰভাৱ আছিল যথেষ্ট। জনজাতীয় আন্দোলনৰ এগৰাকী সৰব কৰ্মী হিচাপে স্বাভাৱিকতে দণ্ডীধৰ ফাটোৱালীদেৱৰো অন্তৰ্সত্বাত গঢ় লৈ উঠিছিল এক সবল আৰু সুদৃঢ় সংস্কাৰকামী মন।এই সংস্কাৰকামী মনটোৰে তেখেতে সাহিত্য সৃষ্টি কৰি গৈছিল।
'ডাঙৰী কছাৰী যুৱক সন্মিলনী'ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তীকালত 'অসম ট্ৰাইবেল লীগ' গঠণ হোৱালৈকে এক সুদীৰ্ঘ জীৱন তেখেতে জনজাতীয় জাগৰণৰ আন্দোলনত অক্লান্ত ভাৱে কাম কৰি গৈছিল। এই সময়ছোৱাত সোনোৱালসকলৰ ঐতিহাসিক তথ্য উদ্ঘাটনৰ বাবে অধ্যয়ন কৰাৰ উপৰিও সোনোৱাল সকলৰ প্ৰচলিত মাত-কথা , হায়গাং গীত আদিও সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল।
প্রয়াত দণ্ডীধৰ ফাটোৱালী আছিল গান্ধীজীৰ আদৰ্শৰ প্ৰতিও গভীৰ ভাৱে অনুৰক্ত।গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে সামাজিক উন্নয়নমূলক বিভিন্ন কৰ্মৰ সৈতে নিজক জড়িত কৰি ৰাখিছিল।সেইসূত্ৰে তেখেত লোকনায়ক অমিয় কুমাৰ দাস, প্ৰফুল্ল গোস্বামী, অম্বিকাগিৰি ৰায়চৌধুৰী ,আনন্দ চন্দ্ৰ বৰুৱা, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, ভীমবৰ দেউৰী আদিৰ দৰে ব্যক্তিৰ সান্নিধ্যলৈয়ো আহিছিল।অমিয় কুমাৰ দাসৰ দৰে ব্যক্তি তেখেতৰ ডাঙৰীস্থ ঘৰলৈ আহি ডাঙৰী-ছৈখোৱা অঞ্চলৰ কানি-নিবাৰণী অভিযানৰ দায়িত্ব তেখেতৰ ওপৰত অৰ্পণ কৰিছিল।দণ্ডীধৰ ফাটোৱালীদেৱৰ সামাজিক কৰ্মৰাজীৰ ভিতৰত ট্ৰাইবেল সংঘৰ সংগঠন,পঞ্চাশৰ বৰভূইকঁপৰ সময়ত উচ্ছন্ন হোৱা চিৰিং গাওঁ কটকৰা জানৰ সিপাৰৰ ৰাইজক আনি ডাঙৰীৰ গ্ৰেজিঙত স্থাপন কৰা আদি উল্লেখনীয়।তেখেতৰ সামাজিক কৰ্মৰাজীক উদগনি যোগাইছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে ব্যক্তিয়েও ।ৰায়চৌধুৰীদেৱে বিভিন্ন সময়ত চিঠি-পত্ৰৰ যোগেদি সঘন যোগাযোগ ৰাখি তেখেতক সামাজিক দায়বদ্ধতাৰ কথা সোঁৱৰাই দিছিল।সেইদৰে আত্মগোপন কালত আহি বিষ্ণুপ্ৰসাদ ৰাভাইয়ো তেখেতৰ ঘৰত আশ্ৰয় লৈছিল ।ডাঙৰীত থকা কালতে ৰাভাদেৱে 'সুৰৰ দেউল ' নামৰ নাটক এখন লিখিছিল আৰু সৰস্বতী পূজাৰ দিনা ডাঙৰী স্কুলত মঞ্চস্থও কৰাইছিল।নাটকখনত সন্নিবিষ্ট 'সুৰৰে দেউলৰে ৰূপৰে শিকলি 'গীতটি পৰৱৰ্তী কালত বিখ্যাত হৈ পৰিছিল।
ফাটোৱালীদেৱৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে অবিভক্ত ডিব্রুগড় জিলা সাহিত্য পৰিষদে 1969 চনত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।1976 চনত অসম চৰকাৰেও তেখেতলৈ সাহিত্যিক পেঞ্চন আগবঢ়াইছিল।অৱশেষত 1979 চনত কর্কট ৰোগত আক্ৰান্ত হৈ 86 বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
ফাটোৱালীদেৱৰ সাহিত্য কৃতিৰ সূক্ষ্ম অধ্যয়নৰ পৰা দেখা যায় যে এক উচ্চ পৰ্যায়ৰ শিল্পগুণ বা নন্দনতাত্বিক মূল্যতকৈ তেখেতৰ সৃষ্টিৰাজিৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়টোকহে আমি অধিক গুৰুত্ব দিয়া উচিত।এই কথা সত্য যে তেখেতৰ ৰচনাত আজিৰ যুগৰ পাঠকে নিশ্চয় কেতিয়াও এক উচ্চ মানবিশিষ্ট লেখনশৈলী বা সাহিত্যৰ ৰূপ-ৰস আৱিস্কাৰ নকৰিব। ইয়াৰ বাবে অৱশ্যেই তৎকালীন সাহিত্য সৃষ্টিৰ প্ৰতিকুল পৰিৱেশৰ কথাই মূলতে দায়ী।
দণ্ডীধৰ ফাটেৱালীদেৱৰ লেখক-সত্বাত সততে লুকাই থকা দেখা যায় এজন সমাজ সচেতন,সংস্কাৰকামী মানুহ।সেয়ে সাহিত্যৰ শিল্পগুণ বা সৌন্দৰ্যৰ পৰিৱৰ্তে তেখেতৰ ৰচনাত লক্ষ কৰা যায় সামাজিক সমস্যাৰাজীৰ পোনপটীয়া প্ৰকাশ।এই সমস্যাসমূহক পোনপটীয়াকৈ প্ৰকাশ কৰিবলৈ যোৱাৰ ফলস্বৰূপে তেখেতৰ বেছিভাগ ৰচনাই হৈ পৰিছে নাটকীয়ভাৱে বক্তৃতাধৰ্মী আৰু উপদেশ, নীতিকথাৰে পূৰ্ণ।স্বাভাৱিকতে সাহিত্যৰ নন্দনতাত্বিক দৃষ্টিত তেখেতৰ ৰচনাসমূহৰ সৰসতা,আনুভূতিক অন্তধৰ্মিতা আৰু শিল্পগূণ বিনষ্ট হৈছে।
ফাটোৱালীদেৱৰ ৰচনাত শিল্পগুণ বিনষ্ট হোৱা সত্বেও সিবিলাকৰ এক সুকীয়া ঐতিহাসিক তাৎপৰ্য আছে।তেখেতে সেই সময়ত অসমীয়া ভাষা আৰু লিপিত লিখিবলৈ আৰম্ভ কৰিছিল যি সময়ত অসমৰ ভূমিপুত্ৰস্বৰূপ জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্ম , সংস্কৃতি , দোৱান আদিক আকোঁৱালী আছিল আৰু বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য , সংস্কৃতি আৰু লিপিক নিজৰ বুলি গ্ৰহণ কৰাৰ মানসিকতা গোটাব পৰা নাছিল। সেই সময়ত তেখেতৰ দৰে খুব কম সংখ্যক শিক্ষিত জনজাতীয় লোকেহে ইয়াৰ ভৱিষ্যৎ পৰিণাম সম্পৰ্কে সচকিত হৈ উঠিছিল।অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে চেষ্টা কৰা জনজাতীয় লেখকসকলৰ কথা উল্লেখ কৰোঁতে সেয়ে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ 'অসমীয়া ভাষা আৰু জনজাতীয় জাগৰণ' শীৰ্ষক এটি প্ৰবন্ধত সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে,মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী আদিৰ লগতে দণ্ডীধৰ ফাটোৱালীদেৱৰো নাম উল্লেখ কৰিছে। ফাটোৱালীদেৱে নিজৰ জনজাতীয় সমাজত প্ৰচলিত দোৱানসমূহৰ আভিধানিক সংকলন,হায়দাং গীতৰ সংগ্ৰহ আদিৰ লগে লগে গীত, কবিতা, নাটক,উপন্যাস আদি সৃষ্টিশীল ৰচনাৰ কামতো নিজক নিমগ্ন কৰিছিল।
অসমীয়া সাহিত্যৰ ইতিহাসলৈ লক্ষ কৰিলে দেখা যায় যে দ্বিতীয় মহাসমৰৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায় ঘাইকৈ দণ্ডীনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসসমূহত।এই দুগৰাকী লেখকৰ পাছত তৎকালীন সমাজৰ বিভিন্ন অৱস্থাৰ চিত্ৰণ কৰা লেখকৰ নাম বহুদিনলৈকে পোৱা নাযায়।'অসমীয়া সাহিত্যত দৃষ্টিপাত' শীৰ্ষক গ্ৰন্থত এই সম্পৰ্কে আলোচনা কৰি ড: হেমন্ত কুমাৰ শৰ্মাই লিখিছে যে কলিতা আৰু তালুকদাৰৰ পাছত দ্বিতীয় মহাসমৰৰ আগলৈকে তেনে বিশেষ উল্লেখযোগ্য উপন্যাস লেখক পোৱা নাযায় যদিও এই সময়ছোৱাৰ মাজত কেইগৰাকীমান (অপ্ৰখ্যাত)লেখকে আত্মপ্ৰকাশ কৰিছিল।সেইসকলৰ ভিতৰত এগৰাকী হ'ল 'চপলা'ৰ লেখক দণ্ডীধৰ সোনোৱাল।(উল্লেখযোগ্য যে 'চপলা'ৰ প্ৰথম সংস্কৰণত লেখকৰ নাম দণ্ডীধৰ সোনোৱাল বুলিয়েই প্ৰকাশ পাইছিল)।
1922 চনত প্রকাশিত 'চপলা' এখনি সামাজিক উপন্যাস।মাহী আইৰ নিষ্ঠুৰতাৰ বলি হোৱা এটি শিশুৰ মানসিক যন্ত্ৰণা,অভিমান আদিক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনীভাগ ৰচিত।উপন্যাসখনৰ কাহিনী,চৰিত্ৰ সৃষ্টি আদিত বৈচিত্ৰ্য নাই।তেনেদৰে চৰিত্ৰসমূহৰ মাজতো আধুনিক উপন্যাসৰ অন্যতম বৈশিষ্ট্যস্বৰূপ মনস্তাত্বিক দ্বন্দ্ব বা সংঘাতৰ চিত্ৰ নাই।আমাৰ সমাজত সততে দেখিবলৈ পোৱা মানুহৰ মনৰ সংকীৰ্ণতা,মাহী আইৰ নিষ্ঠুৰতা আদিক সৰলভাৱে লেখকে উপন্যাসখনত প্ৰকাশ কৰিছে।উপন্যাসখনৰ পাতে পাতে লেখকৰ সংস্কাৰকামী মনটোৱে অহৰহ ক্ৰিয়া কৰি থকাৰ ফলস্বৰূপে উপন্যাসখনত স্বাভাৱিক সৰলতা লুপ্ত হোৱা সততে পৰিলক্ষিত হয়।
ফাটোৱালীদেৱৰ উপন্যাসসমূহৰ ক্ষেত্ৰত দেখা যায় যে কাহিনী উপস্থাপনৰ যি কৌশল বাংলা সাহিত্যৰ বিশিষ্ট লেখক বংকিমচন্দ্ৰ চট্টোপধ্যায়ৰ পৰা অসমীয়া সাহিত্যৰ ৰজনীকান্ত বৰদলৈলৈকে বাগৰি আহিছিল সেই একেই কৌশল তেখেতৰ উপন্যাসসমূহতো পৰিলক্ষিত হয়। তেখেতে নিজেও বিভিন্ন সাক্ষাৎকাৰ আৰু লেখাসমূহৰ যোগেদি এই কথা প্ৰকাশ কৰিছিল যে সাহিত্য হিচাপে তেখেতৰ প্ৰিয় বিষয় আছিল বংকিমচন্দ্ৰ চট্টোপধ্যায়, কমলাকান্ত ভট্টাচাৰ্য, অতুলচন্দ্ৰ হাজৰিকা আদিৰ লেখাসমূহ।সেয়ে হ'লেও কাহিনী উপস্থাপনৰ ক্ষেত্ৰত তেখেতে বহুসময়ত অযথা নাটকীয় আৰু বাস্তৱ জীৱনৰ সৈতে সংগতিহীন দীঘলীয়া কাব্যময় সংলাপ ব্যৱহাৰ কৰা দেখা যায় যিয়ে নেকি বহু সময়ত সাহিত্যৰ শিল্পগুণ যথেষ্ট লাঘৱ কৰে।
কাহিনী সৃষ্টিত তেখেতৰ দক্ষতা সততে চকুত নপৰে যদিও কাহিনীৰ হৃদয়স্পৰ্শী আৱেদনে পাঠকক মুগ্ধ নকৰাকৈ থাকিব নোৱাৰে ।উল্লেখযোগ্য যে এই হৃদয়স্পৰ্শী কাহিনীৰ মাজেৰে প্ৰতিফলিত হোৱা তেখেতৰ সংস্কাৰকামী আদৰ্শই হৈছে প্ৰকৃততে তেখেতৰ সাহিত্য-সৃষ্টিৰ প্ৰধান বিষয়বস্তু।
1924 চনত প্ৰকাশিত তেখেতৰ 'যুগল-মূৰ্তি' উপন্যাসৰ কেন্দ্ৰীয় বিষয়বস্তু এহাল যুৱক-যুৱতীৰ নিষ্পাপ প্ৰেম কাহিনী। 'চপলা'তকৈ 'যুগলমূৰ্তি'ৰ ৰচনাত তেখেতক বেছি সংযত হোৱা দেখা যায়।প্রথমখন উপন্যাস লিখাৰ দুবছৰৰ পাছত এইখন উপন্যাস লিখাৰ বাবেই হয়তো উপন্যাসখনত পৰিৱেশ চিত্ৰণ,চৰিত্ৰ অংকণ আদিয়ে তুলনামূলকভাৱে এক উন্নত মানদণ্ড লাভ কৰিবলৈ সক্ষম হৈছে।নাটকৰ দৰে দীঘলীয়া সংলাপৰ ব্যৱহাৰ তেখেতে বাদ দিয়া নাই যদিও বিশেষ আমনিদায়ক হোৱা নাই।যুগল আৰু মূৰ্তি নামৰ এহাল কিশোৰ-কিশোৰীৰ কৈশোৰ কালৰ নিষ্পাপ মৰম -চেনেহ যৌৱনত গৈ প্ৰেমলৈ ৰূপান্তৰিত হোৱা কাহিনীৰ অনুপম বৰ্ণনা দিয়াত লেখক নি:সন্দেহে সফল হৈছে।
'যুগলমূৰ্তি' উপন্যাসত এটি সুন্দৰ প্ৰেম কাহিনী প্ৰকাশ কৰাৰ লগতে উপন্যাসিকে চাহ বাগিচাৰ সেউজ পৰিৱেশ,চাহাবৰ বঙলা আৰু তাৰ জীৱন-যাপন প্ৰণালীৰো সুন্দৰ চিত্ৰ অংকন কৰিছে।উপন্যাসখনৰ কাহিনী পৰিকল্পনাত যথেষ্ট শিথিলতা পৰিলক্ষিত হয় যদিও চাহ বাগিচাত চাকৰি কৰা অসমীয়া মধ্যবিত্ত লেকসকলৰ বাবুগিৰি,সাধাৰণ শ্ৰমিক-বনুৱাসকলৰ ওপৰত তেওঁলোকে চলোৱা অন্যায় অত্যাচাৰ, হিংসা-কপট আদিৰ বাস্তৱ চিত্ৰ অংকন কৰাত তেখেত যথেষ্ট সফল হৈছে।উল্লেখযোগ্য যে অসমীয়া সাহিত্যত চাহবাগিচাৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস বুলি কওঁতে সাধাৰণতে ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী' উপন্যাসখনৰ কথাই কোৱা হয়।কিন্তু লক্ষণীয় যে ৰাস্না বৰুৱাৰ এইখন উপন্যাস প্ৰকাশ পাইছিল 1958 চনত আৰু তাৰো প্ৰায় 34 বছৰ পূৰ্বে 1924 চনতে ফাটোৱালীদেৱে 'যুগলমূৰ্তি' উপন্যাসৰ জৰিয়তে চাহবাগিচাৰ কাহিনীক প্ৰথম প্ৰকাশ কৰিছিল।
'সেউজী পাতৰ কাহিনী' উপন্যাসৰ শিল্পগুণ, চৰিত্ৰ চিত্ৰণ, কাহিনী উপস্থাপন কৌশল আদি নি:সন্দেহে অনুপম আৰু অতি উচ্চ মানবিশিষ্ট।কিন্তু 'যুগলমূৰ্তি'ৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়টোকো অস্বীকাৰ কৰিব নোৱাৰি। বিষয়টোক অসমীয়া সাহিত্যৰ সমালোচকসকলে গুৰুত্ব দিয়া উচিত।দুখৰ বিষয় যে , ফাটোৱালীদেৱে নিজৰ গাঁঠিৰ ধন ভাঙি ছপা কৰা এই উপন্যাসখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ নোপোৱাৰ বাবে বৰ্তমানে তেনেই দুষ্প্ৰাপ্য হৈ পৰিছে।ফাটোৱালীদেৱৰ এইখন উপন্যাসৰ লগতে অন্যান্য সৃষ্টিৰাজিৰো পুনৰ্প্ৰকাশৰ ব্যৱস্থা কৰিব পাৰিলে অসমীয়া সাহিত্যৰ ইতিহাসত নি:সন্দেহে এক মহৎ কাৰ্য হ'ব।++
 
 
 
 
 
 
______________________________