আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎কৰ্মজীৱন: চৰকাৰে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
8 নং শাৰী:
| term_end = ২ ফেব্ৰুৱাৰী ১৯৫৮
| primeminister = [[জৱাহৰলাল নেহৰু]]
| birth_date = {{birth date|df=yes|1888|11|11}}
| birth_place = [[মক্কা]], [[:en:Hejaz Vilayet|হেজাজ বিলায়ত]], [[:en:Ottoman Empire|অট্টমান সাম্ৰাজ্য]] <small>(বৰ্তমানৰ [[চৌদি আৰৱ]])</small>
| death_date = {{death date and age|df=yes|1958|2|22|1888|11|11}}
| death_place = [[দিল্লী]], [[ভাৰত]]
| signature = Autograph_of_Maulana_Abul_Kalam_Azad.jpg
}}
'''মৌলানা আবুল কালাম আজাদ''' (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ; {{audio|Abulkalam.ogg|pronunciation}}; {{lang-en|Abul Kalam Muhiyuddin Ahmed Azad}}; {{lang-ur|{{Nastaliq|ابو الکلام محی الدین احمد آزاد}}}}) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু [[ভাৰতীয় স্বাধীনতা আন্দোলন]]ৰ প্ৰমুখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান [[ভাৰত-ৰত্ন বঁটা]]ৰে সন্মানিত কৰিছিল<ref name="Padma Awards Directory 1954–2007">{{cite web|title=Padma Awards Directory (1954–2007)|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]]|accessdate=7 December 2010}}</ref>। স্বাধীনোত্তৰ কালত তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত '''ৰাষ্ট্ৰীয় শিক্ষা দিৱস''' হিচাপে পালন কৰা হয়।<ref name="মৌলানা আবুল কালাম আজান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১০৪,১০৫,১০৬}}</ref><ref name="thehindu">{{cite web| title=International Urdu conference from Nov. 10| url=http://www.hindu.com/2010/11/07/stories/2010110754680500.htm| publisher=hindu.com| date=November 7, 2010| accessdate=13 april 2012}}</ref>
 
==জন্ম আৰু বংশ পৰিচয়==
20 নং শাৰী:
 
==শিক্ষা==
মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ [[ভাৰত]]লৈ আহি [[কলকাতা]]ত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল। ১৯০৫ চনত তেওঁ [[মিছৰ]]ৰ '''আল-আজ-হাৰ বিশ্ববিদ্যালয়'''ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।<ref name="মৌলানা আবুল কালাম আজান"/>
 
==কৰ্মজীৱন==
28 নং শাৰী:
 
==ভাৰতৰ স্বাধীনতা আন্দোলনত ভূমিকা==
মৌলানা আবুল কালাম আজাদৰ কাম-কাজৰ প্ৰতি বেঙ্গল চৰকাৰ ৰুষ্ট হয় আৰু সেই মৰ্মে ১৯১৬ চনৰ ২২ মাৰ্চ তাৰিখে এক ঘোষণা জাৰি কৰি, আজাদক বংগ প্ৰদেশ এৰি যাবলৈ এক কঠোৰ নিৰ্দেশ দিয়ে। আজাদে সেই নিৰ্দেশ মানি ৩০ মাৰ্চত কলকাতা এৰি [[ৰাঁছী]]লৈ গুচি যায়। ৰাঁচীৰ মৰহাবাদী নামৰ এখন জনজাতী গাঁৱত তেওঁ বস-বাস কৰিবলৈ লয়। তেওঁ ৰাঁচীত থকা কালছোৱাত ওৰাং, কোল, মুণ্ডা আদি জনজাতিসকলৰ লগত মিলি পৰম সুখৰে দিন কটাইছিল। ১৯২০ চনৰ জানুৱাৰী মাহত আজাদৰ ওপৰত থকা অন্তৰীণ বন্দীৰ আদেশ চৰকাৰে উঠাই লয়। তেওঁ তেতিয়া ৰাঁচীৰ পৰা কলকাতালৈ উভতি আহে। আজাদ কলকাতালৈ আহি এইবাৰ সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰে। ১৯২০ চনৰ ১৮ জানুৱাৰীত তেওঁ [[মহাত্মা গান্ধী]]ৰ সান্নিধ্যলৈ আহে। কলকাতা আৰু [[নাগপুৰ]]ত বহা কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱলৈ মৌলনা আবুল কালাম আজাদ আৰু [[হাকিম আজমল খানে]] পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। ১৯২১ চনত মৌলানা আজাদে কলকাতাৰ পৰা '''পয়গম''' নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল। ১৯২১ চনৰ ১০ ডিচেম্বৰত মৌলানা আজাদ গ্ৰেপ্তাৰ হয় আৰু এবছৰ কাৰাবৰণ খাটিব লগা হয়। ১৯২৩ চনত [[দিল্লী]]ত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত মৌলানা আজাদক সভাপতি নিৰ্বাচিত কৰা হয়। ১৯৪০ চনত [[ৰামগড়]]ত বহা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকি, তেওঁ দেশৰ গুৰুদায়িত্ব পালন কৰিছিল। ১৯৪২ চনৰ ২৯ মাৰ্চত ক্ৰীপচৰ লগত হোৱা আলোচনাত মৌলানা আবুল কালাম আজাদে যোগদান দিছিল। ১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৯ আগষ্টত বৃটিছব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধী, [[জৱাহৰলাল নেহেৰু]], [[সৰুজিনী নাইডু]], মৌলানা আবুল কালাম আজাদক আটক কৰে। ১৯৪৫ চনৰ মে মাহত বৃটিছব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিবলৈ [[চিমলা]]ত এখন সন্মিলন পাতে। এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সভাপতি মৌলানা আবুল কালাম আজাদক অধিকাৰ দিছিল। ১৯৪৭ চনৰ ১৫ জুলাইত মৌলানা আবুল কালাম আজাদে অন্তৰ্ৱতী চৰকাৰত '''শিক্ষা মন্ত্ৰী''' হিচাপে যোগদান কৰিছিল।<ref name="মৌলানা আবুল কালাম আজান"/>
 
==বঁটা আৰু সন্মান==
74 নং শাৰী:
 
{{Persondata <!-- Metadata: see [[Wikipedia:Persondata]]. -->
| NAME = Azad, Abul Kalam
| ALTERNATIVE NAMES =
| SHORT DESCRIPTION = Indian politician
| DATE OF BIRTH = 11 November 1888
| PLACE OF BIRTH = Mecca
| DATE OF DEATH = 22 December 1958
| PLACE OF DEATH = [[Delhi]], India
}}