গদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Tag
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
23 নং শাৰী:
বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান আৰু ইয়াৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত। অষ্টাদশ শতিকাত এই সাহিত্যই বিস্তৃতি লাভ কৰে।
 
বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত। ঐহিক জীৱনৰ বাস্তৱধৰ্মী ঘটনা প্ৰকাশৰ উপযোগী মাধ্যম কথিত ভাষা। গতিকে ধৰ্ম বিষয়ক পুথিৰ গদ্যৰ ভাষাৰ দৰে ইয়াৰ ভাষাত কৃত্ৰিমতা নাই; অপ্ৰচলিত শব্দ বা ক্ৰিয়াৰ ৰূপ দিবলৈ যাওঁতে বুৰঞ্জী লেখকসকলে ভাষাৰ ব্যৱহাৰিক ৰূপটোহে গ্ৰহণ কৰি লৈছিল, কিন্তু সেইবুলি বুৰঞ্জীসমূহ ঐতিহাসিক ঘটনাৰ নীৰস ধাৰাবাহিক বিৱৰণৰ সমষ্টি নহয়। ড॰ সূৰ্যকুমাৰ ভূঞাদেৱৰ ভাষাত, বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়, তাত ভাবৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেই দেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অঙ্গীভূত কৰা হৈছে। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূৰ্ব সঙ্গম বৃটিছৰব্ৰিটিছৰ পূৰ্ব যুগৰ কোনো ভাৰতীয় সাহিত্যতে দেখিবলৈ পোৱা নাযায় বুলি কলেও সত্যৰ অপলাপ নহয়।
 
বুৰঞ্জী লেখকৰ দৃষ্টিভঙ্গী আৰু ৰচনা ভঙ্গী ব্যক্তি নিৰপেক্ষ (objectivity) এটি মন কৰিবলগীয়া বিশেষত্ব। ব্যক্তিগত ৰুচি-অভীৰুচি, বিৰাগ-আসক্তি বিসৰ্জন দি নিৰপেক্ষ দৃষ্টিৰে ৰাজনৈতিক সকলো কথা বৰ্ণনা কৰি গৈছে। এই নিৰপেক্ষতাৰ লগতে আন এটি বিশেষত্ব হ’ল বৰ্ণনাৰ পুঙ্খানুপুঙ্খতা। কোনো বিশেষ ঘটনাৰ শক, তাৰিখ, দণ্ড-পল পৰ্যন্ত সন্নিবেশ কৰা হৈছে। বুৰঞ্জীবোৰৰ ভাষাত আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ যথেষ্ট দেখা যায়। বিশেষকৈ চিঠি-পত্ৰাদিত নবাব বাদচাহৰ বিৱৰণ দিয়াত আৰু কিছুমান বস্তুৰ নামত ফাৰ্চী-আৰবী শব্দ প্ৰচুৰভাৱে প্ৰয়োগ কৰিছে।
49 নং শাৰী:
 
বত্তৰ্মান সাহিত্যৰ পটভূমি
ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমদেশ ইংৰাজৰ অধীনলৈ যায়। ইংৰাজে অত্যাচাৰী মানক খেদি বৃটিছব্ৰিটিছ ৰাজত্ব প্ৰতিষ্ঠা কৰিলে আৰু অসমীয়া মানুহেও ইংৰাজ শাসনৰ ভৱিষ্যৎ ফলাফলৰ পিনে দৃষ্টি নকৰি মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাতে স্বস্তিৰ নিশ্বাস পেলালে। সাধাৰণ প্ৰজাই ইংৰাজ শাসন মানি লৈছিল যদিও আগৰ ডা-ডাঙৰীয়া শ্ৰেণীৰ লোকে সহজে বিদেশী শাসন মানি লোৱা নাছিল। পিয়লি ফুকন, গমধৰ কোঁৱৰ আদিৰ বিদ্ৰোহেই তাৰ প্ৰমাণ। তাৰ উপৰিও দাঁতিকাষৰীয়া পৰ্বতীয়া জাতিৰ উপদ্ৰৱৰ ফালেও সততে দৃষ্টি ৰাখিব লগা হৈছিল। গতিকে প্ৰথম দহ বছৰত ইংৰাজবিলাকে ৰাজ্য সুপ্ৰতিষ্ঠিত কৰা কাৰ্যত ব্যস্ত থাকিব লগা হৈছিল, দেশৰ শিক্ষা সমস্যা বা ভাষাৰ সমস্যা আদিলৈ চকু দিব পৰা নাছিল। আগৰ পৰা চলি অহা ব্যৱস্থাই বলবৎ আছিল, কিন্তু পিয়লি ফুকন আদিৰ বিদ্ৰোহত সম্ভ্ৰান্ত বংশীয় লোকসকল জড়িত থকা দেখি আৰু উজনি অসমৰ উচ্চ শ্ৰেণীৰ লোকে ইংৰাজ ৰাজত্বক ভাল চকুৰে নোচোৱা দেখি আৰু ইংৰাজ শাসন ব্যৱস্থাৰ লগত তেওঁলোকক অনিভজ্ঞজ্ঞ দেখি বঙ্গদেশৰ পৰা বঙালী কেৰাণি-মহৰী আমদানি কৰি দেশৰ শাসন ব্যৱস্থা চলাবলৈ আৰম্ভ কৰে। অসমীয়া লোকক নলৈ বঙালীক অনাৰ হয়তো কাৰণ দুটা আছিল—
 
(১) অসমীয়া শিক্ষিত সম্প্ৰদায় আৰু সম্ভ্ৰান্ত শ্ৰেণীক বিশ্বাস কৰিবলৈ টান পাইছিল।
61 নং শাৰী:
কিন্তু ‘ঘনান্ধকাৰেষু ইব দীপদৰ্শনম’ৰ দৰে ১৮৩৬ চনতে আমেৰিকান বেপ্তিষ্ট মিছনে হাতত খৃষ্টধৰ্মৰ জোৰ লৈ অসমত ভৰি দিলেহি। সেই চনৰ মাৰ্চ মাহত পোন প্ৰথমে ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু টি কট্টৰ সপৰিয়ালে শদিয়া পায়হি। কেইমাহমানৰ পিছতে ডক্টৰ মাইলচ ব্ৰন্সন আৰু জেকব থমাচ অসম পায়হি, কিন্তু দুৰ্ভাগ্যক্ৰমে ব্ৰহ্মপুত্ৰত নাও বুৰি জেকব থমাচৰ মৃত্যু হয়। শদিয়াত ব্ৰাউন, কট্টৰ আৰু ব্ৰন্সনে ধৰ্ম প্ৰচাৰত আত্মনিয়োগ কৰে, কিন্তু চিংফৌ আৰু খামতিবোৰৰ অত্যাচাৰত কাম কৰিবলৈ টান পাই লক্ষীমপুৰ জিলাৰ জয়পুৰলৈ গুচি আহে। পৰ্বতীয়া জাতিৰ মাজত ধৰ্ম প্ৰচাৰ কৰা সহজ নহ’ব বুলি ভাবি ভৈয়ামৰ লোকৰ মাজত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ ব্ৰাউন, ব্ৰন্সন, বাৰ্কাৰ আদি মিছনেৰীসকলে শিৱসাগৰ, নগাওঁ আৰু গুৱাহাটীত সত্ৰ পাতে। এইদৰে তেওঁলোকে বিভিন্ন ঠাইত পঢ়াশালি আৰু অনাথ আশ্ৰম পাতি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু প্ৰচাৰ আৰম্ভ কৰোঁতেই দেখা দিলে ভাষা সমস্যাই। তেওঁলোকে বঢ়িয়াকৈ বুজিছিল, থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজী প্ৰকাশ নকৰি বিদেশী বঙলা ভাষাৰ সহায় ল’লে উদ্দেশ্য সিদ্ধি নহয়। অথচ দেখা পালে যে মাতৃভাষাৰ সলনি তেতিয়া পঢ়াশালি, আইন-আদালত আৰু শাসন-ব্যৱস্থা সকলোতে বঙালীৰহে প্ৰচলন। বিদেশী আচহুৱা ভাষাৰ যোগেদি যে এটা জাতিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব যে নোৱাৰি সেই কথা মিছনেৰীসকলে বুজি পাইছিল। কিন্তু শাসকসকলেহে সেই সাধাৰণ কথাটো বুজিও নুবুজাৰ দৰে বঙালী প্ৰৱৰ্তন কৰিবলৈ লৈছিল। ইয়াৰ বহুত আগতেই ১৮১৩ চনত নগাঁৱৰ আত্মাৰাম শৰ্মাৰ হতুৱাই বঙ্গদেশৰ শ্ৰীৰামপুৰৰ মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম কেৰিয়ে ‘বাইবেল’ পুথি অসমীয়ালৈ অনুবাদ কৰাইছিল আৰু সেই পুথি শ্ৰীৰামপুৰৰ মিছনেৰী প্ৰেছৰ পৰা ১৮১৩ চনত ছপা হৈয়ো ওলাইছিল। অসমৰ মিছনেৰীসকলেও ১৮৪০ চনত শিৱসাগৰত ছপাখানা বহুৱাই দুই-এখনকৈ খৃষ্টানী [[ধৰ্মপুস্তক]] প্ৰকাশ কৰিবলৈ ধৰে। ইয়াৰ এবছৰ আগতে অৰ্থাৎ ১৮৩৯ চনত ৰবিন্সন চাহাবৰ ইংৰাজীত ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ (A Grammar of Assamese Language) ওলায়।
 
কেৱল অসমীয়াত পুথি প্ৰণয়ন কৰিয়েই মিছনেৰীসকল ক্ষান্ত থকা নাছিল। বঙালী ভাষাক অসমীয়াৰ ওপৰত জাপি দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল ভাষানীতি লৈছিল, তাৰ বিৰুদ্ধে এওঁলোকে যুদ্ধ দিছিল। কাগজে-পত্ৰই আৰু পদে-প্ৰমাণে চৰকাৰৰ নীতিৰ ভুল এওঁলোকে আঙুলিয়াই দিছিল। এওঁলোকৰ লগতে যোগ দিছিল আনন্দৰাম ঢেকিয়াল ফুকনকে আদি কৰি স্বদেশপ্ৰেমিক শিক্ষিত যুৱক কেইজনমানে। ১৮৫৩ চনৰ মোফাত মিলচৰ অসম সম্পৰ্কে দিয়া টোকাটোত বঙালী ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ প্ৰচলন কৰাৰ সপক্ষে মত দিছিল। এইদৰে দেশী-বিদেশী অসম প্ৰেমীসকলৰ আশাশুধীয়া চেষ্টাৰ ফলতে ইংৰাজ চৰকাৰে অৱশেষত অসমত প্ৰয়োগ কৰা ভাষানীতি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন বোধ কৰিলে। ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই ১৮৭৩ চনত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই দিয়ে। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বঙালী ভাষা প্ৰচলন হোৱাৰ কাৰণে অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত যি অপূৰণীয় ক্ষতি হ’ল, তাৰ ফলত অসমীয়া আন প্ৰদেশৰ বাসিন্দাৰ তুলনাত বহুতো পিছ পৰি ৰ’ল। বৃটিছেব্ৰিটিছে ৰাজ্য লোৱাৰ পৰা অসমীয়া ভাষা পুনৰ পঢ়াশালি আৰু আদালতৰ ভাষাৰূপে পৰিগণিত হোৱালৈকে প্ৰায় পঞ্চাশ বছৰ কালৰ ভিতৰত যি ভাষা আৰু সাহিত্যৰ চৰ্চা হ’ল, সেয়েই অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে।
 
[[শ্ৰেণী:সাহিত্য]]
"https://as.wikipedia.org/wiki/গদ্য"ৰ পৰা অনা হৈছে