পেনিচিলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
61 নং শাৰী:
যুদ্ধ শেষ হোৱাৰ পিছত বৃহৎ হাৰত পেনিচিলিনৰ উৎপাদনৰ নতুন পদ্ধতি আৱিষ্কাৰ হয় ৷ কিন্তু সেই পদ্ধতি আৱিষ্কাৰৰ আগতে দ্বিতীয় মহাযুদ্ধৰ সময়ত এনেকৈয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত প্ৰস্ৰাৱে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷
 
আলেকজেণ্ডাৰ ফ্লেমিং কথা কোৱা আৰু ভাষণ দিয়া বিদ্যাত বৰ বেছি পাৰ্গত নাছিল ৷ সেয়েহে তেওঁ ১৯২৮ চনতে পেনিচিলিন আৱিষ্কাৰ কৰাৰ পিছতো ভালকৈ কথা কব নোৱাৰাৰ ফলতেই তেওঁৰ এই আৱিষ্কাৰে প্ৰথম অৱস্থাত বৰ বেছি গুৰুত্ব নাপালে ৷ এই আৱিষ্কাৰৰ দুই বছৰ পিছত বৃটিছব্ৰিটিছ চিকিৎসক চেচিল জৰ্জ পাইনে ১৯৩০ চনৰ ২৫ নবেম্বৰৰ দিনা এক শিশুৰ চিকিৎসাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সফলতাৰে পেনিচিলিনৰ প্ৰয়োগ কৰে ৷ ইয়াৰ পিছৰ পৰা প্ৰাৰম্ভিক অৱস্থাত কিছু সফলতা আৰু কিছু বিফলতাৰ মাজেৰে লাহে লাহে দেহত জীৱানুৰ সংক্ৰমন ৰোধ কৰাৰ বাবে পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ এনেদৰে প্ৰাৰম্ভিক প্ৰয়োগ আৰু গৱেষণা চলি থকাৰ কিছুবছৰ পিছতেই ১৯৩৯ চনৰ পৰা দ্বিতীয় মহাসমৰ আৰম্ভ হয় ৷ দ্বিতীয় মহাসমৰৰ আৰম্ভনিৰ পৰাই আঘাতপ্ৰাপ্ত সৈন্যসকলৰ কিছু সংখ্যকক প্ৰয়োজনৰ সময়ত পেনিচিলিনেৰে চিকিৎসা কৰা হৈছিল যদিও যুদ্ধৰ মাজভাগৰ পৰা সৈনিক সকলক চিকিৎসাৰ বাবে ব্যাপক হাৰত পেনিচিলিনৰ ব্যৱহাৰ আৰম্ভ হয় ৷ পেনিচিলিনৰ ব্যৱহাৰে দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্ৰ শক্তিৰ শিৱিৰত এক অভাৱনীয় সাফল্য আনি দিছিল ৷ আঘাতপ্ৰাপ্ত সৈনিক সকলক পেনিচিলিনেৰে চিকিৎসা কৰাৰ ফলত যুদ্ধত আঘাতপ্ৰাপ্ত লাখ লাখ সৈনিক আঘাত স্থানত সংক্ৰমণৰ ফলত হব পৰা নিশ্চিত মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ পৰিছিল ৷ ইয়াৰ উপৰি সংক্ৰমনৰ পৰা ৰক্ষা পাবলৈ আগৰ যুদ্ধবোৰত সৈনিক সকলৰ হাত, ভৰি আদি শৰীৰৰ অংগবোৰ প্ৰায়েই কাটি পেলাই দিব লগীয়া হৈছিল ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত পেনিচিলিনৰ ব্যৱহাৰৰ ফলত এই হাৰ অবিশ্বাস্য ভাৱে কমি গৈছিল ৷ <ref>{{Cite web|title=পেনিচিলিনৰ আৱিষ্কাৰ|url= https://www.jonakaxom.in/2019/01/discovery-of-penicillin-in-assamese.html}}</ref>
 
==ৰাসায়নিক গঠন==
"https://as.wikipedia.org/wiki/পেনিচিলিন"ৰ পৰা অনা হৈছে