"বাহাদুৰ গাঁওবুঢ়া"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 বাইট বিলোপ কৰা হ’ল ,  8 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
{{Infobox person
| name = বাহাদুৰ গাঁওবুঢ়া
| image =
| alt =
| caption =
| birth_name = শ্বেইখ বাহদিল
| birth_date = ১৮১৯
| birth_place = [[যোৰহাট]]
| death_date = ১৮৯১
| death_place = দফলাটিং, [[তিতাবৰ]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| other_names =
| known_for = ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ
| occupation =
}}
'''বাহাদুৰ গাঁওবুঢ়া''' [[অসম]]ৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল। তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু [[সত্ৰ]]সমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল। বাহাদুৰ গাঁওবুঢ়াই প্ৰথমে মালিবাৰীত বনুৱা হিচাপে আৰু তাৰ পাছত এজন ৰাজনৈতিক বিষয়াৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত আছিল। পাছলৈ ইংৰাজে তেখেতক যোৰহাট আৰু তিতাবৰৰ গাঁওবুঢ়া পাতে। তেখেতৰ সাহসৰ বাবে ৰাইজে "বাহাদুৰ" নাম দিছিল।<ref name="telegraph1">{{cite web | url=https://www.telegraphindia.com/1101113/jsp/northeast/story_13170073.jsp | title=Titabor memorial to honour freedom fighter | publisher=The Telegraph | date=13 November 2010 | accessdate=12 August 2017 | author=Wasim Rahman}}</ref>
 
১৮৫৭ চনৰ [[চিপাহী বিদ্ৰোহ]]ৰ সময়ত মণিৰাম দেৱানে অসমৰ বৃটিছব্ৰিটিছ শাসন ওফৰাবলৈ যো-জা কৰিছিল। বাহাদুৰ গাঁওবুঢ়াক মুছলমানসকলৰ সমৰ্থন গোটোৱাৰ দায়িত্ব দিয়া হৈছিল। তাৰ উপৰি [[উত্তৰ প্ৰদেশ]] আৰু [[বিহাৰ]]ৰ দেশী সৈনিকৰ সহযোগত অস্ত্ৰ-শস্ত্ৰৰ যোগাৰতো তেখেত জড়িত আছিল।<ref name="telegraph1"/> বাহাদুৰ আৰু ফৰ্মুদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক [[কন্দৰ্পেশ্বৰ সিংহ]]ৰ ওচৰলৈ বিদ্ৰোহৰ আলোচনাৰ বাবে লৈ গৈছিল।<ref name="telegraph2">{{cite web | url=https://www.telegraphindia.com/1130902/jsp/northeast/story_17299220.jsp | title=Jorhat remembers heroes of Sepoy Mutiny | publisher=The Telegraph | date=2 September 2013 | accessdate=12 August 2017}}</ref> ১৮৫৮ চনত বৃটিছৰব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অপৰাধত [[মণিৰাম দেৱান]], [[পিয়লী বৰুৱা]] আদিৰ সৈতে তেখেতক দোষী সাব্যস্ত কৰা হয়। দেৱান আৰু বৰুৱাক [[যোৰহাট]] ফাঁচী দিয়া হয় আৰু বাহাদুৰ গাঁওবুঢ়াক দুটিৰাম বৰুৱা, ফৰ্মুদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিৰ সৈতে ''কলিয়াপানী''লৈ ([[আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ]]ৰ [[চেলুলাৰ জে'ল]]) নিৰ্বাসন দিয়া হয়।
 
আন্দামানৰ পৰা মুক্তি পাই অহাৰ দুই দশকৰ পাছত ১৮৯১ চনত তিতাবৰৰ ওচৰৰ দফলাটিঙত কনিষ্ঠ পুত্ৰ দোষ্ট মহম্মদৰ বাসভৱনত তেখেতৰ মৃত্যু ঘটে। যোৰহাটৰ নতুন বালিবাটত তেখেতক সমাধি দিয়া হয়। এই পথটো বৰ্তমান তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। তিতাবৰতো তেখেতৰ নামত এক স্মাৰক নিৰ্মাণ কৰা হৈছে।
3,780

টা সম্পাদনা