ভাৰতীয় ৰেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
67 নং শাৰী:
ভাৰতৰ ৰে'ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে'লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে'লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।<ref>{{cite web | url=http://www.hindu.com/mp/2004/01/26/stories/2004012600270300.htm | title=Heritage consciousness | publisher=The Hindu | accessdate=February 16, 2012}}</ref>
 
প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত বৃটিছেব্ৰিটিছে ভাৰতত ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও বৃটিছসকলৰব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে'লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি বৃটিছব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে'লৱে" (''Great Indian Peninsula Railway'') গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল [[মুম্বাই]]ৰ ব'ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কিঃ মিঃ দৈৰ্ঘৰ এটা ৰেলপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে'ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব'ৰী বন্দৰ ষ্টেচনৰ পৰা থানেলৈকে প্ৰথম ৰে'লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড<ref>{{cite web | url=http://www.nr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,283 | title=Official site of Nothern Railway | accessdate=February 16, 2012}}</ref> নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে'লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত।<ref>{{cite web | url=http://www.irfca.org/~mrinal/history_ir.html | title=ভাৰতীয় ৰে'লৰ ইতিহাস | accessdate=February 13, 2012}}</ref> ব'ৰী বন্দৰ ষ্টেচনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান [[ছত্ৰপতি শিৱাজী টাৰ্মিনাছ]] বুলি নামকৰণ কৰা হ'ল। [[গ'থিক স্থাপত্য|গ'থিক স্থাপত্যৰ]] আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেচনটোৱে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে।<ref>{{cite web | url=http://www.mumbainet.com/travel/cststation.htm | title=ছত্ৰপতি শিৱাজী টাৰ্মিনাচ | accessdate=February 13, 2012}}</ref>
 
১৮৪৫-৪৬ চনত [[কলকাতা]]ৰ পৰা আৰু দিল্লীলৈ ৰে'লপথ বহুওৱাৰ বাবে জৰীপ কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰেলৱেই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰে'লপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰে'লৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ [[হাওৰা]] আৰু [[হুগলী]]ৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়।