শদিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
60 নং শাৰী:
==ইতিহাস==
[[File:Sadiya college.jpg|300px|right|thumb|শদিয়া মহাবিদ্যালয়]]
মহাভাৰত যুগত শদিয়াক " বিদৰ্ভ ৰাজ্য" নামেৰে জনাজাত আছিল। আৰু এই ৰাজ্যৰ ৰজা আছিল ভীষ্মক। এই ৰজাৰ জী ৰুক্মিনীকে ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰিছিল বুলি জনা যায়। শদিয়াত ১১৮৭ খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ-পূৱ অসম আৰু বৰ্তমানৰ [[অৰুণাচল প্ৰদেশ]]ৰ কিছু অংশলৈ স্থাপন কৰা [[চুতীয়া ৰাজ্য]]ৰ ৰাজধানী আছিল। বীৰপালৰ পুত্ৰ গৌৰিনাৰায়নে ত্ৰয়োদশ শতিকাত শদিয়াত ৰাজধানী স্থাপন কৰে আৰু ষোড়শ শতিকালৈকে ই ৰাজধানী হৈ থাকে। শদিয়াত বৃটিছব্ৰিটিছ ৰাজৰ পূৱ বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লক্ষীমপুৰ জিলাৰ উত্তৰ-পূৱ সীমান্তৰ ছাউনী আছিল। নদীৰ আনটো পাৰত অসম-বংগ সংযোগী ৰেল লাইনৰ বাবে এটা ৰেলৱে ষ্টেচন আছিল। শদিয়াক সেনাৰ দুৰ্গ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তাৰ বজাৰত, [[মিচিমি]], [[আবৰ]], আৰু [[খামতি]] আদি সীমান্তৰ সিপাৰৰ পৰ্বতীয়া লোক সকলে [[কপাহী কাপোৰ]], [[নিমখ]] আৰু ধাতৱ বস্তুৰ বিনিময়ত [[ৰবৰ]], [[মম]], [[হাতী দাঁত]], আৰু [[কস্তুৰী]] আনি দিছিল। ১৯৫০ চনৰ বৰভূমিকম্পত পুৰণি শদিয়া চহৰ ধ্বংস হৈছিল। ১৯২৬ চনৰ এই শদিয়াৰ বুলুং নামৰ এখন গাঁৱত ভাৰত ৰত্ন সুধাকণ্ঠ [[ভূপেন হাজৰিকা|ড॰ ভূপেন হাজৰিকা]] দেৱৰ জন্ম হৈছিল। বৰ্তমান এই বুলং নামৰ ঠাইখন বালি চৰ হ'ল। ১৯৫০ ৰ বৰভূইকপত ধ্বংস হোৱা এই গাঁৱৰ লোক সকলে বৰ্তমান অৰুনাচল প্ৰদেশৰ দিবাং ভেলি জিলাত পুনৰ বুলুং নামেৰেই নতুনকৈ গাওঁ পাতি বাস কৰি আছে। এই গাওঁখনতে অৰুনাচল চৰকাৰে সুধাকণ্ঠৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।
 
==ভৌগোলিক==
"https://as.wikipedia.org/wiki/শদিয়া"ৰ পৰা অনা হৈছে