অসম চিকিৎসা মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
61 নং শাৰী:
 
==ইতিহাস==
''ছাৰ [[জন বেৰী হোৱাইট]]'' নামৰ এজন বৃটিচব্ৰিটিছ সৈন্যবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াই তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ৫০ হাজাৰ টকা দান দি ১৯০০ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন কৰে। এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়। নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ। পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া। ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল। "বেৰী হোৱাইট মেডিকেল স্কুল"ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।<ref>{{cite journal | title=মহিলা চিকিত্সকৰ ইতিহাস | author=ডাঃ বিজুলী গোস্বামী | journal=সাদিন | year=২০১২ | month=৭ চেপ্তেম্বৰ}}</ref>
 
১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় [[গোপীনাথ বৰদলৈ]]ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত ''বেৰী হোৱাইট মেডিকেল স্কুল''ক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।<ref>[http://assammedicalcollege.in/web/history.php বেৰী হোৱাইট স্কুল অফ মেডিচিন]</ref> এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত "বেৰী হোৱাইট মেডিকেল স্কুল"ক উন্নীত কৰি "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে উদ্বোধন কৰা হয়। ১৯৫২ চনত ১২ জন ছাত্ৰই প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰে। সেইবছৰতে ই "ভাৰতীয় চিকিৎসা পৰিষদ"ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়। ১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। আৰম্ভণিতে অসমত বেছি অভিজ্ঞ চিকিৎসক নাছিল বাবে জ্যেষ্ঠ অধ্যাপকৰ পদসমূহ পূৰণৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইৰপৰা খ্যাতনামা চিকিৎসক অনা হৈছিল। তেখেতেসকলৰ ভিতৰত আছিল অধ্যাপক জি ডি কাপুৰ, অধ্যাপক পি এন টানেজা, অধ্যাপক এন গুপ্তা, অধ্যাপক বি এইচ্চ্ পি পাই, অধ্যাপক কে এচ গ্ৰেৱাল, অধ্যাপক পি চি নাম্বিয়াৰ, অধ্যাপক আৰ জি কৃষ্ণন, অধ্যাপক এ ই সুন্দৰসন আদি।<ref>[http://dibrugarh.nic.in/amc.htm NIC Dibrugarh]</ref>