বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
== ধ্বনিতত্ত্ব ==
{{main|অসমীয়া ভাষা}}{{details|ধ্বনিতত্ত্ব}}
অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
===স্বৰধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।<ref name=bani2>গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড॰ বাণীকান্ত কাকতি, ২০০২</ref><ref name=bhim>গ্ৰন্থ-অসমীয়া ভাষা, ড॰ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭</ref>
15 নং শাৰী:
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।<ref name=bani2/><ref name=bhim/>
 
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।
 
অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।<ref name=upen/>
242 নং শাৰী:
 
==বৰ্ণ, অক্ষৰ আৰু আখৰ==
বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়। শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ। বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ।<ref group="টোকা" name="footnoteA">বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে। বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়। সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে। </ref><ref name="abmb">{{cite book|title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2017 | pages=57-83 | accessdate=10 june 2020}}</ref>
 
অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।<ref name="abmb"/>
266 নং শাৰী:
 
[[শ্ৰেণী:ব্যাকৰণ]]
[[শ্ৰেণী:ভাষাবিজ্ঞান]]