প্ৰহ্লাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
 
==কাহিনীভাগ==
[[File:Ishnu' s half-man half-tiger avatar, Narasimha.jpg|thumb|ভগৱান বিষ্ণুৰ অৰ্ধ-মানৱ, অৰ্ধ-সিংহ অৱতাৰ, নৰসিংহ বা নৃসিংহ]]
প্ৰহ্লাদ হৈছে দৈত্যৰাজ [[হিৰণ্যকশিপু]] আৰু কয়াধুৰ পুত্ৰ। হিৰণ্যকশিপু দেৱতাসকলৰ পৰা লাভ কৰা এক বিশেষ বলৰ আধাৰত অতিশয় পৰাক্ৰমী হৈ উঠিছিল। এই বৰ অনুসৰি মাতৃৰ জৰায়ুৰ পৰা জন্মপ্ৰাপ্ত কেও, কোনো প্ৰাণী বা মানৱৰ দ্বাৰা, দিনৰ ভাগত বা ৰাতিৰ ভাগত, ঘৰৰ ভিতৰত বা ঘৰৰ বাহিৰত, স্থলমণ্ডলত বা জলমণ্ডলত বা বায়ুমণ্ডলত, আৰু কোনো মানৱসৃষ্ট অস্ত্ৰ বা দৈৱাস্ত্ৰৰ দ্বাৰা হিৰণ্যকশিপুৰ নিধন সম্ভৱ নহ'ব। ভগৱান বিষ্ণুৰ প্ৰতি থকা প্ৰহ্লাদৰ অচলা ভক্তিত ক্ষুণ্ণ হৈ হিৰণ্যকশিপুয়ে প্ৰহ্লাদক হত্যা কৰাৰ আৰু অৱদমিত কৰি ৰখাৰ বহু প্ৰচেষ্টা চলাইছল। ইয়াৰ ফলশ্ৰুতিতেই বিষ্ণুয়ে প্ৰহ্লাদক ৰক্ষা কৰাৰ উদ্দেশ্যে নৰসিংহ অৱতাৰত অৱতীৰ্ণ হৈ দৈৱিক ক্ৰোধাগ্নি প্ৰদৰ্শনৰে দৈত্যৰাজক বধ কৰিছিল। নৰসিংহ ({{lang-sa|नरसिंह}}) শব্দটো সংস্কৃত 'নৰ' ({{lang-sa|नर}}) (অৰ্থাত, মানৱ (পুং)) আৰু 'সিংহ' ({{lang-sa|सिंह}}) শব্দ দুটাৰ পৰা উদ্ভূত হৈছে। অৰ্থাত, ভগৱন্তই হিৰণ্যকশিপুক নিধনৰ উদ্দেশ্যে আংশিক মানৱ আৰু আংশিক সিংহৰ ৰূপ ধাৰণ কৰিছিল। মনুষ্য জ্ঞানৰ অতীত দৈৱ শক্তিৰ অধিকাৰী পৰমপুৰুষ ভগৱান নৰসিংহই হিৰণ্যকশিপুৰ দ্বাৰা প্ৰাপ্ত সকলো চৰ্ত পূৰণ কৰে। প্ৰাপ্ত বৰ অনুসৰিয়েই নগৰৰ স্তম্ভৰ পৰা সৃষ্ট হৈ অৰ্ধসিংহ-অৰ্ধমানৱ নৰসিংহই সন্ধ্যাবেলা তেওঁৰ উৰুৰ ওপৰত হিৰণ্যকশিপুক ৰাখি নিজৰ চোকা নখেৰে হানি নিধন কৰে। ইয়াৰ অন্যথা হিৰণ্যকশিপু প্ৰায় অপৰাজেয় আছিল।
 
"https://as.wikipedia.org/wiki/প্ৰহ্লাদ"ৰ পৰা অনা হৈছে