হাতীমূৰা মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
| name = হাতীমূৰা মন্দিৰ
| image = Hatimura Durga Mandir.jpg
| alt =
| caption = হাতীমূৰা পাহাৰত অৱস্থিত দুৰ্গা মন্দিৰ
|pushpin_map = India Assam
13 নং শাৰী:
| district = [[নগাঁও জিলা]]
| location = [[শিলঘাট]]
| elevation_m =
| deity = [[দুৰ্গা]]
| important_festivals= [[দুৰ্গা পূজা]]
| architecture = [[নীলাচল স্থাপত্যশৈলী]]
| temple_quantity =
| monument_quantity =
| inscriptions =
|date_built = ১৬৬৭ শক (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ)
| creator = [[প্ৰমত্ত সিংহ]]
| website =
}}
'''হাতীমূৰা মন্দিৰ''' [[অসম]]ৰ [[নগাঁও জিলা]]ৰ [[কলিয়াবৰ মহকুমা]]ৰ [[শিলঘাট]]ৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ।<ref>{{cite web|url=http://assamonnet.org/index.php?article=worshipmore|title=Hatimura temple at Silghat|publisher=Assam On Net|accessdate=12 December 2009|url-status=dead|archiveurl=https://web.archive.org/web/20071019122954/http://www.assamonnet.org/index.php?article=worshipmore|archivedate=19 October 2007}}</ref> আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী [[দুৰ্গা]]ৰ প্ৰতি সমৰ্পিত।<ref>{{cite web|url=http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html|title=Hatimura Temple|publisher=Indian Temples Portal|accessdate=12 December 2009}}</ref> এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।
 
==অৱস্থান==
হাতীমূৰা মন্দিৰ নগাঁও জিলাৰ [[কলিয়াবৰ]]ৰ হাতীমূৰা পাহাৰত অৱস্থিত। ই [[শিলঘাট]] আৰু [[জখলাবন্ধা]]ৰ নিচেই কাষত অৱস্থিত। শিলঘাট ৰে'ল ষ্টেচন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনৰ ঠাইখনলৈ ৰেলেৰে সংযোজিত। সেইদৰে [[তেজপুৰ বিমানবন্দৰ]] আৰু [[ৰৰৈয়া বিমানবন্দৰ]] দুয়ো ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ।<ref>{{cite web|url=http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html|title=Hatimura Temple|publisher=Indian Temples Portal|accessdate=12 December 2009}}</ref>
Line 31 ⟶ 32:
হাতীমূৰা দুৰ্গা মন্দিৰ [[কলিয়াবৰ]]ৰ হাতীমূৰা পাহাৰত অৱস্থিত। [[আহোম ৰাজ্য|আহোম বিষয়া]] হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়।<ref name=ETV>{{cite web|url=https://m.etvbharat.com/assamese/assam/state/nagaon/old-durga-temple-in-hatimura/assam20190925191549945
|title=হাতীমূৰাৰ পৌৰাণিক দুৰ্গা মন্দিৰৰ কিছু অৱলোকন
|publisher=ETV Bharat
|accessdate=2 December 2020}}</ref>
 
==ইতিহাস==
আহোম ৰাজত্বকালত [[শালস্তম্ভ ৰাজবংশ]]ৰ ৰজাৰ দিনত নিৰ্মিত বহুকেইটা মঠ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য মন্দিৰ হৈছে হাতীমূৰা মন্দিৰ। অষ্টম-নৱম শতিকাত [[শালস্তম্ভ ৰাজবংশ]]ৰ ৰজাই নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত দুৰ্গা মন্দিৰটো আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল।<ref>{{cite book|last=Baruah|first=B. K.|author2=Sreenivasa Murthy, H. V.|title=The Hatimura Temple|publisher=Hindu books universe|url=http://www.hindubooks.org/temples/assam/hatimura/index.htm|accessdate=12 December 2009}}</ref> ইয়াত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল।<ref name=ETV/>
 
==বৰ্ণনা==
হাতীমূৰা মন্দিৰ [[নীলাচল স্থাপত্যশৈলী]]ৰে নিৰ্মিত। [[ব্ৰহ্মপুত্ৰ নদ]]ৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে খোদিত [[গণেশ]]ৰ মূৰ্তি পোৱা গৈছে। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভূজা মহিষাসুৰমৰ্দনী দুৰ্গাৰ মূৰ্ত্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহয়ে নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। তদুপৰি ইয়াৰ আশে-পাশে বহুতো শিলত কটা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই মন্দিৰ [[অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা]]ত অন্তৰ্ভুক্ত।<ref name=as>{{cite web|url=https://culturalaffairs.assam.gov.in/as/portlet-innerpage/সংৰক্ষিত-পূৰাতাত্ত্বিক-স্থান-আৰু-স্মৃতিসৌধসমূহ
|title=সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ
|publisher=সংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ|accessdate=2 December 2020}}</ref>
 
==উৎসৱ==
প্ৰতি বছৰে হাতীমূৰা মন্দিৰত উলহ-মালহকৈ [[দুৰ্গা পূজা]] অনুষ্ঠিত কৰা হয়। পূৰ্বতে ইয়াত বলি প্ৰথা প্ৰচলিত আছিল। ১৯৯২ চনৰ পৰা ইয়াত বলি প্ৰথা বন্ধ হয়।<ref name=ETV/>
 
==পৰ্যটন==
হাতীমূৰা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি শালস্তম্ভ আহোম যুগৰ কীৰ্তিচিহ্নৰে ভৰপূৰ এই স্থানৰ ঐতিহাসিক আৰু পুৰতাত্বিক মহত্ত্ব আছে।<ref name=as/><ref name=ETV/>
 
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
Line 51 ⟶ 57:
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
[[শ্ৰেণী:অসমৰ পুৰাতাত্বিক স্থান]]
[[শ্ৰেণী:অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন]]