কৈকেষী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
}}
 
'''কৈকেষী''' বা '''কৈকসী''' ({{Lang-en|Kaikeshi বা Kaikashi}}) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু [[ৰাৱণ]], [[কুম্ভকৰ্ণ]], [[বিভীষণ]] আৰু [[শৰ্পনখা]]ৰ মাতৃ। তেওঁ অসুৰৰাক্ষক ৰজা [[সুমালী]]ৰ কন্যা আছিল৷<ref>{{Cite web|date=2020-04-16|title=Know interesting things about Ravana|url=https://english.newstracklive.com/news/unknown-interesting-hidden-mythological-facts-ramayana-interesting-facts-about-ravan-sc93-nu612-ta612-ta294-1085188-1.html|access-date=2020-07-02|website=News Track|language=English}}</ref>
 
==কৈকেষী, বিশ্ৰবা আৰু ৰাৱণ==
কৈকেষীৰ পিতৃ আছিল অসুৰৰাক্ষক ৰজা [[সুমালী]] আৰু মাতৃ [[কেতুমতী]]৷ তেওঁ লংকাৰ ৰজা [[ৰাৱণ]], কুম্ভকৰ্ণ, বিভীষণ আৰু শৰ্পনখাৰ মাতৃ আছিল৷ মহৰ্ষি [[পুলস্ত্য]]ৰ পু্ত্ৰ ঋষি [[বিশ্ৰবা]] আছিল তেওঁৰ পতি৷
 
কৈকেষীৰ বিবাহৰ বাবে অসুৰ ৰজা সুমালীলৈ বহুতো প্ৰস্তাৱ আহে কিন্তু সুমালীৰ ইচ্ছা যে, তেওঁ তেওঁৰ কন্যা কৈকেষীক মৃত্যু লোকৰ সকলোতকৈ শক্তিশালী জনৰ সৈতেহে বিবাহ দিব, যাতে তেওঁৰ কন্যাৰ সন্তান ব্যতিক্ৰমী, তেজস্বী তথা পৰাক্ৰমী হয়৷
23 নং শাৰী:
কৈকেষী বহুতো ঋষি মুনিৰ মাজত বিশ্ৰবাক বিবাহ যোগ্য বুলি ভাবে আৰু তেওঁক সেৱা শুশ্ৰূষা কৰে। তেওঁৰ সেৱাত সন্তুষ্ট হৈ ঋষি বিশ্ৰবাই তেওঁক বিবাহ কৰায়। ব্ৰহ্ম ঋষি বিশ্ৰবাৰ ঔৰসত কৈকেষীৰ গৰ্ভত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়। ৰাৱণ আৰু তেওঁৰ সহোদৰসকল শিক্ষা তেওঁৰ পিতৃৰ পৰাই লয়। কৈকেষীৰ পুত্ৰ ৰাৱণ বেদ শাস্ত্ৰৰ অন্যতম এগৰাকী পণ্ডিত আছিল।
 
==তথ্য  সংগ্ৰহ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/কৈকেষী"ৰ পৰা অনা হৈছে