লিংগ স্তম্ভন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Erection Development V2.jpg|thumb|লিংগ স্তম্ভনৰ বিভিন্ন পৰ্যায়। ]]
'''লিংগ স্তম্ভন''' বা '''লিংগ কঠিনতা''' বা '''লিংগোত্থান''' বা '''লিংগ স্ফীতি''' হৈছে এক শাৰীৰিক পৰিঘটনা য'ত লিংগ (যৌনাংগ) দৃঢ়, সুস্থিৰ আৰু আকাৰত ডাঙৰ হৈ পৰে। লিংগ শিথিলতা হৈছে মানসিক, সিৰা সম্বন্ধীয়, ভাস্কুলাৰ, আৰু অন্তঃস্ৰাবী কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ ফল, আৰু প্ৰায়ে যৌন প্ৰৰোচন বা [[যৌন আকৰ্ষণ]]ৰ সৈতে সম্পৰ্কিত হয়, যদিও লিংগৰ শিথিলতাকঠিনতা স্বতঃস্ফূৰ্ত হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত স্তম্ভিত লিংগৰ আকৃতি, কোণ আৰু দিশ ইত্যাদি ভিন্ন ভিন্ন হ'ব পাৰে।
 
স্নায়ুতন্ত্ৰৰ এক স্বয়ংক্ৰিয় সঁহাৰি হিচাপে, লিংগ স্তম্ভন বিভিন্ন ধৰণৰ উদ্দীপনাৰ ফলত হ'ব পাৰে, যেনেঃ যৌন উদ্দীপনা আৰু যৌন উত্তেজনা, আৰু সেয়েহে লিংগৰ কঠিনতা ব্যৱস্থাটো সম্পূৰ্ণৰূপে সচেতন নিয়ন্ত্ৰণৰ দ্বাৰা পৰিচালিত নহয়। টোপনিৰ সময়ত বা শুই উঠাৰ পিছত হোৱা স্তম্ভনক চমুকৈ এনপিটি (Nocturnal penile tumescence) বুলি কোৱা হয়। নৈশ লিংগ স্তম্ভন নোহোৱাটোৱে সাধাৰণতে লিংগ অশিথিলতা বিকাৰৰ শাৰীৰিক আৰু মনস্তাত্বিক কাৰণৰ মাজত পাৰ্থক্যক বুজায়।