গোপী-উদ্ধৱ সংবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্রকাশক গ্রন্থ । গ...
 
No edit summary
1 নং শাৰী:
'''গোপী-উদ্ধৱ সংবাদ সম্পাদনা''' হৈছে মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্রকাশক গ্রন্থ । গ্রন্থখনি মহাপুৰুষে চিহ্নযাত্রা নাটক প্রদৰ্শন কৰি ৰচনা কৰিছিল ; মূল আধাৰ : ভাগৱত পুৰাণৰ দশম স্কন্ধ ।শ্রীকৃষ্ণয়ে কংসবধ তথা গুৰুগৃ্হত শিক্ষা সাং কৰি আহি নন্দ-যশোদাক সান্তনা দিবলৈ ভক্ত উদ্ধৱক সন্দেশসহ বৃন্দাবনলৈ প্রেৰণ কৰিছিল ; উদ্ধৱে বৃন্দাবনত গোপীসকলৰ লগত কৰা বাৰ্তালাপ আৰু গোপীৰ কৃষ্ণভক্তিৰ প্রশংসায়ে এই পুথিখনৰ মূল বিষয় ।
বৰদোৱাত চিহ্নযাত্রা দেখি শুনি ব্রাহ্মণ,পণ্ডিত আৰু আন দৰ্শকসকলে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মত শৰণ ল'বলৈ বিচৰাত ,এৰাতিৰ ভিতৰতে গুৰুজনায়ে গোপী-উদ্বৱ সংবাদৰ ৰচনা কৰি গ্রন্থখনিৰ আগত সকলোকে শৰণ দিছিল ।উল্লেখযোগ্য যে , গুৰুজনাৰ শিক্ষক মহেন্দ্র কন্দলীয়েও তেতিয়াই বৈষ্ণৱ ধৰ্ম গ্রহণ কৰিছিল ।