সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
 
=ইতিহাস=
সামাজিক মনোবিজ্ঞান বিষয়টো [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত আৰম্ভ হৈছিল। এই ক্ষেত্ৰত প্ৰথম প্ৰকাশিত নিবন্ধটো আছিল সামাজিক পৰিঘটনাৰ ওপৰত নৰমান ট্ৰিপলটৰ ([[:en:Norman Triplett|Norman Triplett]]) ১৮৯৮ চনৰ এক বিশেষ গবেষণা।<ref>{{cite ১৯৩০journal|last=Triplett|first=Norman|author-link=Norman Triplett|year=1898|title=The dynamogenic factors in pacemaking and competition|journal=[[American Journal of Psychology]]|volume=9|pages=507–533|doi=10.2307/1412188|issue=4|jstor=1412188|s2cid=54217799|url=https://semanticscholar.org/paper/d5b7e42864a94f878b550a5992fe3bb35acb1fc5}}</ref> ১৯৩০ চনৰ পিছত, বহুতো মনোবিজ্ঞানী, যেনে কাৰ্ট লিৱিন ([[:en:Kurt Lewin|Kurt Lewin]]), নাজি জাৰ্মানীৰ অত্যাচাৰৰ পৰা পৰিত্ৰান পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ [[জনপ্ৰব্ৰজন|প্ৰব্ৰজন]] কৰিছিল। তেওঁলোকেই প্ৰথমে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনক এক সুকিয়া মনোবিজ্ঞানৰ ক্ষেত্ৰ বুলি পৰিচয় দিয়ে। কাৰ্ট লিৱিনক "সামাজিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক" বুলি কোৱা হয়। ২০০২ চনত প্ৰকাশিত সাধাৰণ মনোবিজ্ঞানী জৰীপৰ এক সমীক্ষাই লিৱিনক ২০শ শতিকাৰ ১৮তম সৰ্বাধিক উল্লিখিত মনোবিজ্ঞানী হিচাপে স্থান দিছিল।<ref>{{cite journal |last1=Haggbloom |first1=Steven J. |title=The 100 most eminent psychologists of the 20th century |journal=Review of General Psychology |volume=6 |issue=2 |year=2002 |pages=139–52 |doi=10.1037/1089-2680.6.2.139 |url=http://www.apa.org/monitor/julaug02/eminent.aspx |last2=Warnick |first2=Renee |last3=Warnick |first3=Jason E. |last4=Jones |first4=Vinessa K. |last5=Yarbrough |first5=Gary L. |last6=Russell |first6=Tenea M. |last7=Borecky |first7=Chris M. |last8=McGahhey |first8=Reagan |last9=Powell |first9=John L., III |last10=Beavers |first10=Jamie |last11=Monte |first11=Emmanuelle |citeseerx=10.1.1.586.1913 |s2cid=145668721 }}</ref>
 
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত, সামাজিক মনোবিজ্ঞানীসকল মুখ্যতঃ আমেৰিকান সামৰিক বিষয়াৰ "প্ৰৰোচনা" আৰু "প্ৰৱণতা" আদি বিষয়ত অধ্যয়নৰত আছিল। যুদ্ধৰ পিছত, গৱেষকসকলে বিভিন্ন সামাজিক সমস্যাৰ প্ৰতি আগ্ৰহী হ'ব ধৰিলে, যাৰ ভিতৰত আছে লিঙ্গ আৰু জাতিগত বৈষম্যৰ বিষয়। এইবোৰৰ মাজত আটাইতকৈ উল্লেখযোগ্য আৰু বিতৰ্কিত গবেষণা আছিল ষ্টনলি মিলেগ্ৰামে ([[:en:Stanley Milgrim|Stanley Milgrim]]) চলোৱা কৰ্তৃপক্ষৰ আজ্ঞাপালনৰ ওপৰত বৈদ্যুতিক শ্বক পৰীক্ষা। ১৯৬০-ৰ পিছত, বৌদ্ধিক বিভাজন, বাহ্যিক হস্তক্ষেপ, ক্ৰোধ, বিবাদ আদিৰ দৰে বিষয়বোৰৰ অধ্যয়নত মনোবিজ্ঞানীসকলৰ আগ্ৰহ বাঢ়িছিল। কিন্তু ১৯শ শতিকাত, আমেৰিকাৰ সামাজিক মনোবিজ্ঞানৰ গৱেষণাত সংকটে দেখা দিছিল। গৱেষণাগাৰৰ পৰীক্ষাৰ বিষয়ে নৈতিক চিন্তাৰ ওপৰত উত্তপ্ত বিতৰ্ক আৰম্ভ হৈছিল। ১৯৮০ আৰু ১৯৯০-ৰ পিছত, সামাজিক মনোবিজ্ঞান অধিক পৰিপক্ব স্তৰত উপনীত হৈছিল, বিশেষকৈ তত্ত্ব আৰু পদ্ধতিৰ ক্ষেত্ৰত।