ৰাভা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Infobox language
|name = ৰাভা ভাষা
|nativename = ৰাভা কাথা
|states = [[ভাৰত]]
|region = [[অসম]], [[পশ্চিম বংগ]], [[মেঘালয়]]
|ethnicity =
|speakers = ১,৩৯,৯৮৬
|date = 2011২০১১ চনৰ লোকপিয়ল মতে
|ref =
|familycolor = চীনা-তিব্বতীয়
|fam2 = ব্ৰহ্মপুত্ৰণ
|fam3 = বড়ো-গাৰো
|fam4 = কোঁচ
|dia1 = মাইতুৰী
|dia2 = ৰংদানী
|script = [[অসমীয়া লিপি]], [[বাংলা লিপি]]
|iso3 = rah
|glotto = rabh1238
|glottorefname = Rabha
}}
 
'''ৰাভা''' ভাৰতৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। [[ৰাভা জনগোষ্ঠী]]ৰ লোকে এই ভাষা ব্যৱহাৰ কৰে। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ [[গোৱালপাৰা জিলা]], [[কামৰূপ জিলা]] আৰু [[দৰং জিলা]]ত মূলতঃ এওঁলোকৰ বসতি। তদুপৰি ভাৰতৰ [[পশ্চিম বংগ]] আৰু [[মেঘালয়]] ৰাজ্যতো ৰাভা জনগোষ্ঠীৰ লোকে ৰাভা ভাষা কয়। মাইতুৰী আৰু ৰংদানী ৰাভা ভাষাৰ দুটা মুখ্য উপভাষা। কিন্তু এই দুই উপভাষা অপসাৰী হোৱাৰ বাবে এই দুই উপভাষা কোৱা লোকে পৰস্পৰে যোগাযোগ কৰিবলৈ অসুবিধা পায়। ইউ.ভি জোচেফৰ মতে<ref>Joseph, U.V. 2000. ''Rabha–English dictionary khúrangnala''. Guwahati: Don Boco Publications.</ref> ৰাভা ভাষাৰ তিনিটা উপভাষা আছে। সেইকেইটা হ'ল : ৰংদানীয়া বা ৰংদানী, মাইতুৰীয়া বা মাইতুৰী আৰু চংগা বা কোচা। তেওঁ আৰু কয় যে কোচা উপভাষা [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰপাৰে কোৱা হয়। কিন্তু ই অত্যন্ত অপসাৰী হোৱাৰ বাবে ৰংদানী বা মাইতুৰী ভাষী সকলেভাষীসকলে কোচা ভাষা বুজি নাপায়। ৰংদানী আৰু মাইতুৰী ভাষা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে কোৱা হয় আৰু ইহঁতৰ মাজত ভিন্নতা তুলনামূলক ভাবেতুলনামূলকভাৱে কম। এই ভাষা দুটা ঘাইকৈ অসমৰ [[গোৱালপাৰা জিলা]] আৰু মেঘালয়ৰ উত্তৰৰ ঢালত কোৱা হয়। ৰংদানী আৰু মাইতুৰীৰ মাজত পাৰ্থক্য যিমানে পশ্চিমলৈ যোৱা যায় সিমানেই বিদ্যমান হয়। ২০০৭ চনত তেওঁ ৰাভা ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিছিল।কৰিছিল৷<ref>Joseph, U.V. 2007. ''Rabha''. Leiden: Brill.</ref> ৰাভা ভাষা মূলত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। ই ব্ৰহ্মপুত্ৰণ উপপৰিয়ালৰ বড়ো-গাৰো ঠাঁলৰ ভাষা। ৰাভা ভাষাৰ নিজা লিপি নাই। এই ভাষা লিখিবলৈ [[অসমীয়া লিপি]] আৰু [[বাংলা লিপি]] ব্যৱহাৰ কৰা হয়। ৰাভা ভাষা [[ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ]]ৰ চৰকাৰী ভাষা।
 
==বৈশিষ্ট্য==
ৰাভা ব্যাকৰণসন্মত ভাষা আৰু ইয়াৰ নিজা গাণিতিক সংখ্যাও আছে। ৰাভা ভাষায়ে ব্যাকৰণৰ পদ, শব্দৰূপ, ধাতুৰূপ ইত্যাদি নিয়ম মানি চলে। তদুপৰি ৰাভা ভাষাৰ খণ্ড বাক্য আৰু জতুৱা ঠাঁচেৰে নিজা প্ৰকাশভংগী আছে।
"https://as.wikipedia.org/wiki/ৰাভা_ভাষা"ৰ পৰা অনা হৈছে