এপ'ল': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
28 নং শাৰী:
এপ'ল' হৈছে দেৱতাসকলৰ ৰজা জ্যুচ আৰু তেওঁৰ পূৰ্বৰ পত্নী লেট'ৰ সন্তান।<ref>Homer, ''Iliad'' 21.499</ref> বনদেৱী কৰ্থেলিয়া আৰু এলেথিয়াৰ সৈতেই এপ'ল' ডাঙৰ-দীঘল হৈছিল।<ref>Plutarch, ''Moralia'' 657e</ref>
লেট' গৰ্ভৱতী হোৱাৰ সম্ভেদ পাই জ্যুচৰ পত্নী হীৰাই তেওঁক ভূমিত প্ৰসৱ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰে। লেট'ই বহু ঠাইত আশ্ৰয় বিচাৰি যায় যদিও হীৰাৰ ৰোষত পৰাৰ ভয়ত সকলোৱে তেওঁক নিৰাশ কৰে। অৱশেষত গৰ্ভস্থ এপ'ল'ই মাকক ডিল'ছ নামৰ এক ভাসমান ভূখণ্ডৰ বিষয়ে জনায় যি পূৰ্বতে লেট'ৰেই নিজা ভগ্নী এষ্টেৰিয়া আছিল।<ref name="Callimachus, Hymn to Delos">Callimachus, ''Hymn to Delos''</ref> যিহেতু ডিল'ছ এক মূল ভূমিখণ্ডও নহয় বা দ্বীপো নহয় সেয়েহে সেই ঠাইখণ্ডত লেট'ক আদৰণি জনোৱা হয় আৰু এজোপা পাম গছৰ তলতেই লেট'ই তেওঁৰ দুই সন্তানৰ জন্ম দিয়ে। হীৰাৰ বাহিৰে সকলো দেৱী সেই ঠাইত উপস্থিত থাকে। এই কথাৰো উল্লেখ পোৱা যায় যে লেট'ৰ প্ৰসৱ বেদনাৰ পৰ্যায় পোৱাটো ৰোধ কৰিবলৈ হীৰাই প্ৰসূতি দেৱী এইলেথিয়াক অপহৰণ কৰি ৰাখিছিল। কিন্তু বাকী দেৱতাসকলে ছলেৰে হীৰাক এডাল ৮.২ মিটাৰ দৈৰ্ঘ্যৰ এডাল হাৰ উফাৰউপহাৰ দি এইলেথিয়াক মুকলি কৰে।<ref>Homer, ''Hymn to Apollo''</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/এপ%27ল%27"ৰ পৰা অনা হৈছে