এপ'ল': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
17 নং শাৰী:
এপ'ল'ক ডেলফিৰ ৰক্ষক আৰু গ্ৰীক ভৱিষ্যৎবক্তা অৰ্থাৎ অৰেকলসকলৰ দেৱতা হিচাপে গণ্য কৰা হয়। তেওঁ সমুদ্ৰ পথৰ যাত্ৰী আৰু বিদেশী লোকসকলৰ পৃষ্ঠপোষক তথা পলৰীয়া আৰু শৰণাৰ্থীসকলৰো ৰক্ষক।
 
ঔষধ আৰু নিৰাময়ৰ সৈতে পোনপটীয়াকৈ বা পুত্ৰ [[এছ্‌ক্লেপিআছ]]ৰ জৰিয়তে এপ'ল'ৰ সম্পৰ্ক স্থাপন কৰা হয়। এপ'ল'ই মহামাৰীৰপৰা মানৱ সমাজক বচাই ৰাখে যদিও তেওঁ নিজৰ কাঁ‌ড়বোৰৰ যোগেদি অসুস্থতা আৰু ভয়ংকৰ মহামাৰী কঢ়িয়াই আনিব পাৰে। এপ'ল' আএউ তেওঁৰআৰুতেওঁৰ ভগ্নী আৰ্টেমিচক ধনুৰ্বিদ্যাৰ উদ্ভাৱক বুলি কোৱা হয়। সততে পোৱা বৰ্ণনা অনুসৰি তেওঁ হাতত সোণোৱালী ধনু আৰু তূণত ৰূপোৱালি কাঁ‌ড় কঢ়িয়াই লৈ ফুৰে। যুৱচামৰ ৰক্ষক হিচাপে এপ'ল' শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ সৈতে জড়িত। তেওঁ‌ শিশুসকলৰ প্ৰাপ্তবয়স্ক প্ৰাপ্তিৰ ওপৰত নজৰ ৰাখে। বয়স্ক হোৱাৰ পিছত শিশুসকলৰ দীঘল চুলি কাটি এপ'ল'ৰ নামত উছৰ্গা কৰা হয়।
 
এপ'ল' পশুপালক আৰু ভেঁ‌ড়াৰখীয়াসকলৰ পৃষ্ঠপোষক। পশু-পক্ষীৰ জাক আৰু শস্যসমূহক ৰোগ, অপকাৰী কীট-পতঙ্গ আৰু চিকাৰী জন্তুৰ হাতৰপৰা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক দায়িত্বসমূহৰ অন্যতম। এপ'ল'ক আইন প্ৰদানকাৰীৰূপেও গণ্য কৰা হয় আৰু নগৰত আইন প্ৰণয়নৰ আগতে তেওঁৰ লগতে তেওঁৰ অৰেকলসকলৰ পৰামৰ্শ লোৱা হয়।
"https://as.wikipedia.org/wiki/এপ%27ল%27"ৰ পৰা অনা হৈছে