বিহু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Canon trooper (আলোচনা)-ই কৰা 259252 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo উলটিওৱা হৈছে
17 নং শাৰী:
 
== বিহু শব্দৰ উৎপত্তি ==
'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে [[সংস্কৃত ভাষা|সংস্কৃত]] 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে।<ref name="festivalsofindia.in">{{cite web | url=http://www.festivalsofindia.in/bihu/ | title=Origin of the Word Bihu | publisher=Pan India Internet Private Limited (PIIPL | work=festivalsofindia.in | accessdate=2013-04-13}}</ref> বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ [[দিন]] আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত। আন কিছু লোকৰ মতে, [[বড়ো জনগোষ্ঠী|বড়ো]]সকলৰ বৈচাগু, [[ডিমাছা জনগোষ্ঠী|ডিমাছা]]সকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় [[চুতীয়া জনগোষ্ঠী|চুতীয়া]], [[দেউৰী জনগোষ্ঠী|দেউৰী]], [[মৰাণ জনগোষ্ঠী|মৰাণ]] আৰু সোণোৱালসকলৰ "বিচু"ত। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একে দৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক"। পৰৱৰ্তীকালত [[অসমীয়া ভাষা]]ত "চ" উচ্চাৰণটো "হ" লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল।যিহেতু বিষুৱনৰ দিনদুটা ইংৰাজী কেলেণ্ডাৰৰ মাৰ্চ আৰু ছেপ্তেম্বৰ মাহত পৰে। এই দুটা দিনত অসমীয়া মানুহে কোনো এটা বিহু পালন নকৰে। গতিকে ইয়াৰ পৰাই পষ্ট যে "বিষুৱন/বিচু" শব্দৰ লগত অসমীয়াৰ বিহুৰ সম্বন্ধ নাই। বিহু হ'ল অসমীয়া মানুহৰ সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ। তাই [[আহোম]] শব্দ "পয়-বিহু/পিউ/পিহু" ৰ পৰাই "বিহু" শব্দৰ উৎপত্তি বুলি জনা যায়। যিহেতু [[আহোম]]সকলেই অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীয়ে কয়।হʼল।
 
বিহু চ'ত মাহত আৰম্ভ হৈ বহাগ মাহত শেষ হয়। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি।
 
''{{Quote|text=“হুচৰী এ চʼত,<br />আমি বিহু মাৰো য'ত,<br />দেহি ঐ দুবৰি নগজে ত'ত ?”}}''
 
বৈদিক প্ৰভাব পৰা আগতে বিহু/বিচু ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈছিল। [[শদিয়া]] অঞ্চলৰ লোকসকলৰ লগতে দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিও আগৰ দিনৰ দৰে সেই দিনটোতে আৰম্ভ কৰে। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি।
"https://as.wikipedia.org/wiki/বিহু"ৰ পৰা অনা হৈছে