বিহু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Canon trooper (আলোচনা)-ই কৰা 259252 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo উলটিওৱা হৈছে
টেগ্‌: উলটিওৱা হৈছে
46 নং শাৰী:
''{{Quote|text="মান দেশত আছিলে মানতৰা এযুৰি<br />আছিলে নৰিয়াত পৰি,<br />যেতিয়া শুনিলে বিহুৰে বতৰা<br />আহিলে কাছুৰি ধৰি।”}}''
 
ইয়াৰ পৰাই বুজা যায় বিহু মানদেশৰ ফালৰ পৰাই আহিছে।{{উদ্ধৃতিৰ প্ৰয়োজন}} অৰ্থাৎ মান দেশৰ ফালৰ পৰা [[আহোম]]সকলৰ লগতেই আহিছে। বুৰঞ্জীত বিচাৰ কৰিলেও তাকেই পোৱা যাব।
অসম তথা ভাৰততেই প্ৰণালীবদ্ধ বুৰঞ্জী প্ৰণয়নৰ প্ৰথা তাই সকলেই প্ৰথমে প্ৰৱৰ্তন কৰে বুলি পণ্ডিতসকল একমত। [[আহোম]] ভাষাত লিখিত বুৰঞ্জী সমূহক দুটা ভাগত ভাগ কৰা হৈছে। দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। পৃথিৱীৰ সৃষ্টিৰ পৰা খুনলুং খুনলাই আহি ম্যুংৰিমুংৰামত ৰাজ্য স্থাপন কৰালৈকে বিৱৰণ থকা অংশক দেও বুৰঞ্জী নাৰু তাৰ পিছৰ কালৰ [[আহোম]] ৰাজত্বৰ বিৱৰণ থকা বুৰঞ্জী (দ্যুন) অৰ্থাৎ পৃথিৱীৰ বুৰঞ্জী বুলি আহোম বুৰঞ্জীবিদসকলে কৈ গৈছে।{{উদ্ধৃতিৰ প্ৰয়োজন}}
দেও বুৰঞ্জীৰ মতে তাই [[আহোম]]সকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাই। ৫৬৮ খৃষ্টাব্দতে য়ুন্নান দেশৰ (গৰম পানীৰ উহ থকা ঠাই) ম্যুংৰি-মুংৰামত (ম্যুং-দেশ,ৰি-এৰা, ম্যুং-দেশ, ৰাম-নিৰ্জন) প্ৰথম ৰাজ্য স্থাপন কৰা খুনলুং খুনলায়ে লেংদনৰ পৰা পাইছিল- চুম ফ্ৰাৰুংচেংম্যুঙ (চুমদেও), হেংদান, কাইছেংমুঙ(কুকুৰা) আৰু এযোৰ ঢোল।{{উদ্ধৃতিৰ প্ৰয়োজন}} সেই দিন ধৰি অসমত [[আহোম]] স্বৰ্গদেও সকলৰ ছশ বছৰীয়া ৰাজত্ব কাললৈকে চুমদেউৰ পূজা, হেংদান, কাইছেংমুঙ আৰু ঢোলৰ ব্যৱহাৰ আহোম সমাজত অপৰিহাৰ্য আছিল।
অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে।{{উদ্ধৃতিৰ প্ৰয়োজন}} মানুহে কৃষিক মূল জীৱিকা কৰি ল’বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিবৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ।
 
অসমীয়া সমাজত এটি জনপ্ৰবাদ প্ৰচলিত আছে।
"https://as.wikipedia.org/wiki/বিহু"ৰ পৰা অনা হৈছে