অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
'''অতি পৰিবাহিতা''' ({{Lang-en|Super Conductivity}}) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে। বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায়।
==ধাৰণা==
[[File:Meissner effect.ogv|thumb|এডাল ধাতৱীয় NdFeB চুম্বক আৰু উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ(ক'লাবৰণীয়া) মাজত দেখিবলৈ পোৱা মেইছনাৰ প্ৰভাৱ]]
পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে দেখিছিল যে, যেতিয়া পাৰাৰ তাঁৰ এডালক ৪ কেলভিন অৰ্থাৎ,(-২৬৯ ডিগ্ৰী ছেলছিয়াছ)লৈ নি শীতলীকৰণ কৰা হয়,তেতিয়া তাঁৰডালত থকা বৈদ্যুতিক ৰোধ সম্পূৰ্ণ অদৃশ্য হৈ পৰে। তাৰ পিছত তেওঁ পুনৰ আৱিষ্কাৰ কৰিলে যে, অতিপৰিবাহী পদাৰ্থক সাধাৰণ অৱস্থালৈও লৈ যাব পৰা যায়। তাৰ বাবে সেই পদাৰ্থৰ মাজেৰে উচ্চপৰিমাণৰ বৈদ্যুতিক প্ৰৱাহ চালিত কৰিব লাগিব অথবা উচ্চ পৰিমাণৰ চুম্বকক্ষেত্ৰৰ সংস্পৰ্শত
সেই আৱিষ্কাৰটো হোৱাৰ বহু বছৰ পাছলৈকে ভবা হৈছিল যে, ''শূন্য ৰোধ'' আৰু ''অসীম বৈদ্যুতিক প্ৰৱাহ''ৰ বাহিৰে অতিপৰিবাহী পদাৰ্থৰ অইন কোনো বৈশিষ্ট্য নাই। কিন্তু ১৯৩৩ চনত এই ধাৰণা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ'ল। তাৰ পৰিৱৰ্তে গম পোৱা গ'ল যে, এই অতিপৰিবাহী পদাৰ্থবোৰে '''দ্বিচুম্বকত্ব বা অপচুম্বকত্ব''' (Diamagnetism)ৰ ধৰ্ম প্ৰদৰ্শন কৰে। অৰ্থাৎ ইহঁত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা গভীৰভাৱে বিকৰ্ষিত হয়। অতিপৰিবাহী পদাৰ্থৰ এই বিশেষ গুণটোক '''মেইছনাৰ প্ৰভাৱ''' (Meissner effect) বুলি কোৱা হয়। মেইছনাৰ প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ পাছত,১৯৩৪ চনত, অতিপৰিবাহী পদাৰ্থৰ বিদ্যুৎ-চুম্বকীয় ধৰ্মসমূহক সাঙুৰি এক বিশেষ তত্ত্ব সৃষ্টি কৰা হয়। এই তত্ত্বই অতিপৰিবাহী পদাৰ্থত ''বিদ্যুৎ-চুম্বকীয় ভেদন গভীৰতা'' থকাৰ সম্ভাৱনা ব্যক্ত কৰে। ১৯৩৯ চনত সেই সম্ভাৱনাটোক পৰীক্ষাগৃহত সত্য বুলি প্ৰমাণিত কৰা হয়। ১৯৬২ চনত ব্ৰিটেইনৰ পদাৰ্থ বিজ্ঞানী ব্ৰায়ান ডি. জোছেফছনে ধাৰণা কৰে যে, যদি দুটা অতিপৰিবাহী বস্তুক বৈদ্যুতিক সংস্পৰ্শত ৰখা হয়, তেনেহ'লে সিহঁতে কেতবোৰ বিদ্যুৎ-চুম্বকীয় ধৰ্ম দেখুৱাব পাৰে।
==শেহতীয়া গৱেষণা==
|